ETV Bharat / state

স্বায়ত্তশাসিত ৰাজ্যৰ দাবী উত্থাপনৰ আহ্বান কাৰ্বি এক্স ৰিভলিউশ্যনাৰী ইউনাইটেড ফ'ৰামৰ - Karbi EX Revolutionary United Forum - KARBI EX REVOLUTIONARY UNITED FORUM

Press Meet of KERUF:চাৰিটো দাবী সমাধান কৰিবলৈ বিভিন্ন ৰাজনৈতিক দলক আহ্বান কাৰ্বি এক্স ৰিভলিউশ্যনাৰী ইউনাইটেড ফ'ৰামৰ । যোগ্যতা সম্পন্ন কেডাৰসকলক বিভিন্ন সুৰক্ষা বাহিনীসমূহত নিয়োগৰ ব্যবস্থা কৰাৰ দাবী উত্থাপন ।

Press Meet of KERUF
কাৰ্বি এক্স ৰিভলিউশ্যনাৰী ইউনাইটেড ফ'ৰাম
author img

By ETV Bharat Assamese Team

Published : Apr 1, 2024, 10:53 PM IST

কাৰ্বি এক্স ৰিভলিউশ্যনাৰী ইউনাইটেড ফ'ৰাম

ডিফু, ১ এপ্রিল: কাৰ্বি এক্স ৰিভলিউশ্যনাৰী ইউনাইটেড ফ'ৰামে আজি ডিফুত কাৰ্বি আংলং জিলা প্রেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰে । সংগঠনটোৰ শীর্ষ নেতাসকলে কয় যে যোৱা ২৯ মার্চত সংগঠনটোৰ কিছু কেডাৰে খং আৰু আক্ৰোশৰ বশৱর্তী হৈ এখন সংবাদমেলৰ জৰিয়তে এমঅ'এছ ৰূপায়ণ সন্দর্ভত বহু কথা ব্যক্ত কৰিছিল । আজিৰ সংবাদমেলযোগে সংগঠনটোৰ নেতাসকলে এই সংবাদমেলৰ বিৰোধিতাও নকৰা আৰু সমর্থনো নকৰে বুলি তাৎপর্যপূর্ণ মন্তব্য আগবঢ়ায় ।

উল্লেখ্য যে সংগঠনটোৱে আজি সংবাদমেলৰ জৰিয়তে চাৰিটো দাবী বিভিন্ন ৰাজনৈতিক দললৈ উত্থাপন কৰে । এই চাৰিটা দাবী হৈছে যি দলৰেই সাংসদ দিল্লীলৈ নাযাওক কিয় তেওঁলোকে যাতে স্বায়ত্তশাসিত ৰাজ্যৰ দাবীতো সজোৰে উত্থাপন কৰে । আনহাতে, ২০২১ত চৰকাৰৰ সৈতে সম্পন্ন হোৱা এম অ'এছ চুক্তিৰ প্রতিটো দফা ৰূপায়ণ কৰাৰ উপৰি সংগঠনৰ সকলো সদস্যৰ পুনৰ সংস্থাপনৰ বিষয়টো গুৰুত্বসহকাৰে উত্থাপন কৰা আৰু যোগ্যতা সম্পন্ন কেডাৰসকলক বিভিন্ন সুৰক্ষা বাহিনীসমূহত নিয়োগৰ ব্যবস্থা কৰা আদি প্রসংগ উত্থাপন কৰিবলে দাবী জনায় ।

  • " class="align-text-top noRightClick twitterSection" data="">

কাৰ্বি এক্স ৰিভলিউশ্যনাৰী ইউনাইটেড ফ'ৰামে লগতে বিভিন্ন নিযুক্তি প্রক্ৰিয়াত কার্বি আংলং জিলাৰ স্থানীয় নিবনুৱা যুৱকসকলক অগ্রাধিকাৰ দিবলৈও দাবী তোলে । সংবাদমেলযোগে চৰকাৰ আৰু পৰিষদৰ সৈতে এমঅ'এছৰ বিভিন্ন দফাসমূহ ৰূপায়ণ সন্দর্ভত সময়ে সময়ে আলোচনা অনুষ্ঠিত হৈ অহা বুলি দাবী কৰি এমঅ'এছখন ৰূপায়ন হৈ আছে বুলি উল্লেখ কৰি কিছু পলম হোৱা বুলি কয় । এম অ' এছখনৰ সকলো দাবী চনদ ৰূ পায়ণ হ'ব বুলি সংবাদমেলযোগে সংগঠনটোৰ নেতৃবৰ্গই আশা প্রকাশ কৰে । আনহাতে,যোগাযোগৰ আৰু কিছু এৰাব নোৱাৰা কাৰণৰ বাবে কিছু কেডাৰৰ মাজত ভুল বুজাবুজিব সৃষ্টি হোৱা বুলি উল্লেখ কৰি এই ভুল বুজাবুজি ইতিমধ্যে দূৰ কৰি থকা হৈছে বুলিও সংগঠনটোৰ নেতৃবৰ্গই অসন্তুষ্ট একাংশ কেডাৰক লগতলৈ এই দাবী কৰে ।

লগতে পঢ়ক: আলফা (স্বা)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱা অবিহনে চুক্তি নহয়: বিজয় হাজৰিকা - Ex ULFA Coordination Committee

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.