ETV Bharat / state

সাৰ কাৰখানাৰ পৰা এ পি ডি চি এললৈকে: কি কি সিদ্ধান্ত ল'লে কেবিনেটে ? - ASSAM CABINET DECISIONS

উত্তৰ গুৱাহাটীত হ'ব ন্যায়িক টাউনশ্বিপ । মিছন বসুন্ধৰা ৩.oৰ অধীনত লোৱা হৈছে বিশেষ ব্যৱস্থা ।

Assam cabinet decisions
অসম চৰকাৰৰ কেবিনেটে কি কি ল'লে নতুন সিদ্ধান্ত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 6 hours ago

গুৱাহাটী : দিছপুৰত মুখ্যমন্ত্ৰীৰ সভাকক্ষত অনুষ্ঠিত অসম কেবিনেটৰ সাপ্তাহান্তিক নিয়মীয়া বৈঠকত লোৱা হয় এলানি গুৰুত্বপূৰ্ণ সিদ্ধান্ত । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই চুবুৰীয়া ৰাষ্ট্ৰ ভূটান ভ্ৰমণ সামৰি আহি প্ৰথম দিনাই অৰ্থাৎ বৃহস্পতিবাৰে অনুষ্ঠিত কৰে কেবিনেটৰ এখন বৈঠক । য'ত ব্ৰহ্মপুত্ৰ উপত্যকা সাৰ নিগম লিমিটেডৰ পুনৰুজ্জীৱিতকৰণ, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ গাঁৱৰ সংশোধনী, উত্তৰ গুৱাহাটীত ন্যায়িক টাউনশ্বিপ, মিছন বসুন্ধৰা ৩.oৰ অধীনত বিশেষ ব্যৱস্থা কৰা আদি এলানি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

ব্ৰহ্মপুত্ৰ উপত্যকা সাৰ নিগম লিমিটেডক পুনৰুজ্জীৱিতকৰণ :

ডিব্ৰুগড়ৰ নামৰূপত এক কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগ ব্ৰহ্মপুত্ৰ উপত্যকা সাৰ নিগম লিমিটেড গেছ-আধাৰিত ইউৰিয়া উৎপাদনত নিয়োজিত হৈ আছে । সময়ৰ আহ্বানৰ সৈতে বৰ্তমানৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ ইয়াৰ কার্যকলাপ আৰু উৎপাদন বৃদ্ধি কৰাৰ দীৰ্ঘদিনীয়া প্ৰয়োজনীয়তা আছিল ৷ সেয়ে ইয়াৰ উৎপাদন কাৰ্যকলাপ পুনৰুজ্জীৱিত কৰিবলৈ ৰাজ্য চৰকাৰৰ কেবিনেটে নামৰূপ-৪ গোট নিৰ্মাণৰ বাবে যৌথ পদক্ষেপত ১,২৭২ কোটি মূল্যৰ ৪০ শতাংশ ইকুইটি বিনিয়োগৰ অনুমোদন জনায় ৷

সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ গাঁৱৰ সংশোধনী :

অসম চৰকাৰৰ কেবিনেটে বৃহস্পতিবাৰে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ অধীনৰ গাঁওসমূহৰ অধিসূচিত তালিকাৰ কিছু গাঁৱত 'সোণোৱাল অংশ' অন্তর্ভুক্ত কৰাৰ বাবে সংশোধনত অনুমোদন জনায় ।

উত্তৰ গুৱাহাটীত ন্যায়িক টাউনশ্বিপ :

উত্তৰ গুৱাহাটীৰ ৰংমহলত এখন অত্যাধুনিক ন্যায়িক টাউনশ্বিপ নিৰ্মাণৰ সুবিধাৰ হেতু কেবিনেটে পট্টা ভূমি অধিগ্রহণৰ বাবে অনা-প্রশাসনিক অনুমোদন হিচাপে বিত্তীয় অনুমোদন জনায় ৷ এই টাউনশ্বিপে সৰ্বাংগীন ন্যায়িক আন্তঃগাঁথনি, আবাসিক ব্যৱস্থা, অত্যাৱশ্যকীয় সা-সুবিধা, সুৰক্ষা ব্যৱস্থা ইত্যাদি সুনিশ্চিত কৰিব ৷

