ETV Bharat / state

অসমত ভিন্নধর্মী লোকৰ মাজত মাটি ক্রয়-বিক্রয়ত তিনি মাহলৈ নিষেধাজ্ঞা - Land sale NOC in Assam

Land sale NOC Assam: আগন্তুক তিনিমাহলৈ অন্য ধৰ্মৰ লোকৰ মাজত ক্ৰয়-বিক্ৰয় কৰিব নোৱাৰিব মাটি ৷ লোকসভা নিৰ্বাচনৰ পূৰ্বে মাটি-বাৰী বিক্ৰীক লৈ অসম চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ।

author img

By ETV Bharat Assamese Team

Published : Mar 23, 2024, 8:59 PM IST

Land sale NOC Assam
ভিন্নধর্মী লোকৰ মাজত মাটি ক্রয়-বিক্রয়ত তিনি মাহলৈ নিষেধাজ্ঞা

গুৱাহাটী, ২৩ মার্চ: আগন্তুক তিনিমাহলৈ অসমত এটা ধৰ্মৰ লোকে আন এটা ধৰ্মৰ লোকৰ মাজত মাটি ক্ৰয়-বিক্ৰয় কৰিব নোৱাৰিব ৷ লোকসভা নিৰ্বাচনৰ আগমুহূৰ্তত মাটি-বাৰী বিক্ৰীক লৈ অসম চৰকাৰে নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ পূৰ্বেই লৈছে এক গুৰুত্বপূৰ্ণ সিধান্ত ।

অসম চৰকাৰৰ ৰাজহ বিভাগে এই প্ৰসংগত জাৰি কৰিছে এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা । ৰাজ্য চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে এক নিৰ্দেশনাযোগে ৰাজ্যখনত ভিন্নধর্মী লোকৰ মাজত ভূমি ক্ৰয়-বিক্ৰয়ত নিষেধাজ্ঞা জাৰি কৰিছে ।

ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মুখ্য সচিব জি ডি ত্ৰিপাঠীয়ে জাৰি কৰা নিৰ্দেশনাটোত কোৱা হৈছে যে জাননী জাৰি কৰা দিনটোৰ পৰা ৩ মাহৰ বাবে বেলেগ বেলেগ ধৰ্মৰ লোকৰ মাজত ভূমি-বেচা-কিনাৰ ক্ষেত্ৰত আপত্তিবিহীন প্ৰমাণপত্ৰ (এন অ' চি) দিয়া নহ'ব ।

  • " class="align-text-top noRightClick twitterSection" data="">

অহা ৩ মাহলৈ কিনোতা আৰু বিক্ৰেতা একে ধৰ্মৰ হ'লেহে মাটি বেচা-কিনাৰ এন অ’ চি দিব ৰাজহ বিভাগে । আন ধৰ্মৰ ব্যক্তিয়ে অন্য কোনো ধৰ্মাৱলম্বী লোকৰ মালিকানাধীন মাটি ক্ৰয় কৰিব নোৱাৰিব । লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে ।

নিৰ্বাচনৰ প্ৰাকক্ষণত বেলেগ ধৰ্মৰ ব্যক্তিৰ নামত মাটি ক্ৰয়-বিক্ৰয়ত সংঘটিত জালিয়াতি, এটা ধৰ্মৰ লোকে আন এটা ধৰ্মৰ লোকৰ মাটি বলপূৰ্বক হস্তান্তৰ কৰাৰ ফলত হ’ব পৰা সাম্প্ৰদায়িক সংঘাতৰ আশংকা ৰোধ কৰাৰ উদ্দেশ্যেৰে ৰাজ্যৰ ৰাজহ বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ।

চোৰাংচোৱাৰ প্ৰতিবেদনৰ ভিত্তিত ৰাজহ বিভাগৰ প্ৰধান সচিব জি ডি ত্ৰিপাঠীয়ে যোৱা ৭ মাৰ্চত দিয়া নিৰ্দেশনাপত্ৰত কোৱা হৈছে ৰাজ্যৰ বিভিন্ন স্থানত আন ধৰ্মৰ ব্যক্তিৰ মালিকানাধীন ভূমি আন ধৰ্মৰ লোকৰ নামত জালিয়াতিৰে হস্তান্তৰ কৰাৰ ঘটনা সংঘটিত হোৱা দেখা গৈছে ।

ন্যস্ত স্বাৰ্থ জড়িত মহলে ইয়াৰ জৰিয়তে লোকসভা নিৰ্বাচনৰ পূৰ্বে সাম্প্ৰদায়িক অশান্তি বিয়পোৱাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে ৷ সেয়ে পঞ্জীয়ন আইন ১৯০৮ৰ ২১(A) ধাৰামৰ্মে আপত্তিবিহীন প্ৰমাণপত্ৰ প্ৰদান কৰা প্ৰক্ৰিয়া বন্ধ ৰখাৰ সিধান্ত গ্ৰহণ কৰে অসম চৰকাৰে ।

এই নিৰ্দেশনা জাৰি কৰা দিন 7 মাৰ্চৰ পৰা অহা ৩ মাহলৈকে প্ৰযোগ্য হ’ব । অৱশ্যে নিৰ্দেশনাটোত কোৱা হৈছে যে এনে আপত্তিবিহীন প্ৰমাণপত্ৰ জাৰি কৰাটো অতি জৰুৰী আৰু ইয়াৰ ফলত কোনো আইন-শৃংখলা ভংগৰ পৰিস্থিত সৃষ্টি নহয় বুলি যদি জিলা আয়ুক্ত নিশ্চিত হয় তেনেহ'লে ৰাজ্য চৰকাৰৰ পঞ্জীয়ন মহাপৰিদৰ্শকৰ অনুমতি সাপেক্ষে এন অ’ চি দিয়া প্ৰক্ৰিয়া সম্পন্ন কৰিব পাৰিব ৷

লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজহ বিভাগে তিনি মাহলৈ ভিন্নধর্মী লোকৰ মাজত ভূমি বেচা-কিনা কৰাত জাৰি কৰা নিষেধাজ্ঞাই চৰকাৰৰ ৰাজহ সংগ্ৰহত বিস্তৰ প্ৰভাৱ পেলোৱাৰ লগতে সাধাৰণ জনতাকো অসুবিধা পেলোৱাৰ উপক্ৰম ঘটিছে ।

লগতে পঢ়ক: পুৰণি পেঞ্চন ব্যৱস্থা বাহাল ৰখাৰ দাবীত ৰাজ্য়জুৰি অৱস্থান ধৰ্মঘট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.