ETV Bharat / state

লক্ আপৰ ভিতৰতে লুটফুৰৰ আত্মহত্যাই লৈছে নতুন মোৰ - Suicide In Police Station - SUICIDE IN POLICE STATION

Suicide Inside Lock UP: মঙলবাৰে বৰপেটাৰ মন্দিয়া আৰক্ষী চকীত লক্ আপৰ ভিতৰতে আত্মহত্যা কৰিছিল লুটফুৰ ৰহমান নাামৰ এজন অভিযুক্তই । যাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য । ঘটনাই লৈছে নতুন মোৰ । পিছে কাৰ নিৰ্দেশত চুৰিকাণ্ড সংঘটিত কৰিছিল লুটফুৰ ৰহমানে ।

Lutfur's suicide inside the lock-up has taken a new turn in Barpeta
লক্ আপৰ ভিতৰতে লুটফুৰৰ আত্মহত্যাই লৈছে নতুন মোৰ
author img

By ETV Bharat Assamese Team

Published : Apr 24, 2024, 2:13 PM IST

লক্ আপৰ ভিতৰতে লুটফুৰৰ আত্মহত্যাই লৈছে নতুন মোৰ

বৰপেটা,২৪ এপ্ৰিল: মঙলবাৰে বৰপেটাৰ মন্দিয়া আৰক্ষী চকীত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা ৷ লক্ আপৰ ভিতৰতে ৰহস্যজনকভাৱে আত্মহত্যা কৰে এজন অভিযুক্তই । চুৰিৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল যুৱকজন । পিছে বৰপেটাৰ বাঘবৰত মন্দিয়া আৰক্ষী চকীৰ ভিতৰত চুৰিৰ অভিযোগত অভিযুক্তৰ আত্মহত্যাৰ ঘটনাই এতিয়া লৈছে নতুন মোৰ ৷

বন্ধুৰ কথামতে বন্ধুৰ গ্ৰাহক সেৱা কেন্দ্ৰত চুৰিৰ নাটক কৰিছিল বুলি উল্লেখ কৰে পৰিয়ালৰ লোকে ৷ পৰিয়ালৰ অভিযোগ অনুসৰি বন্ধু জামালউদ্দিনে প্ৰৱঞ্চনা কৰি বন্ধু লুটফুৰ ৰহমানক মাৰধৰ কৰি আৰক্ষীক গটাই দিয়াৰ পিছতে আৰক্ষী চকীতে আত্মহত্যা কৰিছিল লুটফুৰে ৷ বাঘবৰৰ সত্ৰকনৰা বজাৰত থকা গ্ৰাহক সেৱা কেন্দ্ৰটোৰ স্বত্বাধিকাৰী জামালউদ্দিনে বন্ধু লুটফৰ ৰহমানৰ হতুৱাই গ্ৰাহক সেৱা কেন্দ্ৰটোৰ পৰা চুৰি কৰিছিল ধন ৷

ইপিনে লুটফুৰ ৰহমানে ধনখিনি চুৰি কৰি জমা দিয়ে বন্ধু জামালউদ্দিনক ৷ তেওঁলোকে কেন্দ্ৰটোত চুৰি হোৱা বুলি কৈ কেন্দ্ৰটোৰ ধন আত্মসাতৰ অভিসন্ধি ৰচিছিল যদিও লুটফুৰ আৰক্ষীৰ জালত পৰাৰ পিচতে লাজে-অপমানে আত্মহত্যা কৰিবলৈ বাধ্য হয় ৷ লুটফৰৰ পত্নীয়ে কৰা অভিযোগ অনুসৰি জামালউদ্দিনে লুটফুৰক ফোন কৰি মাতি নি তেওঁৰ হতুৱাই নিজ কেন্দ্ৰত চুৰি কৰাই লুটফৰৰ ওপৰত চুৰিৰ সমস্ত অভিযোগ জাপি দিয়়াৰ বাবেই স্বামীয়ে আত্মহত্যা কৰিব লগা হয় ৷

এই ঘটনাৰ পিছতে মঙলবাৰে নিশা মন্দিয়া আৰক্ষী চকীত বহুসংখ্যক লোক সমবেত হৈ ঘটনাটোৰ অনুসন্ধান দাবী কৰে ৷ আনকি বৰপেটাৰ উপ আৰক্ষী অধীক্ষক জিতেশ বৰ্মণ ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলগীয়া হয় ৷ ইতিমধ্যে জামালউদ্দিনৰ লগতে মুঠ ৯ অভিযুক্তৰ বিৰুদ্ধে লুটফুৰৰ পৰিয়ালে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে আৰু কেন্দ্ৰটোত নাটকীয়ভাৱে ধন চুৰিৰ ঘটনাটোৰ সঠিক তদন্তৰ দাবী জনাই ৷ ইপিনে আৰক্ষীয়ে মৃত লুটফুৰৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ লগতে ঘটনাটোৰ অনুসন্ধান আৰম্ভ কৰিছে ৷

লগতে পঢ়ক: লক্ আপৰ ভিতৰতে ৰহস্যজনক আত্মহত্যা যুৱকৰ - Suicide In Police Station

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.