ETV Bharat / state

ক্ষুদ্ৰ চাহ খেতিয়ক আৰু বটলিফ ফেক্টৰিৰ মাজত বুজাবুজি ! যুটীয়া সংবাদমেল - Assam Tea

author img

By ETV Bharat Assamese Team

Published : Jun 28, 2024, 10:32 PM IST

Assam Tea Industry : তিনিচুকীয়া প্ৰেছ ক্লাবত ‘অল আচাম বটলিফ টী মেনুফেকচাৰ এছ’চিয়েশ্যন’ আৰু ‘আপাৰ আচাম স্মল টি প্লেনটাৰ্চ এছ’চিয়েশ্যন’ৰ যুটীয়া সংবাদমেল ৷ অসমৰ পৰিৱেশৰ সাম্যক জ্ঞান থকা ব্যক্তিকহে টী ব’ৰ্ডৰ সদস্য নিৰ্বাচিত কৰিব লাগে বুলি মন্তব্য অল আচাম বটলিফ টী মেনুফেকচাৰ এছ’চিয়েশ্যন’ৰ সভাপতি চান কুমাৰ গোঁহাইৰ ৷

SMALL TEA PLANTERS ASSOCIATION
বুজাবুজিত ক্ষুদ্ৰ চাহ খেতিয়ক আৰু বটলিফ ফেক্টৰী (ETV BHARAT ASSAM)

তিনিচুকীয়া, 28 জুন : অসমৰ চাহ অৰ্থনীতিত গুৰুত্বপূৰ্ণ যোগদান আগবঢ়োৱা ক্ষুদ্ৰ চাহ খেতিয়ক আৰু বটলিফ ফেক্টৰীসমূহৰ মাজত দীৰ্ঘ দিন ধৰি চলি আহিছে মতানৈক্য ৷ পৰৱৰ্তী সময়ত অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ সংগঠনসমূহ আৰু বটলিফ ফেক্টৰীৰ মালিক পক্ষৰ লগতে টী ব’ৰ্ড আৰু অসম চৰকাৰৰ মাজত হোৱা আলোচনাত বিগত সময়ত সৃষ্টি হোৱা সমস্যাসমূহৰ সমাধান সূত্ৰ বাহিৰ কৰা হয় ৷

টি মেনুফেকচাৰ এছ’চিয়েশ্যন আৰু স্মল টি প্লেনটাৰ্চ এছ’চিয়েশ্যনৰ যুটীয়া সংবাদমেল (ETV BHARAT ASSAM)

আজি তিনিচুকীয়া প্ৰেছ ক্লাবত ‘অল আচাম বটলিফ টী মেনুফেকচাৰ এছ’চিয়েশ্যন’ আৰু ‘আপাৰ আচাম স্মল টী প্লেনটাৰ্চ এছ’চিয়েশ্যনে’ যুটীয়াভাৱে এক সংবাদমেল আয়োজন কৰি এই সমস্যা সমাধানৰ কথা উল্লেখ কৰে ৷

‘অল আচাম বটলিফ টী মেনুফেকচাৰ এছ’চিয়েশ্যন’ৰ সভাপতি চান কুমাৰ গোঁহাইয়ে সংবাদমেলত কয় যে, চলিত বৰ্ষৰ এপ্ৰিল মাহৰ পৰা তেওঁলোকৰ উৎপাদিত 100 শতাংশ চাহেই নিলামৰ যোগেদি বিক্ৰী কৰা আৰু 'এফ এছ এছ এ আই’ৰ মানদণ্ডৰ চাহৰ বিক্ৰীৰ ক্ষেত্ৰত টি ব’ৰ্ডে জাননী জাৰি কৰে ৷ এই জাননীৰ লগতে পূৰ্বৰ অৰ্ধশতাধিক নিষিদ্ধ ৰাসায়নিক দ্ৰব্যৰ উপৰিও নতুনকৈ ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰ নিষিদ্ধ কৰিবলৈ নিৰ্দেশ দিয়ে ৷

ইয়াৰ উপৰিও চাহ ক্ৰয় কৰা সকলেও বটলিফ ফেক্টৰীলৈ এক পত্ৰ প্ৰেৰণ কৰি উল্লেখ কৰে যে, তেওঁলোকৰ উৎপাদিত চাহত নিষিদ্ধ ঘোষিত এই ৰাসায়নিক দ্ৰব্য নথকা হ’লেহে চাহ বিক্ৰীৰ বাবে প্ৰেৰণ কৰিব পাৰিব ৷ এই সমস্যাসমূহৰ বাবে বটলিফ ফেক্টৰীসমূহে নিজৰ লোকচানৰ বাবে ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা কেঁচাপাত ল’বলৈ বন্ধ কৰি দিয়ে ৷ কাৰণ ক্ষুদ্ৰ চাহ খেতিয়কে ফেক্টৰীলৈ অনা পাতসমূহত নিষিদ্ধ ৰাসায়নিক দ্ৰব্যৰ উপস্থিতি আছে নে নাই তাক পৰীক্ষা কৰিবলৈ নাই কোনোধৰণৰ সুবিধা ৷

