ETV Bharat / state

বন্দুক-বাৰুদ এৰি কৃষিকৰ্মত ব্যস্ত কাৰ্বি এক্স বিভলিউশ্যনাৰীৰ সদস্য - Self reliant on agriculture

Self reliant by Farming : আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াৰ প্ৰচেষ্টাত এসময়ৰ ছয় দুধৰ্ষ উগ্ৰপন্থী সংগঠনে কুকুৰা ফাৰ্ম আৰু কৃষি কৰ্মৰে বাছি লৈছে আত্মনিৰ্ভৰশীলতাৰ পথ ৷ আনকি কুকুৰা ফার্মৰ জৰিয়তে বজাৰত বিক্ৰীৰ বাবে মেলি দিছে ১০০ টা স্থানীয় কুকুৰা ৷

বন্দুক-বাৰুদ এৰি কৃষিকৰ্মত বিভোৰ কাৰ্বি এক্স বিভলিউশ্যনাৰীৰ সদস্য

author img

By ETV Bharat Assamese Team

Published : Mar 1, 2024, 9:02 AM IST

বন্দুক-বাৰুদ এৰি কৃষিকৰ্মত বিভোৰ কাৰ্বি এক্স বিভলিউশ্যনাৰীৰ সদস্য

ডিফু ১, মাৰ্চ : কৃষিকর্মত নিয়োজিত হৈছে এতিয়া প্ৰায় দুহেজাৰ বিদ্ৰোহী ৷ লক্ষ্য নিজকে আত্মনিৰ্ভৰ কৰি তোলা ৷ প্ৰায় দুটা দশক ধৰি বন্দুক-বাৰুদেৰে চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰি এখন স্বায়ত্তশাসিত অথবা এখন পূর্ণাংগ ৰাজ্যৰ দাবীৰে পাহাৰীয়া দুয়োখন জিলা উত্তাল কৰি ৰখা প্ৰায় দুহেজাৰ বিদ্ৰোহীয়ে এতিয়া নামি পৰিছে কৃষিকৰ্মত ৷

এই ক্ষেতিৰত তেওঁলোকক প্ৰত্যক্ষভাৱে সহায় কৰিছে কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই ৷ প্ৰায় দুহেজাৰ বিদ্ৰোহীয়ে কৃষিকর্মত নিয়োজিত হৈ দেখুৱাইছে অন্য এক আদর্শ ।

উল্লেখ্য যে, ২০২১ চনত জিলাখনৰ ৬ টাকৈ বিদ্ৰোহী সংগঠনে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে শান্তি চুক্তিত স্বাক্ষৰ কৰিছিল । শান্তি চুক্তি স্বাক্ষৰ কৰা ১৯২৬ গৰাকী কেডাৰক একত্ৰিত কৰি এই ৬ বিদ্ৰোহী সংগঠনৰ নেতৃত্বই গঠন কৰিছিল কাৰ্বি এক্স ৰিভলিউশ্যনাৰী নামৰ এখন ঐক্যমঞ্চ ।

এই ঐক্যমঞ্চৰ জৰিয়তে জিলা প্ৰশাসন তথা জিলা আৰক্ষীৰ সহযোগত ডিফুৰ পাঁচ মাইলত স্থাপন কৰা এখন স্থানীয় প্ৰজাতিৰ কুকুৰা ফার্মৰ পৰা ১০০ কুকুৰা বজাৰত বৃহস্পতিবাৰে বিক্ৰীৰ বাবে মুকলি কৰি দিয়া হয় । এই অনুষ্ঠানত উপস্থিত থাকে জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়া ।

বিদ্ৰোহী ঐক্যমঞ্চৰ অন্যতম নেতা লংকি বেয়ে সংবাদ মাধ্যমৰ আগত কয়, ‘‘শান্তি চুক্তিৰ দুটা বছৰলৈ আমি একো কৰিব পৰা নাছিলো । অসম আৰক্ষীৰ এডিজিপি হিৰেণ নাথৰ উৎসাহ আৰু জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই আগবঢ়াইছে প্ৰত্যক্ষ সহযোগ ৷ যাৰ ফলত কৃষিকর্মৰে আমি নিজকে আত্মনির্ভশীল কৰি তুলিবলৈ কৃষি বিপ্লৱ কৰিবলৈ সাহস লাভ কৰিলো’’ ।

