ETV Bharat / state

নৱগ্রহ শ্মশান নিৰামুহীয়া শিৱ মন্দিৰত মহাশিৱৰাত্ৰিৰ আয়োজন - JagatGuru of Bhanpura Peeth

Rudra Yagya: শ্রীশ্রী নৱগ্রহ শ্মশান নিৰামুহীয়া শিৱ মন্দিৰত অহা ৫ মাৰ্চৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে মহাশিৱৰাত্ৰি আৰু ৰুদ্রযজ্ঞৰ । ৰুদ্ৰযজ্ঞ পৰিচালনা সমিতিয়ে আজি এক সংবাদমেলত সদৰী কৰিছে কাৰ্যসূচী ।

Rudra Yagya Committee Press conference
শ্রীশ্রী নৱগ্রহ শ্মশান নিৰামুহীয়া শিৱ মন্দিৰ
author img

By ETV Bharat Assamese Team

Published : Mar 3, 2024, 8:37 PM IST

শ্রীশ্রী নৱগ্রহ শ্মশান নিৰামুহীয়া শিৱ মন্দিৰ

গুৱাহাটী, ৩ মাৰ্চ: শ্রীশ্রী নৱগ্রহ শ্মশান নিৰামুহীয়া শিৱ মন্দিৰৰ উদ্যোগত এইবেলি ২৮ তম বার্ষিক মহাশিৱৰাত্ৰি আৰু ৰুদ্রযজ্ঞৰ আয়োজন কৰা হৈছে । অহা ৫ পৰা ৮ মাৰ্চলৈ চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা এই ৰুদ্রযজ্ঞৰ । ৫ মাৰ্চত শুভ উদ্বোধনী অনুষ্ঠানত গোবর্দ্ধন পীঠৰ জগতগুৰু শঙ্কৰাচাৰ্য্য শ্রীশ্রী অধ্যোক্ষজানন্দ মহাপ্রভু, ভানপূৰা পীঠৰ জগতগুৰু শঙ্কৰাচাৰ্য্য শ্ৰীশ্ৰী জ্ঞানানন্দ তীৰ্থ মহাপ্ৰভুৰ লগতে ৰাজ্যপাল গোলাব চান্দ কটাৰিয়া আৰু কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল উপস্থিত থাকিব । লগতে মহাপীঠ কাশীৰ পৰা কেইগৰাকী আধ্যাত্মিক পণ্ডিতে এই অনুষ্ঠানত উপস্থিত থাকিব বুলি সদৰী কৰিছে ৰুদ্ৰযজ্ঞ পৰিচালনা সমিতিৰ সভাপতি বিজন মহাজনে । দেওবাৰে ইয়াত আয়োজিত এক সংবাদমেলত তেওঁ এই বিষয়ে উল্লেখ কৰে ।

ৰুদ্ৰযজ্ঞ পৰিচালনা সমিতিৰ সভাপতি বিজন মহাজনে কয় যে অহা ৫ মাৰ্চত সন্ধিয়া ৭ বজাত ভক্তিমূলক সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব অভিনেতা যতীন বৰাই । ইয়াৰ পিচতেই সন্ধিয়া ৭-৩০ বজাত নাগাৰা নাম পৰিৱেশন কৰিব কৰিশ্মা নাথ আৰু সংঙ্গীবৃন্দই । অহা ৬ মাৰ্চত আবেলি ৫ বজাত কাশীৰ মহাআৰতি, ৫-৩০ বজাত ভানপুৰা পীঠৰ শঙ্কৰাচাৰ্য্য স্বামী শ্রীশ্রীজ্ঞানানন্দ তীর্থ মহাপ্ৰভুৱে অমৃত বাণী বিলাব । তদুপৰি সন্ধিয়া ৬-৩০ বজাত ভক্তিমূলক সাংস্কৃতিক অনুষ্ঠান মুকলি কৰিব অভিনেত্রী গায়ত্রী মহন্তই । ভক্তিমূলক সাংস্কৃতিক অনুষ্ঠানত আমন্ত্রিত শিল্পী জিন্টি ডেকাই নাগাৰা নাম পৰিৱেশন কৰিব ।

অহা ৭ মাৰ্চ বৃহস্পতিবাৰে সন্ধিয়া ৬ বজাত কাশীৰ মহাআৰতিৰ পিচত ভক্তিমূলক সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰিব জুবিন গাৰ্গে । অহা ৮ মাৰ্চ শুক্ৰবাৰে পুৱা ১১ বজাত শিশু-চেমনিয়াৰ চিত্রাংকন প্রতিযোগিতা (অংকুৰৰ পৰা নৱম শ্ৰেণীলৈ ), দিনৰ ১ বজাত ৰুদ্ৰযজ্ঞৰ পূৰ্ণআহুতি, বিয়লি ৩ বজাৰ পৰা ভেশছন প্রতিযোগিতা অনুষ্ঠিত হ'ব ।

আনহাতে, সন্ধিয়া ৬ বজাত বঁটা-বিতৰণি সভাত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰিব গুৱাহাটী পৌৰ নিগমৰ পৌৰপতি মৃগেণ শৰণীয়াই । সন্ধিয়া ৭ বজাত ভক্তিমূলক সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব পৰিবহণ বিভাগৰ উপায়ুক্ত গৌতম দাসে । সন্ধিয়া ৭-৩০ বজাৰ পৰা হলিৰাম দাস, গুণধৰ কলিতা আৰু সঙ্গীবৃন্দই বীৰনাম পৰিৱেশন কৰিব । নিশা ৮-৩০ বজাত হীৰকজ্যোতি শৰ্মাই ভক্তিমূলক গীত পৰিৱেশন কৰিব বুলি সদৰী কৰিছেৰুদ্ৰযজ্ঞ পৰিচালনা সমিতিৰ সভাপতি বিজন মহাজনে ।

লগতে পঢ়ক:জোনাইত পঃৰাগ উৎসৱক লৈ ব্যাপক প্ৰস্তুতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.