ETV Bharat / state

প্ৰকাশ পালে কালপুৰুষ পূৰ্ণাংগ পঞ্জিকা: সৰ্বভাৰতীয় পৰ্যায়ত সন্মান বুটলিব মুখ্যমন্ত্ৰীয়ে - kelpurush Panjika

kelpurush Purnanga Panjika : ৰাজ্যৰ আটাইতকৈ পুৰণি তথা বিভিন্ন ক্ষেত্ৰত এক নিৰ্ভৰযোগ্য পঞ্জিকা কালপুৰুষ পূৰ্ণাংগ পঞ্জিকা প্ৰকাশ পালে । ৪১ সংখ্যক কালপুৰুষ পূৰ্ণাংগ পঞ্জিকা সোমবাৰে আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় । ৰাজ্য তথা দেশৰ ৰাজনীতি সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ ভৱিষ্যদ্বাণী কৰা হৈছে এই পঞ্জিকাত ।

কালপুৰুষ পূৰ্ণাংগ পঞ্জিকা প্ৰকাশ
কালপুৰুষ পূৰ্ণাংগ পঞ্জিকা প্ৰকাশ
author img

By ETV Bharat Assamese Team

Published : Mar 4, 2024, 6:14 PM IST

প্ৰকাশ পালে কালপুৰুষ পূৰ্ণাংগ পঞ্জিকা

গুৱাহাটী, ৪ মাৰ্চ : বৰ্তমানৰ ৰাজ্য চৰকাৰখনে ভৱিষ্যতে দক্ষতাৰে নিজৰ কাৰ্যকাল পৰিচালনা কৰিব পাৰিব আৰু বিৰোধী দলসমূহ এই সময়ছোৱাত নিষ্ক্ৰিয় হৈ পৰিব । এই মন্তব্য কালপুৰুষ পূৰ্ণাঙ্গ পঞ্জিকাৰ সম্পাদক তথা গণনাকাৰক ভৱেশ কুমাৰ শৰ্মা বৰুৱাৰ । উল্লেখ্য যে সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আগন্তুক বৰ্ষৰ বাবে কালপুৰুষ পূৰ্ণাঙ্গ পঞ্জিকা উন্মোচন কৰা হয় ।

৪১ সংখ্যক পঞ্জিকাখন উন্মোচন কৰি পঞ্জিকাখনৰ সম্পাদক তথা এগৰাকী গণনাকাৰী ভৱেশ কুমাৰ শৰ্মা বৰুৱাই কয় যে চৰকাৰখনৰ আমদানি-ৰপ্তানিৰ ব্যৱসায়ৰ জৰিয়তে ৰাজ্যখনৰ আৰ্থিক দিশৰ উন্নতি হ'ব । মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সৰ্বভাৰতীয় পৰ্যায়ত সন্মান বুটলিবলৈ সক্ষম হোৱাৰ লগতে বিভিন্ন ব্যক্তিলৈ ন্যায় আৰু সন্মানৰ হাত আগবঢ়াব ।

আনহাতে, ২০২৩ চনৰ পৰা ২০২৬ চনৰ জুনলৈকে মুখ্যমন্ত্ৰীৰ ভাল সময় চলি আছে বুলিও পঞ্জিকাৰ গণনাই প্ৰকাশ কৰিছে । লগতে তেওঁক কোনেও বাধা দি ৰাখিব নোৱাৰিব বুলিও উল্লেখ কৰা হৈছে । আনহাতে, বিৰোধী কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ধনুৰাশিত কেতু চলি থকাৰ বাবে ২০২৬ চনৰ জুনলৈ বেয়া যোগ আছে । যাৰ বাবে তেখেতৰ কৰ্মত জটিলতা, দলীয় সতীৰ্থৰ দল ত্যাগ, প্ৰতাৰণাৰ সন্মুখীন হ'ব বুলি মন্তব্য কৰে ।

তেওঁ লগতে কয়, চৰকাৰে ক্ৰীড়া, গীত-মাত আদিত সাহায্য আগবঢ়াব । জনসাধাৰণৰ কল্যাণৰ হকে চৰকাৰে নতুন নতুন আঁচনি ঘোষণা কৰিব বুলিও উল্লেখ কৰা হৈছে । চৰকাৰে জনসাধাৰণৰ হকে কাম কৰিব বুলিও মন্তব্য কৰা হৈছে । আনহাতে, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰধানমন্ত্ৰী মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাল হ'ব আৰু নিৰ্বাচনত জয়ী হ'ব বুলি উল্লেখ কৰা হৈছে ।

