ETV Bharat / state

মানৱসেৱক-সাংবাদিক মজিবুৰ ৰহমানক ২০২৪ বৰ্ষৰ বৰপেটা বঁটা প্ৰদান - Barpeta Award 2024

author img

By ETV Bharat Assamese Team

Published : Apr 15, 2024, 3:34 PM IST

সমাজলৈ আগবঢ়োৱা বিশেষ সেৱাৰ বাবে সাংবাদিক মজিবুৰ ৰহমানক 'বৰপেটা বঁটা' প্ৰদান ৷ বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই পহিলা ব'হাগৰ দিনটোত প্ৰদান কৰি আহিছে বৰপেটা বঁটা ৷

BARPETA AWARD 2024
২০২৪ বৰ্ষৰ বৰপেটা বঁটা প্ৰদান

মজিবুৰ ৰহমানক ২০২৪ বৰ্ষৰ বৰপেটা বঁটা প্ৰদান

বৰপেটা, 15 এপ্ৰিল : মানৱসেৱী, সমাজকৰ্মী, সাংবাদিক মজিবুৰ ৰহমানক পহিলা ব'হাগৰ দিনটোত 'বৰপেটা বঁটা' প্ৰদান ৷ বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই আয়োজন কৰা মুকলি বিহুৰ অনুষ্ঠানত সমাজলৈ আগবঢ়োৱা বিশেষ সেৱাৰ বাবে সাংবাদিক মজিবুৰ ৰহমানক 'বৰপেটা বঁটা' প্ৰদান কৰা হয় ৷ বৰপেটাৰ জিলা উপায়ুক্ত আয়ুস গৰ্গৰ উপস্থিতিত সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ নিৰ্মল অধিকাৰীয়ে মজিবুৰ ৰহমানক প্ৰদান কৰে এই 'বৰপেটা বঁটা' ৷

মানৱসেৱী সমাজকৰ্মী গৰাকীক গামোচা, চেলেং চাদৰ, শৰাই, জাপি, প্ৰশস্তি পত্ৰ আৰু নগদ দহ হাজাৰ টকাসহ সন্মানীয় 'বৰপেটা বঁটা' প্ৰদান কৰা হয় ৷ উল্লেখ্য যে, সমাজলৈ আগবঢ়োৱা অনবদ্য অবদানৰ বাবে প্ৰতিবছৰে একোগৰাকী বিশেষ ব্যক্তিক বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই পহিলা ব'হাগৰ দিনটোত 'বৰপেটা বঁটা' প্ৰদান কৰি আহিছে ৷

বৰপেটা বঁটাপ্ৰাপক মজিবুৰ ৰহমানে 2000 চনৰ পৰা সাংবাদিকতাৰ ক্ষেত্ৰখনত জড়িত ৷ তেওঁ নলবাৰীত 'শান্তি নিৱাস বৃদ্ধাশ্ৰম' আৰু 'শান্তি নিৱাস অনাথ আশ্ৰম' প্ৰতিষ্ঠা কৰি পৰিয়ালৰ দ্বাৰা অৱহেলিত আৰু অনাথ লোকক আশ্ৰয় প্ৰদান কৰি সমাজখনলৈ অনবদ্য অবদান আগবঢ়াই আহিছে ৷ ইফালে বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই আয়োজন কৰা বিহুৰ অনুষ্ঠানত কেইবাটাও দলে বিহু পৰিৱেশন কৰাৰ লগতে আমন্ত্ৰিত শিল্পী বিপিন চাওদাঙে সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰে ৷

বঁটা গ্ৰহণ কৰি মজিবুৰ ৰহমানে 2008 চনত সন্তানৰ দ্বাৰা অৱহেলিত এগৰাকী বৃদ্ধাক লৈ 'শান্তি নিৱাস বৃদ্ধাশ্ৰম' আৰম্ভ কৰিছিল বুলি জনায় ৷ পৰৱৰ্তী সময়ত তেওঁ শান্তি নিৱাস অনাথ আশ্ৰম প্ৰতিষ্ঠা কৰে ৷ জীৱনৰ শেষ সময়ছোৱাত আশ্ৰয়হীন হৈ পৰা মানুহখিনিক মৰমেৰে ৰখাৰ বাবে তেওঁ এই ব্যৱস্থা গ্ৰহণ কৰে বুলি জানিবলৈ দিয়ে ৷ উল্লেখ্য যে, এই আশ্ৰমত মজিবুৰ ৰহমানে অকলেই আৱাসী সকলক সেৱা আগবঢ়ায় ৷ আশ্ৰমত কাম কৰাৰ বাবে কোনো কৰ্মচাৰী ৰখা নাই তেওঁ ৷ এইক্ষেত্ৰত চৰকাৰেও আজিলৈকে কোনো অনুদান আগবঢ়োৱা নাই বুলি জানিবলৈ দিয়ে তেওঁ ৷

লগতে পঢ়ক : ৰঙালীৰ ৰঙত মতলীয়া অসম; ভিন্ন প্ৰান্তত বিহু উদযাপন - RONGALI BIHU 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.