ETV Bharat / state

কাজিৰঙা নামৰ উৎপত্তি কেনেদৰে হ'ল ? - KAZIR RANGHANGPI DAY

কাজিৰঙা নামৰ উৎপত্তিৰ আঁৰত আছে এগৰাকী যুৱতীৰ নাম । যাক কাৰ্বি সমাজে দেৱী আখ্যা দিয়ে । তেওঁৰ স্মৃতি দিৱস প্ৰতিবছৰে কাজিৰঙাত উদযাপন কৰা হয় ।

Kazir Ranghangpi day
কাজিৰঙা নামৰ উৎপত্তি কেনেদৰে হ'ল ? (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 6, 2024, 1:06 PM IST

কাজিৰঙা : বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰা কাজিৰঙাই এদিনতে এই ৰূপ লাভ কৰা নাই ৷ বিভিন্ন পথ পৰিক্ৰমাৰে কাজিৰঙাই আজিৰ এই ৰূপ লাভ কৰিছে । কিন্তু কাজিৰঙা কেনেদৰে গঢ় লৈ উঠিল, এতিয়াৰ দৰেই কাজিৰঙা আৰম্ভণিতেও আছিলনে ? কাজিৰঙাক কোনে ৰক্ষণাবেক্ষণ দি গঢ়ি তুলিছিল ? কাজিৰঙা নামটোৰ উৎপত্তি কেনেদৰে হ'ল ? এই কথাবোৰ জনাৰ বা নৱপ্ৰজন্মক জনোৱাৰ নিশ্চয় প্ৰয়োজন আছে ।

কাজিৰঙাৰ ইতিহাস

কাজিৰ ৰংহাংপি দিৱসত অংশগ্ৰহণ তুলিৰাম ৰংহাঙৰ (ETV Bharat Assam)

ইতিহাস মতে, কাজিৰঙা এসময়ত হাবি আছিল । এই হাবিখনক সুৰক্ষা দিছিল এগৰাকী দেৱীয়ে ৷ কাৰ্বি সমাজৰ অতিকৈ পূজনীয় সেইগৰাকী দেৱীৰ নাম হৈছে কাজিৰ ৰংহাংপি । তেৱেঁই প্ৰথমতে কাজিৰঙালৈ গঁড় আনিছিল বুলি প্ৰবাদ আছে । পৰৱৰ্তী সময়ত এইগৰাকী কাজিৰ ৰংহাংপিৰ নামেৰেই হাবিখনে কাজিৰঙা নাম পায় ৷

উল্লেখ্য, কাৰ্বি সমাজৰ মতে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা নামৰ উৎপত্তি ঐশ্বৰিক গুণসম্পন্ন কাৰ্বি যুৱতী কাজিৰ ৰংহাংপিৰ নামৰ পৰা হৈছে বুলি বিশ্বাস কৰা হয় । এই যুৱতীগৰাকীয়ে স্বৰ্গৰ পৰা কাজিৰঙালৈ এটা খৰ্গ থকা গঁড়ক আনিছিল বুলি বিশ্বাস কৰাৰ লগতে গঁড়ক কাৰ্বি সমাজে লক্ষ্মীদেৱীৰ প্ৰতীক বুলি বিশ্বাস কৰি অতি ভক্তিৰে পূজা-অৰ্চনা কৰি আহিছে ।

কাজিৰ ৰংহাংপি দিৱস

বছৰ বছৰ ধৰি চলি অহা এই জনশ্ৰুতি তথা বিশ্বাসক সাৰোগত কৰিয়েই এই দেৱীগৰাকীৰ জন্মদিন প্ৰতিবছৰে ৫ ডিচেম্বৰত কাজিৰ ৰংহাংপি দিৱস হিচাপে উদ্‌যাপন কৰি অহা হৈছে ৷ এইবছৰো তাৰ ব্যতিক্ৰম হোৱা নাই ৷ কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ কলা আৰু সংস্কৃতি বিভাগৰ উদ্যোগত বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসূচীৰে কাজিৰঙাত উদ্‌যাপন কৰা হয় কাজিৰ ৰংহাংপি দিৱস ৷

অনুষ্ঠানত উপস্থিত থাকি কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয়, "কাৰ্বি সমাজে বিশ্বাস কৰে যে কাজিৰ ৰংহাংপিয়ে স্বৰ্গৰ পৰা কাজিৰঙালৈ গঁড় আনি খেতি কৰিছিল । তেখেতৰ ঐশ্বৰিক শক্তি আছিল । কাজিৰ ৰংহাংপিয়ে কাজিৰঙালৈ গঁড় অনাৰ বাবেই আজি কাজিৰঙা বিশ্ব বিখ্যাত হ'ব পাৰিছে ।"