আনহাতে, ৰাহুল গান্ধীয়ে বহু স্থানত সমাদৰ লাভ কৰিব যদিও বাধাৰ সন্মুখীন হ'ব বুলি উল্লেখ কৰা হৈছে । চৰকাৰ গঠনতো তেওঁ বাধাৰ সন্মুখীন হ'ব । পঞ্জিকাখনৰ মুখ্য গণনাকাৰক দীপক শৰ্মাই কয়, আগন্তুক লোকসভা নিৰ্বাচনত মোদী চৰকাৰৰ অতি শুভ ফল লাভ হ'ব । নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব । ইয়াৰ বিপৰীতে বিৰোধী দল নিষ্ক্ৰিয় হ'ব । অসমৰ ক্ষেত্ৰতো বিৰোধী দল নিষ্ক্ৰিয় হৈ থাকিব । আনহাতে, চৰকাৰে ভূমিৰ পৰা ৰাজহ সংগ্ৰহ আৰু ভূমি সম্পৰ্কে ন ন আইনৰ দ্বাৰা ৰাজহ সংগ্ৰহ বৃদ্ধি কৰিব পাৰিব আৰু ভূমি পট্টাৰ ব্যৱস্থা কৰিব পাৰিব ।

ইফালে অশুভ কেতুৰ প্ৰভাৱৰ বাবে আলফা সমস্যা সমাধান নহ'ব আৰু চুবুৰীয়া ৰাজ্যৰ পৰা মাজে মাজে অশান্তি আহিব । পঞ্জিকাখনৰ গণনা মতে, এইবাৰ বৰষুণৰ পৰিমাণ কম হ'ব । ঠায়ে ঠায়ে খৰাং পৰিস্থিতিৰ সৃষ্টি হ'ব । বায়ু প্ৰদূষণৰ ফলত শ্বাস-প্ৰশ্বাস, কাহৰ দৰে ৰোগ বৃদ্ধি পাব । অচিনা ৰোগৰো ভয় আছে । ইয়াৰ লগতে কোনো কোনো দেশত অৰ্থনৈতিক মন্দাৱস্থাৰ সৃষ্টি হ'ব । বিভিন্ন দেশৰ মাজত যুদ্ধংদেহী মনোভাব চলি থাকিব ।

ইপিনে ব'হাগ মাহৰ পৰা আঘোণৰ ভিতৰত ভূমিকম্প হোৱাৰ সম্ভাৱনাৰ কথাও উল্লেখ কৰা হৈছে । কিন্তু বিস্তৰ ক্ষতিসাধনৰ পৰা অসম ৰক্ষা পৰিব বুলি উল্লেখ কৰা হৈছে । আনহাতে, চৰকাৰে বিভিন্ন আঁচনিমূলক কাম কৰিবলৈ যাওঁতে ঋণ ল'ব লাগিব । আগন্তুক বছৰটো ভাৰতৰ বাবে উল্লেখযোগ্য পৰিৱৰ্তনৰ বছৰ হ'ব । স্বাস্থ্য, ক্রীড়া, শিল্প, বিজ্ঞান, প্রতিৰক্ষা আদি বিষয়ত উল্লেখযোগ্য সফলতা লাভ কৰিব । ওচৰ- চুবুৰীয়া দেশসমূহৰ লগত সদ্ভাৱনা বজাই ৰাখিব পাৰিব ।

অর্থনৈতিক ক্ষেত্রত বিভিন্ন উৎসৰ পৰা উপার্জন বৃদ্ধি হ'ব বুলি পঞ্জিকাখনৰ গণনাই প্ৰকাশ কৰিছে । ভাৰতৰ উত্তৰ-পশ্চিম অঞ্চলত ধুমুহা, বানপানী, অতিবৃষ্টিৰ যোগ দেখা যায় বুলিও গণনাই প্ৰকাশ কৰিছে । সন্ত্রাসবাদ, মৌলবাদী শক্তি আদিয়ে দেশক অস্থিৰ কৰিবলৈ চেষ্টা কৰিব যদিও চৰকাৰে সেয়া কঠোৰ হাতেৰে দমন কৰিবলৈ সক্ষম হ'ব বুলি উল্লেখ কৰা হৈছে । আনহাতে, ৰাজধানী দিল্লীত অধিক' সর্তক নহ'লে কূটাঘাতমূলক কার্যৰ দ্বাৰা ক্ষতিৰ যোগ দেখা যায় বুলি মন্তব্য কৰা হৈছে ।

ইফালে অখিল গগৈ সন্দৰ্ভত উল্লেখ কৰা হৈছে যে ৰাইজৰ দলৰ সভাপতিগৰাকীৰ ৰাহুৰ দশা চলি আছে । যাৰ বাবে তেওঁ যিমান ভাবে বা পৰিকল্পনা কৰে সেই অনুযায়ী সফল হ'ব নোৱাৰে ।

লগতে পঢ়ক :6 মাৰ্চত লখিমপুৰত ৯০০ কোটি টকাৰ আঁচনি উদ্বোধন-শিলান্যাস কৰিব মুখ্যমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.