ETV Bharat / state

পুনৰ বহিঃৰাজ্যত প্ৰাণ হেৰুৱালে অসমৰ এজন লোকে - assam youth death in other state

author img

By ETV Bharat Assamese Team

Published : May 6, 2024, 11:38 AM IST

Assam youth death in other state : কৰ্মসংস্থাপনৰ বাবে বহিঃৰাজ্যলৈ গৈ অসমৰ যুৱকে মৃত্যুক আকোঁৱালি লোৱা ঘটনা নতুন নহয় ৷ পুনৰ বহিঃৰাজ্যত মৃত্যুক সাৱটিলে লখিমপুৰৰ এজন ব্যক্তিয়ে ৷

lakhimpur man mysterious death in andhrapradesh
বহিঃৰাজ্যলৈ গৈ মৃত্যু (ETV BHARAT ASSAM)

লখিমপুৰ, ৬ মে’ : পৰিয়াল পোহপাল দিবলৈ অসমৰ পৰা বহিঃৰাজ্যলৈ বুলি ওলাই যোৱা বহুলোকেই আজিলৈকে উভতি নাহিল ৷ বহুলোকৰে পৰিয়ালৰে সৈতে সংযোগ বিচ্ছিন্ন হৈ পৰাৰ লগতে বহুতে কেতিয়াও যোগাযোগেই স্থাপন নকৰিলে পৰিয়ালৰ সৈতে ৷ তেনে বাতৰি বহু সময় ধৰি সম্প্ৰচাৰ হৈয়ে আছে ৷ কিন্তু তাৰ মাজতে আমি বেছিভাগ পঢ়িবলৈ পাওঁ বহিঃৰাজ্যত অসমৰ পৰা যোৱা ব্যক্তিৰ ওপৰত হোৱা অত্যাচাৰৰ কথা, যাৰ বাবে বহুতেই মৃত্যুক আঁকোৱালি ল’ব লগা হৈছে ৷ শেহতীয়াকৈ পুনৰ তেনে এটা চৰ্চালৈ আহিছে ৷

লখিমপুৰৰ এজন লোকে বহিঃৰাজ্যত প্ৰাণ হেৰুৱাবলগীয়া হোৱা এক ঘটনা পোহৰলৈ আহিছে । তেওঁ হ’ল লখিমপুৰৰ বগীনদীৰ নিপেন কলিতা । বগীনদীৰ ঘাগৰ নগৰ নিবাসী দুৰ্লভ কলিতা আৰু সুৰমাই কলিতাৰ দ্বিতীয় পুত্ৰ নিপেন ওৰফে মইনা কলিতা (৪৬) যোৱা ১ মে’ৰ পৰা অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত নিৰুদ্দেশ হৈ আছিল ।

বিশাখাপট্টনমত তেওঁ কাম কৰি থকাৰ সময়তে নিৰুদ্দেশ হৈ পৰে । পৰিয়ালে অনেক চেষ্টা কৰিও তেওঁৰ সৈতে যোগাযোগ কৰিব পৰা নাছিল । কিন্তু দেওবাৰে সন্ধিয়া ব্যক্তিগৰাকীৰ মৃতদেহ বিশাখাপট্টনমৰ কাঞ্চাৰাপালেম থানাৰ অন্তৰ্গত ৰে'লৱে গেট ধৰমনগৰৰ সমীপত এখন দেৱালৰ কাষত উদ্ধাৰ হোৱা বুলি অন্ধ্ৰপ্ৰদেশ আৰক্ষীয়ে লখিমপুৰৰ বগীনদী থানাক অৱগত কৰে ।

উল্লেখ্য যে, যোৱা দুই মে’ত ব্যক্তিজনৰ মৃতদেহ উদ্ধাৰ হৈছিল যদিও দেওবাৰেহে অসম আৰক্ষীক অৱগত কৰা হয় । ঘটনাটো সম্পূৰ্ণ ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে । ব্যক্তিগৰাকীক কোনোবাই হত্যা কৰিলেনে অথবা অন্য কোনো কাৰণত মৃত্যু হ'ল, সেয়া এই পৰ্যন্ত পোহৰলৈ অহা নাই । অত্যন্ত দৰিদ্ৰ পৰিয়ালৰ নিপেন কলিতাৰ পত্নীসহ তিনিটাকৈ সন্তান আছে ।

পৰিয়াল পোহপাল দিয়াৰ নামত বহিঃৰাজ্যলৈ গৈ ৰহস্যজনকভাৱে তেওঁ মৃত্যুক সাৱটি লোৱাত সমগ্ৰ বগীনদী অঞ্চলত শোকৰ ছাঁ পৰিছে । পৰিয়ালৰ লোকে ঘটনাটোৰ এটা তদন্ত দাবী কৰাৰ লগতে মৃতদেহটো অনাৰ ক্ষেত্ৰত ব্যবস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে ।

লগতে পঢ়ক : বিধিৰ বিপাক, ধনৰ অভাৱত ঘৰলৈ আনিব নোৱাৰিলে মৃতদেহ - Death after falling off train

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.