ETV Bharat / state

জলসিঞ্চন নলাৰে নবয় পানী, বৰষুণলৈ ক্ষণ গণিছে কৃষকে - irrigation scheme in moran

author img

By ETV Bharat Assamese Team

Published : May 19, 2024, 3:27 PM IST

Updated : May 19, 2024, 5:07 PM IST

Poor Irrigation Scheme: খেতিৰ বাবে পানী বিচাৰি হাহাকাৰ কৃষক ৰাইজৰ ৷ আঁচনি থকাৰ পাছতো বতৰৰ ওপৰতে নিৰ্ভৰ কৰি খেতি কৰিবলগীয়াত হৈছে ৰাজ্যৰ কৃষকে ৷

irrigation scheme in moran is non functional farmers-are-in-trouble
দশকৰো অধিক দিন ধৰি বিকল জলসিঞ্চন আঁচনি (Etv bharat assam)

মৰাণ, 19 মে’: কৃষকৰ জীৱনলৈ পৰিৱৰ্তন অনা হ’ব বুলি সময়ে সময়ে দাবী কৰি থকা চৰকাৰখনৰ দিনতো খেতিৰ বাবে পানী বিচাৰি হাহাকাৰ কৰিবলগীয়াত পৰিছে কৃষক ৰাইজ । যি সময়ত চৰকাৰে কৃষকক বছৰত দুই-তিনিবাৰকৈ কৃষি কৰিবলৈ আহ্বান জনাইছে তেনে সময়ত চৰকাৰী আঁচনি থকাৰ পাছতো বতৰৰ ওপৰতে নিৰ্ভৰ কৰি খেতি কৰিবলগীয়াত হৈছে ৰাজ্যৰ কৃষকে ।

"আছে গৰু নাবায় হাল, থকাতকৈ নথকাই ভাল"- এই ফকৰা যোজনাটিৰ যেন উৎকৃষ্ট উদাহৰণ দাঙি ধৰিছে মৰাণৰ হুংহুঙীয়াত অৱস্থিত এখন জলসিঞ্চন আঁচনিয়ে ৷ আশীৰ দশকতে স্থাপন কৰা‌ এই জলসিঞ্চন আঁচনিখনে সামৰি লৈছিল হুংহুঙীয়াৰ লগতে গজপুৰীয়া, লুকুমাই, কৰ্দৈগুৰী অঞ্চলৰ বহুকেইখন গাঁও । কিন্তু কৃষকক সময়মতে পানী যোগান ধৰাত অক্ষম এই আঁচনিখন ।

বিগত 10 বছৰৰো অধিক কাল বিকল হৈ থকা তিলৈ নৈৰ উত্তোলন জলসিঞ্চন আঁচনিখনত চৰকাৰী কৰ্মচাৰী নিয়োজিত হৈ আছে ঠিকেই ৷ কিন্তু বিকল যন্ত্ৰ-পাতি, বিধ্বস্ত পানী পৰিবাহী নলাৰে এখন সম্পূৰ্ণ বিকল জলসিঞ্চন আঁচনিৰ দ্বাৰা অলপো উপকৃত হ'ব পৰা নাই অঞ্চলটোৰ কৃষক ৰাইজ ৷ তাৰ পৰিৱৰ্তে বতৰৰ ওপৰতে নিৰ্ভৰ কৰি বছৰৰ কৃষিকৰ্ম কৰি আহিছে কৃষকসকলে ৷ শেহতীয়াকৈ পানী উত্তোলনৰ যন্ত্ৰাংশ মেৰামতিৰ বাবে চৰকাৰী ধন আৱন্টন হৈছে যদিও ইতিমধ্যে বিধ্বস্ত ৰূপ লোৱা পানী পৰিবাহী নলাসমূহ মেৰামতিৰ কোনো ব্যৱস্থা নকৰাত খেতিপথাৰলৈ পানী যোগানৰ ব্যৱস্থা সম্ভৱ হৈ উঠাৰ কোনো সম্ভাৱনা নাই ।

উল্লেখ্য যে, সংশ্লিষ্ট জলসিঞ্চন বিভাগৰ কৰ্মচাৰীয়েও কৃষক ৰাইজৰ অভিযোগ স্বীকাৰ কৰি আঁচনিখন পুনৰ কাৰ্যক্ষম কৰি তোলা হ’ব বুলি আশ্বাস প্ৰদান কৰিছে ৷

স্থানীয় ৰাইজে হুংহুঙীয়াৰ জলসিঞ্চন আঁচনিখন ৰাইজৰ সহায় হোৱাকৈ শীঘ্ৰে কাৰ্যক্ষম কৰি তুলিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনাইছে ৷

লগতে পঢ়ক: বৰষুণ নাই, পথাৰত মেলিছে চিৰাল ফাট; অনাবৃষ্টিয়ে সংকট মাতিছে চাহ খেতিলৈও - Decrease in rainfall

Last Updated : May 19, 2024, 5:07 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.