মিছন বসুন্ধৰা ৩.oৰ অধীনত বিশেষ ব্যৱস্থা :

মিছন বসুন্ধৰাৰ অধীনত ভূমি আৱণ্টন বা নিষ্পত্তিৰ বাবে ৰাজহুৱা বা সাৰ্বজনীন প্ৰতিষ্ঠানৰ ক্ষেত্ৰত পঞ্জীয়নৰ প্ৰমাণ পত্ৰ বা ‌উক্তি পত্ৰ আদি থকাটো বাধ্যতামূলক ৷ কিন্তু বৃহস্পতিবাৰৰ সন্ধিয়াৰ কেবিনেটে শৈক্ষিক, ধর্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ দ্বাৰা পঞ্জীয়নৰ প্রমাণপত্র, চুক্তিপত্র আদিৰ দৰে প্ৰমাণ বাধ্যতামূলকভাৱে জমা নকৰাকৈ মিছন বসুন্ধৰা ৩.oৰ অধীনত ভূমি আৱণ্টন বা নিষ্পত্তিৰ আবেদন দাখিল কৰিবলৈ অনুমোদন জনায় ৷ অৱশ্যে, এনে অ-ব্যক্তিগত ন্যায়িক অনুষ্ঠান/প্রতিষ্ঠানসমূহে আবেদন কৰা ভূমিৰ আৱণ্টন বা নিষ্পত্তিৰ প্ৰস্তাৱ পোৱাৰ আগতে অ-ব্যক্তিগত ন্যায়িক অনুষ্ঠান/প্রতিষ্ঠান হিচাপে পঞ্জীয়নৰ প্ৰমাণ দাখিল কৰিব লাগিব ৷

গ্রাম্য যাতায়াত ব্যৱস্থা উন্নীতকৰণ :

গ্রাম্য যাতায়াত ব্যৱস্থা উন্নীতকৰণৰ ক্ষেত্ৰতো কেবিনেটে ৮১ কোটি টকাৰ প্ৰকল্পত অনুমোদন জনায় । অসমৰ ৬ খন জিলাত গ্রাম্য যাতায়াত ব্যৱস্থা উন্নীতকৰণৰ বাবে কেবিনেটে নাবাৰ্ডৰ RIDF-XXXৰ অধীনত ১৪ টা গ্রাম্য পথ প্রকল্প নির্মাণত অনুমোদন জনাইছে । অনুমোদন জনোৱা প্ৰকল্পৰ মুঠ ব্যয় হ'ব ৮১ কোটি টকা ।

ৰাজ্যৰ শক্তি কোম্পানীত অংশীদাৰিত্ব বৃদ্ধি :

কেবিনেটে ইণ্ডিয়ান গভৰ্ণমেণ্ট একাউণ্টিং ষ্টেণ্ডার্ড-৪ৰ ব্যৱস্থা অনুসৰি এ পি ডি চি এল, এই জি চি এল আৰু এ পি জি চি এললৈ অসম চৰকাৰৰ ঋণ আৰু অনুদান ইকুইটিলৈ ৰূপান্তৰ কৰিবলৈ অনুমোদন জনায় ৷ ইকুইটি হিচাপে ৰূপান্তৰ কৰিবলগীয়া বকেয়া অনুদান-ঋণৰ পৰিমাণ এনে ধৰণৰ :

এ পি ডি চি এল: ৩৯৭.৩৯ কোটি টকা

এ পি জি চি এল: ৫২০.৩৮ কোটি টকা

এ ই জি চি এল: ১৯.৮৯ কোটি টকা ।

লগতে পঢ়ক :মৃদুল ইছলাম মৃত্যুৰ ঘটনাৰ তদন্ত ঘোষণা মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ - CONGRESS WORKER MRIDUL ISLAM DEATH

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.