লগতে পঢ়ক : পদিনা খেতিৰেই মাহিলী লাখ টকা উপাৰ্জন মৰ্মে কলিতাৰ

তেওঁ আৰু কয়, ‘‘বিশেষকৈ জিলা আৰক্ষী অধীক্ষক শইকীয়াই আমাক সকলো ক্ষেত্ৰতে সহযোগিতা আগবঢ়াই এইখন ফার্মখন গঢ়ি তোলাত সফল কৰি তুলিলে । আমি এইখন ফাৰ্মৰ উপৰিও বোকাজান মহকুমাৰ কুলি গাঁৱত এখন কৃষি পামো গঢ় দিছো । উক্ত কৃষি ফার্মত আলুকে ধৰি বিভিন্ন ধৰণৰ পাচলি খেতি কৰি আমি এতিয়া সফলতাৰ মুখ দেখিছো । আমি এতিয়া উপলব্ধি কৰিছো যে এনে কৃষিকর্ম আৰু ফার্মৰ জৰিয়তে আমি আত্মনির্ভশীল হৈ আমাৰ পৰিয়াল পৰিচালনা কৰাৰ লগতে সমাজৰ বাবে অর্থনৈতিক অৱদান আগবঢ়াবলৈ সক্ষম হ'ম’’ ।

‘‘আমাৰ চুক্তিৰ আধাৰত চৰকাৰৰ পৰা আমি বিভিন্ন উন্নয়নমূলক আঁচনিৰ উপৰি অনির্ভৰশীল আঁচনিও লাভ কৰিছো । এতিয়া আমি কিছু সৰুকৈ আৰম্ভণি কৰিছো যদিও এই সফলতাই আমাক আগন্তুক দিনত বৃহৎ আকাৰৰ পৰিকল্পনা কৰাৰ বাবে সাহস যোগাইছে ।’’ এই মন্তব্য কৰে বিদ্ৰোহী ঐক্যমঞ্চৰ অন্যতম নেতা লংকি বেয়ে ৷

আনহাতে, জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই সংবাদ মাধ্যমৰ আগত প্ৰাক্তন বিদ্ৰোহীসকলৰ এই সফলতাৰ বাবে তেওঁলোকক অভিনন্দন জনায় । শইকীয়াই লগতে কয়, ‘‘বিদ্ৰোহী সংগঠনকেইটাই শান্তিচুক্তি কৰাৰ পাচত আত্মনিৰ্ভৰশীল কৰি তোলাৰ বাবে বিভিন্ন প্ৰচেষ্টা গ্ৰহণ কৰা হৈছিল । সেই প্ৰচেষ্টাৰ অংশৰূপে আমি তেওঁলোকক সহযোগিতা আগবঢ়াবলৈ চেষ্টা কৰিছিলো’’ ।

লগতে পঢ়ক : আপেল বগৰীৰ খেতি কৰি লক্ষাধিক টকা উপাৰ্জন এগৰাকী প্ৰাক্তন সৈনিকৰ

‘‘আমি তেওঁলোকক এখন কুকুৰা ফার্ম আৰু প্ৰজনন কেন্দ্ৰ ইয়াত স্থাপন কৰাত সহযোগ কৰিছিলো । আমাৰ পৰিকল্পনা অনুসৰি আমি মাহে প্ৰায় ৩০ হেজাৰ কুকুৰা ইয়াত উৎপাদন কৰিবলৈ সক্ষম হ'ম বুলি অনুমান কৰিছে । ইতিমধ্যে তেওঁলোকে ব্যৱসায়ীক ভিত্তিত উৎপাদন কৰিবলৈ সক্ষম হৈছে আৰু আজি ১০০ কুকুৰা বজাৰলৈ উলিয়াই দিবলৈ পাৰিছে ।’’ তেওঁ কয় ৷

‘‘একেদৰে ৮০ বিঘামান মাটিত তেওঁলোকে কৃষিকর্মৰে বিভিন্ন পাচলি উৎপাদন কৰিছে । আমি আশাবাদী যে অনাগত দিনত কাৰ্বি আংলঙৰ বাবে তেওঁলোকে আশাৰ বতৰা কঢ়িয়াই অনাৰ লগতে নিজেও আত্মনির্ভৰশীল হ'বলৈ সক্ষম হ'ব । লগতে ৰাজ্যৰ অর্থনীতিলৈও তেওঁলোকে অৱদান আগবঢ়াবলৈ সক্ষম হ'ব । নর্থ ইষ্ট কেন এন্ড বেম্বো ডেভেলপমেন্ট কাউন্সিলৰ জৰিয়তে এটা প্ৰকল্প আমি আনিবলৈ সক্ষম হৈছো ৷’’ এই বুলি উল্লেখ কৰি আৰক্ষী বিষয়াগৰাকীয়ে ৷

তেওঁ আৰু কয়, ‘‘প্ৰায় ১০ হেক্টৰ ভূমিত তেওঁলোকে বাঁহ ৰোপণ কৰাৰ যো-জা চলাইছে । তেওঁলোকৰ কিছু নেতা আৰু কেভাৰে নেশনেল লাইভলীহুড মিছনৰ জৰিয়তে বৃহৎ প্ৰকল্পৰ বাবে ঋণৰ আবেদন কৰিছে আৰু ইয়াৰ ক্ষেত্ৰতো আমি সহযোগিতা আগবঢ়াইছো’’ ।

লগতে পঢ়ক : কোকৰাঝাৰত 25 সহস্ৰাধিক ভক্তৰ অংশগ্ৰহণেৰে আয়োজিত মহাযজ্ঞ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.