তেওঁ লগতে কয়, "গঁড়ক কাৰ্বি ভাষাত কিন্দু বুলি কয় । গঁড় কাৰ্বি লোকৰ মতে মা লক্ষ্মীৰ প্ৰতীক । গঁড়ে কৃষকৰ ধান খালে ভাল লক্ষণ বুলিও কাৰ্বি লোকে বিশ্বাস কৰে । সেই কাৰণে কাৰ্বি সমাজত গঁড় হত্যা মহাপাপ বুলি গণ্য কৰা হয় ।"

কাজিৰঙা নামৰ উৎপত্তি সন্দৰ্ভত তেওঁ কয়, "কাজিৰঙা নামৰ উৎপত্তি বিভিন্নজনে বিভিন্ন ধৰণে দি আহিছে যদিও প্ৰকৃততে ঈশ্বৰিক গুণ সম্পন্ন কাৰ্বি যুৱতী কাজিৰ ৰংহাংপিৰ নামৰ পৰাই কাজিৰঙা নামৰ উৎপত্তি বুলি কাৰ্বি সমাজে দাবী কৰি আহিছে । আনকি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ দিশত বৰ্তমান বসবাস কৰি থকা কাৰ্বি লোকসকল এসময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত বসবাস কৰি আছিল । বহু তথ্যৰ পৰা এই কথা প্ৰমাণিত হৈছে ৷"

উল্লেখ্য যে পাহাৰীয়া জিলাখনৰ কহঁৰাস্থিত কাজিৰ ৰংহাংপি স্মৃতি উদ্যানত এই দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ৷ আনহাতে, বিশ্বৰ সৰ্বাধিক এটা খৰ্গ থকা গঁড়ৰ বাসস্থান কাজিৰঙা নামৰ উৎপত্তিৰ আঁৰৰ দেৱী কাজিৰ ৰংহাংপিক সোঁৱৰণ কৰি কাজিৰঙাৰ সুৰক্ষাৰ বাবে আহ্বান জনোৱা হয় ।

এই কাৰ্যসূচীত কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ ৰাজু টিছু, বিধায়ক ৰূপছিং তেৰণ, দৰচিং ৰংহাং, কাৰ্যবাহী সদস্য বিদ্যাছিং ইংলেং, সূৰ্য ৰংহাং, লোনছিং তেৰণ, বিলিমহন খাকলাৰী, কামবুৰা কিলিং আদিকে প্ৰমুখ্য কৰি বিভিন্ন বিষয়ববীয়া আৰু ৰাইজৰ উপস্থিতিত কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ঐশ্বৰিক শক্তি প্ৰদত্ত গুণৰ অধিকাৰী কাজিৰ ৰংহংপিৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰে ।

অনুষ্ঠানত কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ কলা আৰু সংস্কৃতি বিভাগৰ যুটীয়া সচিব নিৰুপমা তিমুংপীয়ে আদৰণী ভাষণ আগবঢ়ায় । অন্যহাতে, এই দিৱসৰ লগত সংগতি ৰাখি স্থানীয় ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । ইফালে ভক্তিতম ট্ৰাষ্টৰ প্ৰতিনিধিয়ে কাজিৰঙাত ৰংহাংপিৰ প্ৰতিমূৰ্তিৰ সন্মুখত কাৰ্বি পৰস্পৰাগত গীত-মাতেৰে প্ৰাৰ্থনা কৰে ।

ইয়াৰ উপৰি কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ কলা আৰু সংস্কৃতি বিভাগে প্ৰকাশ কৰি উলিওৱা কাজিৰঙা নামৰ উৎপত্তি হোৱা ঈশ্বৰিক গুণ সম্পন্ন কাৰ্বি মহিলা কাজিৰ ৰংহাংপিৰ কাহিনী সম্বলিত এখন গ্ৰন্থ ৰাইজৰ মাজত বিতৰণ কৰা হয় ।

আনহাতে, ঐশ্বৰিক গুণ সম্পন্ন কাৰ্বি যুৱতী কাজিৰ ৰংহাংপিৰ স্মৃতি ৰক্ষাৰ উদ্দেশ্যে এই দিনটো কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদে কাৰ্বি আংলং জিলাত চৰকাৰী বন্ধ ঘোষণা কৰি কাজিৰ ৰংহাংপি দিৱস উদযাপন কৰি আহিছে বুলিও মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে মত প্ৰকাশ কৰে ।

লগতে পঢ়ক :একেদিনাই ১৪খন দেশৰ ১৮০ গৰাকী পৰ্যটক বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামত
লগতে পঢ়ক :আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলালৈ পৰ্যটকক আদৰিবলৈ সাজু কাজিৰঙা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.