ETV Bharat / state

কুকুৰ পুহিলে ল’বলগীয়া সাৱধানতা : শুনক ডাঃ গিৰীণ শইকীয়াৰ মুখেৰে... - AWARNESS OF DOG BITES

author img

By ETV Bharat Health Team

Published : Aug 8, 2024, 12:36 PM IST

Precautions of dog bites : কুকুৰে কামুৰিলে কিদৰে হাত সাৰিব ৰেবিছৰ দৰে ভয়ংকৰ ৰোগৰ পৰা ৷ কুকুৰ পুহিলে কিদৰে ল’ব লাগে সাৱধানতা ? ডাঃ গিৰীণ শইকীয়াই এইবিষয়ত কি কয় ? চাওক আমাৰ এই প্ৰতিবেদনত ৷

AWARNESS OF DOG BITES
সাৱধানতা অৱলম্বন কৰি হাত সাৰক ৰেবিছৰ পৰা (free pic)

ধেমাজি, 8 আগষ্ট : ঘৰখনত এটি কুকুৰ পোহাটো বহুলোকৰে একপ্ৰকাৰ চখত পৰিণত হৈছে ৷ নগৰাঞ্চলৰ লগতে গ্ৰামাঞ্চলতো বাঢ়িবলৈ ধৰিছে কুকুৰ পোহা লোকৰ সংখ্যা ৷ বেছিভাগ লোকেই দেশীজাতৰ কুকুৰৰ সলনি উন্নত জাতৰ নাইবা বৰ্ণসংকৰ জাতৰ নানাৰঙী কুকুৰ পোহা দেখিবলৈ পোৱা গৈছে ৷ ইয়াকে কেন্দ্ৰ কৰি কুকুৰ ক্ৰয়ৰ বাবে গঢ়ি উঠিছে এক বৃহৎ বজাৰ ৷

কুকুৰ পুহিলে ল’বলগীয়া সাৱধানতা... (ETV Bharat Assam)

পিছে বহুলোকে আকৌ আন দেখিয়েই এই কাম কৰিবলৈ লৈছে ৷ যাৰ বাবে তেওঁলোকে নাজানে কুকুৰ পুহিলে ল’বলগীয়া ব্যৱস্থা নাইবা সাৱধানতাসমূহৰ কথা ৷ যিয়ে বিপদ চপাই আনিব পাৰে এনেবোৰ লোকলৈ ৷ আক্ৰান্ত হ’ব পাৰে মাৰাত্মক ৰেবিছৰ দৰে ৰোগত ৷

লগতে পঢ়ক: ৰক্তদাতাৰ সন্ধানত ৰতন টাটা : কাৰ বাবে বিচাৰিলে তেজ ? - Ratan Tata in search of blood donor

শেহতীয়াকৈ ধেমাজি জিলাতো বৃদ্ধি পাইছে কুকুৰ পোহা লোকৰ সংখ্যা ৷ পিছে কুকুৰ পুহি সাৱধানতা অৱলম্বন কৰিব নাজানিলে বা নকৰিলে হিতে বিপৰীতহে হোৱাৰ আশংকা অধিক হৈ পৰে ৷ যাৰ বাবে ইটিভি ভাৰতৰ ধেমাজিৰ সাংবাদিক প্ৰদ্যুম্ন ভৰালীয়ে এইক্ষেত্ৰত সজাগতা সৃষ্টিৰ উদ্দেশ্যৰে কাষ চাপিছিল জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত পশু চিকিৎসক ডাঃ গিৰীণ শইকীয়াৰ ৷

কুকুৰ পোহাৰ ক্ষেত্ৰত যথাযথ নীতি-নিয়ম মানি নচলিলে কেতিয়াবা ই ভয়ংকৰ বিপদ মাতি আনিব পাৰে ৷ মাথোঁ অভিজাত্য প্ৰদৰ্শন কৰা নাইবা বিনোদনৰ বাবেই কুকুৰ পোহা উচিত নহয় ৷

ডাঃ গিৰীণ শইকীয়াই সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে, "ঘৰুৱা যিবোৰ কুকুৰ আছে, সেইবোৰক জিলা পশু চিকিৎসালয়লৈ নি বেজী দিব লাগে ৷ আমাৰ ইয়ালৈ যিবোৰ কুকুৰ লৈ অনা হয়, নাইবা জিলাখনৰ পশু চিকিৎসালয়সমূহলৈ যিবোৰ কুকুৰ অনা হয়, সেইবোৰক প্ৰতিষেধক দিয়া হয় ৷ কুকুৰে কেতিয়াবা আক্ৰমণ কৰিলে বা কামুৰিলে কুকুৰৰ গৰাকীসকলৰ লগতে গৰু, ছাগলী আদিও ৰেবিছ বা জলাতংকৰ দৰে ভয়ংকৰ ৰোগত আক্ৰান্ত হ’ব পাৰে ৷ ইয়াৰ পৰা হাত সাৰিবলৈ সময়মতে বেজী লোৱা উচিত ৷ আমাৰ বিভাগৰ পৰা এক আঁচনিৰ অধীনত যোৱা বছৰ 1000 কুকুৰক প্ৰতিষেধক প্ৰদান কৰিছো ৷’’

"বিগত পাঁচ বছৰৰ তুলনাত বহু পৰিমাণে বাঢ়িছে কুকুৰ পোহা লোকৰ সংখ্যা ৷ পূৰ্বে বহু কমসংখ্যক কুকুৰ আনিছিল ভেকচিন দিবলৈ ৷ এতিয়া এনেকুৱা বহু কুকুৰ আহে ৷ গতিকে জিলাখনত ঘৰত পোহা কুকুৰৰ সংখ্যা কিমান বাঢ়িছে আমি গম পাঁও ৷ কুকুৰে কামোৰা লোকৰ চিকিৎসা আমি নকৰো যদিও তেওঁলোকক বেজী লোৱাৰ ক্ষেত্ৰত কেনেকৈ কি কৰিব লাগে, সেয়া আমাৰ ইয়াত বুজাই দিয়া হয় ৷ লগতে কুকুৰক ভেকচিন দিবলৈও লৈ অহা মানুহক একেখিনি কথা বুজাই কোৱা হয় ৷’’ পশু চিকিৎসকগৰাকীয়ে কয় ৷

লগতে পঢ়ক: 225 কিলোমিটাৰ অতিক্ৰমি খোজেৰেই ঘৰ পালেহি হেৰাই যোৱা মহাৰাজ : ৰাজকীয় আদৰণি গাঁওবাসীৰ - MAHARAJ DOG

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.