ETV Bharat / state

ভৰসা নাই জনপ্ৰতিনিধিৰ ওপৰত : কলগাছিয়াত ৰাইজৰ শ্ৰমদানেৰে খহনীয়া ৰোধৰ চেষ্টা - Assam Flood 2024

Beki River Erosion Protection : কলগাছিয়াৰ কাউৰঝাহি গাঁৱত জনপ্ৰতিনিধিৰ ভৰসা বাদ দি ৰাইজৰ শ্ৰমদানেৰে খহনীয়া ৰোধৰ চেষ্টা । বাঁহৰ পাৰ্কুপাইন নিৰ্মাণ কৰি খহনীয়া ৰোধৰ চেষ্টা স্থানীয় ৰাইজৰ । জনপ্ৰতিনিধিৰ বিৰুদ্ধে তীব্র ক্ষোভ খহনীয়াগ্রস্তৰ ।

author img

By ETV Bharat Assamese Team

Published : Jul 8, 2024, 4:41 PM IST

Beki River Erosion Protection
কলগাছিয়াত বেঁকী নদীৰ খহনীয়া প্ৰতিৰোধৰ চেষ্টা ৰাইজৰ (ETV Bharat Assam)

জনীয়া, ৮ জুলাই : বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কাউৰঝাহি গাঁৱত বেঁকী নদীয়ে সৃষ্টি কৰিছে বিধ্বংসী খহনীয়া । এই খহনীয়াৰ ফলত বেঁকী নৈৰ বুকুত জাহ গৈছে কেইবাটাও পৰিয়ালৰ ভেটি-মাটি ।

কাউৰঝাহিৰ ইছব বজাৰৰ পৰা বেঁকী নদীৰ নতুন সুঁতি ওলাই কেইবাটাও পৰিয়ালৰ ঘৰৰ ভেটি উছন কৰাৰ লগতে বিঘাই বিঘাই খেতিমাটি বিনষ্ট কৰিছে । কিন্তু ইমানৰ পিচতো এই অৱস্থাৰ খবৰ ল'বলৈ আহৰি পোৱা নাই জনীয়াৰ বিধায়ক ডঃ হাফিজ ৰফিকুল ইছলাম তথা বৰপেটা লোকসভা সমষ্টিৰ নৱ-নিৰ্বাচিত সাংসদ ফণীভূষণ চৌধুৰীয়ে । এক কথাত ক'বলৈ গ'লে এই বিপদৰ সময়তো গভীৰ নিদ্ৰাত আছে জনপ্ৰতিনিধিসকল ।

ফলত খহনীয়া প্ৰতিৰোধৰ বাবে দল-মত নির্বিশেষে গাঁওখনৰ ৰাইজ ওলাই আহিছে । তেওঁলোকে হাতে-কামে লাগি নিজৰ শ্ৰমদানেৰ বাঁহৰ পাৰ্কুপাইন নিৰ্মাণ কৰি নদীৰ সোঁত প্ৰতিৰোধৰ চেষ্টা চলাইছে ।

উল্লেখ্য যে এই ঠাইখিনিতে প্ৰতিবছৰে বেঁকী নদীৰ প্ৰলয়ংকৰী বানে দিশহাৰা কৰে অঞ্চলবাসীক । কেৱল সেয়াই নহয়, বেঁকী নদীয়ে কাউৰঝাহি গাঁও আৰু ইছব বজাৰ প্ৰায় নিশ্চিহ্ন কৰি পেলাইছে । যাৰ ফলত নিজৰ ঘৰ-দুৱাৰ ভাঙি নিৰাপদ স্থানলৈ ঢাপলি মেলিছে ৰাইজে । কোনোবাই যদি ৰাস্তাৰ কাষত আশ্ৰয় লৈছে, কোনোবাই বাহিৰলৈ কাম কৰিবলৈ গৈছে । আন কোনোবাই হয়তো বেলেগৰ মাটিত আশ্ৰয় লৈছে । কিন্তু আজিলৈকে কোনো জনপ্ৰতিনিধিৰ চকুত নপৰা এই গাঁওখনত নিৰ্বাচনৰ সময়ত ভিৰ কৰে নেতাসকলে ।

উল্লেখ্য, বেঁকী নদীয়ে গতিপথ সলনি কৰি ৰাইজৰ শ শ বিঘা কৃষিভূমি নৈৰ বুকুলৈ লৈ যোৱাত জনপ্ৰতিনিধিৰ ভৰসা বাদ দি এনেদৰে ৰাইজে গাঁঠিৰ ধন খৰচ কৰি শ্ৰমদানেৰে খহনীয়া প্ৰতিৰোধৰ কাম হাতত লৈছে । আনহাতে, ভুক্তভোগী ৰাইজে জনোৱা মতে, তেওঁলোকে জনপ্ৰতিনিধিক এই সন্দৰ্ভত কেইবাবাৰো অৱগত কৰিছিল । কিন্তু কোনো কাণসাৰ নিদিয়াত সোমবাৰে ৰাইজে প্ৰতিনিধিৰ ভৰসা বাদ দি নিজাববীয়াকৈ খহনীয়া প্ৰতিৰোধৰ কাম আৰম্ভ কৰে । লগতে শীঘ্ৰে খহনীয়া প্ৰতিৰোধৰ বাবে বিভাগীয় কৰ্তৃপক্ষক দাবী জনায় ।

লগতে পঢ়ক :শীঘ্ৰেই ধেমাজিৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণ হ’ব তিনিটাকৈ কালভাৰ্ট - ASSAM FLOOD 2024
লগতে পঢ়ক :টুলুঙা নাৱত উঠি বান-গৰাখহনীয়া অঞ্চল পৰিদৰ্শন সাংসদ ফণীভূষণ চৌধুৰীৰ - Assam Flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.