ETV Bharat / state

৩৯ বছৰে অসম চুক্তি ৰূপায়ণ কৰিব নোৱৰাটো লাজৰ বিষয় : লুৰীণজ্যোতি গগৈ - 39 years of Assam Accord

author img

By ETV Bharat Assamese Team

Published : Aug 13, 2024, 10:08 PM IST

Lurinjyoti Gogoi on Assam Accord : কাইলৈ অৰ্থাৎ ১৪ আগষ্টত অসম চুক্তিয়ে সম্পূৰ্ণ কৰিব ৩৯ বছৰ ৷ অথচ এতিয়ালৈকে কাৰ্যকৰী নহ’ল চুক্তিখন ৷ শক্তিশালী ভাৰত ৰাষ্ট্ৰই অংগৰাজ্যৰ জনসাধাৰণক দিয়া প্ৰতিশ্ৰুতি ৩৯ বছৰে পূৰণ কৰিব নোৱৰাটো লাজ আৰু দুৰ্ভাগ্যৰ কথা বুলি মন্তব্য কৰিছে লুৰীণজ্যোতি গগৈয়ে ৷

Lurinjyoti Gogoi on Assam Accord
অসম চুক্তি ৰূপায়ণৰ সন্দৰ্ভত অসম জাতীয় পৰিষদ (ETV Bharat Assam)

নিউজ ডেস্ক, ১৩ আগষ্ট : ‘‘ভাৰতৰ দৰে মহাশক্তিধৰ ৰাষ্ট্ৰৰ বাবে অসম চুক্তি ৰূপায়ন কৰিব নোৱৰাটো দুৰ্ভাগ্যজনক আৰু লাজৰ বিষয়৷’’ - এই মন্তব্য অসম জাতীয় পৰিষদৰ ৷

মঙলবাৰে এক সংবাদমেল সম্বোধন কৰি অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়, ‘‘১৯৮৫ চনৰ ১৪ আগষ্টৰ মাজনিশা অসমচুক্তি স্বাক্ষৰিত হৈছিল ৷ সেই হিচাপত কাইলৈ অসমচুক্তি স্বাক্ষৰিত হোৱাৰ ৩৯ বছৰ সম্পূৰ্ণ হ’ব ৷ অসমচুক্তি স্বাক্ষৰৰ আগৰ ছবছৰত দীঘলীয়া গণ আন্দোলন হৈছিল ৷’’

লুৰীণজ্যোতি গগৈয়ে কয়, ‘‘ দীঘলীয়া গণ আন্দোলনত ৮৫৫জনে প্ৰাণ দিছিল, হাজাৰ হাজাৰ লোক ঘুণীয়া হৈছিল ৷ লাখ লাখ অসমবাসী ৰাইজ ৰাজপথলৈ নামি আহিছিল ৷ ক্ষোভিত ৰাইজৰ আৱেগক সন্মান জনাই ভাৰতৰ সেই সময়ৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে অসমচুক্তিত স্বাক্ষৰ কৰিছিল ৷ চুক্তিত চহী মানে ভাৰত ৰাষ্ট্ৰই অসমবাসী ৰাইজক দিয়া কেইটামান প্ৰতিশ্ৰুতি ৷ আজি বিশ্বগুৰু হ’বলৈ যোৱা ভাৰতৰ দৰে এখন শক্তিশালী ৰাষ্ট্ৰই নিজৰে এখন অংগৰাজ্যৰ জনসাধাৰণক দিয়া প্ৰতিশ্ৰুতি ৩৯ বছৰে পূৰণ কৰিব পৰা নাই ৷ ইয়াতকৈ লাজৰ কথা আৰু কি হ’ব পাৰে ! এয়া দুৰ্ভাগ্যজনক ৷’’

দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা, মুখ্য উপদেষ্টা বসন্ত ডেকা, সম্পাদকদ্বয় চিত্তৰঞ্জন বসুমতাৰী আৰু জিয়াউৰ ৰহমানৰ উপস্থিতিত আয়োজিত সংবাদমেলখনত গগৈয়ে কয়, ‘‘শেহতীয়াভাৱে বাংলাদেশত সৃষ্টি হোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সেই দেশৰ পৰা ভাৰত বা অসমলৈ ব্যাপক হাৰত অনুপ্ৰৱেশ ঘটাৰ সম্ভাৱনা ব্যক্ত কৰা হৈ আছে ৷ অসমতে একাধিক সংগঠনে সেই দেশৰ আক্ৰান্ত সংখ্যালঘু নাগৰিকক ভাৰতলৈ লৈ আনিব লাগে বুলি দাবী কৰিছে ৷ পশ্চিমবংগৰ সীমান্ত এলেকাত অসমত প্ৰৱেশ কৰিবলৈ বিচাৰি সীমান্ততত ৰৈ থকা হাজাৰ হাজাৰ লোকৰ ফটো আৰু ভিডিঅ' সংবাদ মাধ্যমত প্ৰকাশ পাইছে ৷ স্বয়ং অসম আৰক্ষীৰ সঞ্চালক প্ৰধানে অসমলৈ সোমাব বিচৰা বাংলাদেশীক সীমান্তত আটক কৰা বুলি সংবাদ মাধ্যমৰ আগত ৰাজহুৱাকৈ স্বীকাৰ কৰিছে ৷

