ETV Bharat / state

দিল্লীত গেৰুৱা বসন পিন্ধিবলৈ সাজু ৰাণা গোস্বামী; যোৰহাটত মিশ্ৰিত প্ৰতিক্ৰিয়া

author img

By ETV Bharat Assamese Team

Published : Feb 28, 2024, 3:37 PM IST

Rana Goswami to Join BJP : মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতাত আৰু নেতৃত্বতে ৰাণা গোস্বামীয়ে গেৰুৱা বসন পৰিধান কৰিবলৈ ইতিমধ্যে সাজু হৈছে । আনহাতে, দিল্লীত আনুষ্ঠানিকভাৱে গেৰুৱা বসন পৰিধান কৰাৰ সম্ভৱনা থাকিলেও ৰাণা গোস্বামীয়ে গুৱাহাটীস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত গেৰুৱা বসন পৰিধান কৰা সকলো কাৰ্য সম্পূৰ্ণ কৰিব বুলি আন এটা সুত্ৰই ইংগিত দিছে ।

দিল্লীত গেৰুৱা বসন পিন্ধিবলৈ সাজু ৰাণা গোস্বামী

যোৰহাট, ২৮ ফেব্ৰুৱাৰী : প্ৰদেশ কংগ্ৰেছত পুনৰবাৰ মোক্ষম আঘাত হানি বুধবাৰে দল ত্যাগ কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাণা গোস্বামীয়ে । যোৰহাটৰ অবিসম্বাদী কংগ্ৰেছ নেতা তথা প্ৰাক্তন বিধায়কগৰাকীৰ দলৰ পৰা পদত্যাগে এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰিছে । আনহাতে, এই সন্দৰ্ভত যোৰহাটত সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ ।

উল্লেখ্য যে বিগত কিছুদিনত বহু জ্যেষ্ঠ কংগ্ৰেছীয়ে দল ত্যাগ কৰি বিজেপিত যোগদানৰ ধুম উঠাৰ মাজতে জ্যেষ্ঠ কংগ্ৰেছী ৰাণা গোস্বামীয়েও বিজেপিত যোগদান কৰিব বুলি গুজৱ ওলাইছিল । কিন্তু এই গুজৱক সাৰ-পানী যোগাই ৰাণা গোস্বামীয়ে কংগ্ৰেছ দল ত্যাগ কৰাৰ বাবে এআইচিচিৰ সাধাৰণ সম্পাদক কে চি বেণুগোপাললৈ পদত্যাগ-পত্ৰ প্ৰেৰণ কৰে ।

ক্ষমতাৰ লোভত আৰু ৰাজনৈতিক ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থতে যোৰহাট কংগ্ৰেছৰ প্ৰভাৱশালী নেতা ৰাণা গোস্বামীয়ে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি পদৰ পৰা পদত্যাগ কৰাৰ লগতে প্ৰাথমিক সদস্যৰ পৰাও পদত্যাগ কৰে । এই পদত্যাগ-পত্ৰ কে চি বেণুগোপালৰ লগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈও প্ৰেৰণ কৰে ।

আনহাতে, পদত্যাগ-পত্ৰ দাখিলৰ পিছত ৰাণা গোস্বামীয়ে বৰ্তমান দিল্লীত বিজেপি ৰাষ্ট্ৰীয় শীৰ্ষ নেতৃত্বৰ সাক্ষাতৰ বাবে অপেক্ষাত আছে । জানিব পৰা মতে, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা দিল্লীত উপস্থিত হোৱাৰ লগে লগে ৰাণা গোস্বামীয়ে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰিব । সেই উদ্দেশ্য লৈয়ে গুৱাহাটীৰ পৰা দিল্লীলৈ উৰা মাৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব । মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতাত আৰু নেতৃত্বতে ৰাণা গোস্বামীয়ে গেৰুৱা বসন পৰিধান কৰিবলৈ ইতিমধ্যে সাজু হৈছে ।

আনহাতে, দিল্লীত আনুষ্ঠানিকভাৱে গেৰুৱা বসন পৰিধান কৰাৰ সম্ভৱনা থাকিলেও ৰাণা গোস্বামীয়ে গুৱাহাটীস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত গেৰুৱা বসন পৰিধান কৰা সকলো কাৰ্য সম্পূৰ্ণ কৰিব বুলি আন এটা সুত্ৰই ইংগিত প্ৰদানৰ কৰিছে । ইফালে ৰাণা গোস্বামীয়ে বিজেপিত যোগদানৰ বিনিময়ত ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ পৰা টিকট লাভ কৰা সম্ভৱনা থকাৰ লগতে পৰ্যটন বিভাগৰ অধ্যক্ষ পদো লাভ কৰা সম্ভাৱনা আছে বুলি এক সুত্ৰই প্ৰকাশ কৰিছে ।

আনহাতে, ৰাণা গোস্বামীয়ে গেৰুৱা বসন পৰিধানৰ পিছতে তেওঁৰ অনুগত জিলা কংগ্ৰেছৰ কেইবাজনো নেতা-কৰ্মী আৰু পৌৰ সদস্যয়ো বিজেপিত যোগদানৰ প্ৰৱল সম্ভাৱনা আছে । উল্লেখ্য যে ৰাণা গোস্বামীয়ে কংগ্ৰেছ এৰি গেৰুৱা বসন পৰিধান কৰাটো যে যোৰহাট কংগ্ৰেছৰ বাবে এক মোক্ষম আঘাত সেয়া এক প্ৰকাৰ নিশ্চিত বুলি ৰাজনৈতিক সূত্ৰই দাবী কৰিছে । লগতে এই প্ৰভাৱ যোৰহাটতে সীমাবদ্ধ নাথাকি উজনি অসমলৈও সম্প্ৰসাৰিত হ'ব বুলি কোৱা হৈছে ।

ইফালে ৰাণা গোস্বামীৰ বিজেপি যাত্ৰাক লৈ যোৰহাট কংগ্ৰেছত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । লগতে ৰাণা গোস্বামীৰ ক্ষমতালোভী মনোভাবক যোৰহাটবাসীয়ে গৰিহণা প্ৰদান কৰিছে । উল্লেখ্য, ৰাণা গোস্বামীয়ে কংগ্ৰেছ এৰা পৰিকল্পনা ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্রাৰ পিছৰ পৰাই আৰম্ভ কৰিছিল বুলিও এক সূত্ৰত প্ৰকাশ ।

লগতে পঢ়ক :কংগ্ৰেছৰ প্ৰতি মোহভংগ হ’ল ৰাণা গোস্বামীৰ; কেচি বেনুগোপাললৈ পদত্যাগ পত্ৰ প্ৰেৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.