ETV Bharat / state

হোলীগীতৰ লহৰত বুৰ গ'ল সত্ৰনগৰী বৰপেটা - DOUL FESTIVAL IN BARPETA - DOUL FESTIVAL IN BARPETA

Doul Utsav 2024 : ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে সত্ৰনগৰী বৰপেটাত দৌল মহোৎসৱৰ আনন্দত মতলীয়া হৈছে ভক্তগণ ৷ বৰপেটা সত্ৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা দৌল মহোৎসৱৰ গোন্ধ সভা বা বহ্নুৎসৱৰ পিচত আজি অনুষ্ঠিত হৈছে ফাকুৱা ।

Doul Utsav 2024
বৰপেটাত দৌল মহোৎসৱৰ আনন্দ
author img

By ETV Bharat Assamese Team

Published : Mar 26, 2024, 1:42 PM IST

বৰপেটাত দৌল মহোৎসৱৰ আনন্দ

বৰপেটা, ২৬ মাৰ্চ: ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ এইবাৰৰ তিনিদিনীয়া অনুষ্ঠিত দৌল মহোৎসৱৰ আজি ফাকুৱা পালন কৰা হয় । বৰপেটাৰ ফাকুৱা তথা হোলী উৎসৱৰ সুকীয়া আকৰ্ষণ আছে । সেইবাবে দূৰদূৰণিৰ পৰা ফাকুৱাত অংশগ্ৰহণৰ উদ্দেশ্য়ে দৰ্শনাৰ্থী আহি বৰপেটাত উপস্থিত হয় । তাৰ ব্যতিক্ৰম এইবাৰো হোৱা নাই । প্ৰতিকূল বতৰকো নেওচি সকলোৱে হোলীৰ আনন্দত মতলীয়া হৈ পৰিছে । বিবিধ ৰঙৰ ফাকুৰে চৌদিশ ৰঙীন হৈ পৰে। বৰপেটাৰ প্ৰতিটো পথ উপ-পথো ৰঙত বুৰ যায় ।

আনহাতে, বৰপেটা সত্ৰৰ চৌহদত হোলীগীতৰ লহৰত লোকসকলে ফাকুৱা পালন কৰে। ইজনে- সিজনক গালে মুখে ফাকু গুড়ি সানি আনন্দ প্ৰকাশ কৰে । পুৰুষ -মহিলাৰ সকলো বয়সৰ লোকে এই আনন্দ উল্লাসত ভাগ লয় । উল্লেখ্য যে নিশা গোঁসাইক দৌলগৃহৰ পৰা নমাই অনাৰ পাছৰে পৰা ফাকুৱা পালনৰ ক্ষণ আৰম্ভ হয় । নিয়ম অনুসৰি গোঁসাই দৌলত থকাৰ সময়ত মানুহে ফাকু খেলাৰ নিয়ম নাই । সেইসময়ত কেবল ভক্তই গোঁসাইৰ গাতহে ফাকু দিব পাৰে ।

আনহাতে, আজি বিয়লি গোঁসাইক মঠৰ চোতালৰ পৰা গণকুছিৰ কলবাৰী সত্ৰলৈ হেকতা মাহ খুৱাবলৈ নিয়া হ'ব । তাৰপৰা ওভটাই অনাৰ পাছত বৰপেটা সত্ৰৰ দালান তথা মূল বাটচৰাত বাহ ভঙা কাৰ্যসূচী অনুষ্ঠিত হ'ব । চাৰি হাটীৰ ভকত বৃন্দই চাৰিডাল বাঁহ ভঙাৰ পাছত গোঁসাইক সত্ৰৰ মূল গৃহৰ চৌদিশে সাতপাক ঘুৰোৱা হ'ব । তাৰ পাছত সত্ৰীয়া নীতি-নিয়মৰ মাজেৰে পুনৰ সত্ৰৰ নিৰ্দিষ্ট স্থানত গোঁসাইক অধিষ্ঠিত কৰা হয় । ইয়াৰ লগে লগে এইবাৰৰ দৌল মহোৎসৱৰ সামৰণি পৰিব ।

উল্লেখ্য় যে দেওবাৰৰ পৰা বৰপেটা সত্ৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে দৌল মহোৎসৱৰ গোন্ধ সভা বা বহ্নুৎসৱ ৷ বহ্নুৎসৱ উপলক্ষে কালি সত্ৰৰ মনিকূট গৃহত থকা দৌল গোবিন্দ মহাপ্ৰভূ আৰু কলীয়া ঠাকুৰ গোসাঁই কীৰ্তনঘৰৰ মনিকূট গৃহৰ পৰা বাহিৰলৈ উলিয়াই অনা হয় ৷ দৌল গোবিন্দ মহাপ্ৰভূক পূব দুৱাৰ আৰু কলীয়া ঠাকুৰ গোসাঁইক উত্তৰৰ দুৱাৰেৰে সত্ৰৰ মঠৰ চোতাললৈ উলিয়াই আনি বৰ শৰাইত ৰাখি মহাস্নান পৰ্ব সম্পন্ন কৰা হয় ৷

লগতে পঢ়ক:ৰাজ্যজুৰি দৌল মহোৎসৱ: বৰপেটা সত্ৰত দৌল গোবিন্দ মহাপ্ৰভু আৰু কলীয়া ঠাকুৰ গোসাঁইৰ মহাস্নান পৰ্ব - Doul Utsav 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.