এনে পৰিস্থিতিত অসম-বাংলা সীমান্তৰ অৱস্থা নিৰীক্ষণ কৰিবলৈ কালি সংবাদ মাধ্যমক লগত লৈ অসম জাতীয় পৰিষদৰ এটা প্ৰতিনিধি দল মানকাচৰলৈ গৈছিল ৷ তালৈ যোৱাৰ পিচত কালো নদীৰ কাঁইটীয়া তাঁৰৰ বেৰ কেনেকৈ নষ্ট হৈ অস্তিত্বহীন হৈ গৈছে আৰু এতিয়াও বাংলাদেশৰ পৰা অসমলৈ মানুহ আহি থকা বা অসমৰ পৰা বাংলীদেশলৈ গৰু-মহ তথ্য অন্য চোৰাং সামগ্ৰী সেই অঞ্চলেদি অহা-যোৱা হৈ থাকে, সেয়া স্থানীয় ৰাইজে প্ৰকাশ কৰাটো প্ৰতিনিধি দল আৰু সাংবাদিকসকলে স্বচক্ষে দেখিছে আৰু শুনিছে ৷ ইয়াৰ পৰাই সীমান্ত নিৰাপত্তাৰ প্ৰকৃত ছবিখন স্পষ্ট হৈ পৰিছে ৷’’

জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে কয়, ‘‘২০১৬ চনৰ ৫ এপ্ৰিলত বিজেপি দলৰ সেই সময়ৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে অসমলৈ আহি কৈছিল যে ৰাজ্যত বিজেপি চৰকাৰ গঠিত হ'লে সীমান্ত এনেকৈ ছীল কৰা হ'ব যে মানুহ নালাগে, বাংলাদেশৰ পৰা চৰাই এটাও আহি সোমাব নোৱাৰে ৷ ২০১৯ চনৰ ৫ মাৰ্চত অসমলৈ আহি কেন্দ্ৰীয় গৃহমন্ত্ৰী হিচাপে তেওঁ কৈছিল যে নৰেন্দ্ৰ মোদী চৰকাৰৰ দিনত সীমান্ত ইমানেই নিৰাপদ যে মানুহ নালাগে, বাংলাদেশৰ পৰা চৰাই এটা আহি অসমত সোমাব নোৱাৰে ৷ বিগত লোকসভা নিৰ্বাচনৰ সময়ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ৰ চাবুৱাত এখন নিৰ্বাচনী সভাত কৈছিল যে সীমান্ত ইমানেই নিৰাপদ যে মানুহ নালাগে, বাংলাদেশৰ পৰা চৰাই এটা আহি অসমত সোমাব নোৱাৰে৷ কিন্তু সীমান্তৰ বাস্তৱ ছবিখন জাতীয় পৰিষদে কালি মানকাচৰত চাই আহিল আৰু সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজেও দেখিলে ৷’’

গগৈয়ে তথ্য দাঙি ধৰি কয় যে ২০১৫ চনত উচ্চতম ন্যায়ালয়ে উপমন্যু হাজৰিকাৰ নেতৃত্বত গঠন কৰি দিয়া এজনীয়া আয়োগে ইয়াৰ প্ৰতিবেদনত কৈছিল যে অসম-বাংলা সীমান্তত ২৬৩ কিলোমিটাৰ এলেকাৰ ৪৪ কিলোমিটাৰ উন্মুক্ত হৈ আছে ৷ আনহাতে, কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ ২০২৪ চনৰ বাৰ্ষিক প্ৰতিবেদনত কোৱা হৈছে যে ভাৰত-বাংলা সীমান্তৰ অসম অংশৰ ২৬৫.৫ কিলোমিটাৰ এলেকাৰ ৬০ কিলোমিটাৰ এতিয়াও উন্মুক্ত হৈ আছে ৷ কালি মানকাচৰৰ স্থানীয় ৰাইজে জাতীয় পৰিষদৰ প্ৰতিনিধি দলটো আৰু সংবাদ মাধ্যমক জনোৱা মতে, জিলাখনৰ কালোঘাট, শিয়ালটাৰী, কুছনিমাৰা, বোৱালীয়া, ঝনঝনি আৰু শিশুমাৰা- এই ছখন সীমান্ত দলঙৰ তল আৰু কাষৰীয়া এলেকা উন্মুক্ত হৈ আছে যাৰ মাজেদি মানুহ তথা চোৰাং সামগ্ৰীৰ আহ-যাহ চলি আছে ৷

এনে পৰিপ্ৰেক্ষিতত সীমান্ত কেতিয়া ছীল কৰা হ'ব, বিদেশী চিনাক্ত আৰু বহিষ্কৰণৰ কাম কেতিয়া সম্পূৰ্ণ কৰা হ'ব, ত্ৰুটিহীন এন আৰ ছি কেতিয়া প্ৰকাশ কৰা হ'ব, অসম চুক্তি আখৰে আখৰে কেতিয়াকৈ ৰূপায়ন কৰা হ'ব আৰু বিপ্লৱ শৰ্মা সমিতিৰ প্ৰতিবেদন কেতিয়া কাৰ্যকৰী কৰিব - এইসমূহ বিষয় এইবাৰৰ ১৫ আগষ্টৰ লালকিল্লাৰ ভাষণত ঘোষণা কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দাবী জনাই লুৰীণজ্যোতি গগৈয়ে ৷

লগতে পঢ়ক : আছুক অসম চুক্তি বাতিলৰ আহ্বান ৰমাকান্ত দেউৰীৰ

6 নং দফাৰ প্ৰতিবেদন ক’ত ? প্রধানমন্ত্ৰীৰ অসম আগমনৰ পূৰ্বে আপৰ প্ৰশ্ন

৩১ জানুৱাৰী পর্যন্ত মাত্ৰ ৩০,১০১ বিদেশীক বহিষ্কাৰ: বিধানসভাৰ তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.