লগতে পঢ়ক : চাহ খেতিয়কে ম'বাইলতে লাভ কৰিব খেতিৰ তথ্য, সংযোজিত হ'ব নতুন প্ৰযুক্তি - New Technology for tea farmers

চান কুমাৰ গোহাঁইয়ে সংবাদমেলত কয় যে, অসমত আজিলৈকে কেঁচাপাত পৰীক্ষা কৰিবলৈ এটাও লেবৰেটৰী নাই ৷ তেনেস্থলত টি ব’ৰ্ডে হঠাতে এনেদৰে জাননী জাৰি কৰাত বিমোৰত পৰে বটলিফ ফেক্টৰীৰ মালিকসকল ৷ কাৰণ ৰাসায়নিক দ্ৰব্যৰ উপস্থিতি ধৰা পৰিলে চাহ ক্ৰয় কৰা সকলে উৎপাদিত চাহ ঘূৰাই পঠাই ৷ ফলত বটলিফ ফেক্টৰীসমূহ যথেষ্ট লোকচানৰ সন্মুখীন হয় ৷

ৰাসায়নিক দ্ৰব্য ব্যৱহাৰৰ ক্ষেত্ৰত টি ব’ৰ্ডে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ মাজত সজাগতা সৃষ্টি কৰাটো অতি জৰুৰী হৈ পৰিছে বুলি কয় তেওঁ ৷ লগতে তেওঁ উল্লেখ কৰে যে শেহতীয়াভাৱে অসম চৰকাৰৰ লগত হোৱা আলোচনাৰ পাচতে ‘অল আচাম বটলিফ টী মেনুফেকচাৰ এছ’চিয়েশ্যনে’ নিজা উদ্যোগত গুজৰাটৰ পৰা এটা লেবৰেটৰী আনি ডিব্ৰুগড়ত স্থাপন কৰে ৷ এই লেবৰেটৰীত কেঁচাপাতৰ লগতে ‘মেড টী’ পৰীক্ষা কৰিব পৰা যাব ৷ সম্প্ৰতি প্ৰতিটো বটলিফ ফেক্টৰীয়ে নিজৰ ফেক্টৰীলৈ অহা কেঁচাপাত এই লেবৰেটৰীত পৰীক্ষা কৰাৰ লগতে 'মেড টী'ও পৰীক্ষা কৰে ৷

তেওঁ লগতে কয় যে বটলিফ ফেক্টৰীসমূহে উন্নত মানদণ্ডৰ কেঁচাপাত পালেহে তেওঁলোকৰ উৎপাদিত চাহৰ উচিত মূল্য পাব আৰু উচিত মূল্য পালেহে ক্ষুদ্ৰ চাহ খেতিয়কক উচিত মূল্য দিব পাৰিব ৷ লগতে গোহাঁইয়ে উল্লেখ কৰে যে অসমৰ পৰিৱেশৰ লগত সাম্যক জ্ঞান থকা ব্যক্তিক হে টী ব’ৰ্ডৰ সদস্য নিৰ্বাচিত কৰিব লাগে ৷ বহিৰাগত লোকক টী ব’ৰ্ডে সদস্য ৰখাৰ বাবেও বহু সমস্যাৰ সৃষ্টি হয় ৷

আনহাতে সংবাদমেলত উপস্থিত থকা ‘আপাৰ আচাম স্মল টী প্লেনটাৰ্চ এছ’চিয়েশ্যন’ৰ সম্পাদক দিগন্ত হাজৰিকাই কয় যে ক্ষুদ্ৰ চাহ খেতিয়ক আৰু বটলিফ ফেক্টৰী দুয়োটা এটা মুদ্ৰাৰ ইপিঠি সিপিঠি ৷ এটাৰ অবিহনে আনটো নচলে ৷ গতিকে দুয়োটা পক্ষই সমিলমিলেৰে চলিলেহে সকলো ঠিক থাকিব ৷

তেওঁ কয় যে ক্ষুদ্ৰ চাহ খেতিয়ক আৰু বটলিফ ফেক্টৰীৰ মাজত হোৱা সমস্যা শেহতীয়াভাৱে মুখ্যমন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত সমাধান হয় ৷ অসমত কেঁচাপাতৰ পৰীক্ষা কেন্দ্ৰ নথকাত কলকতাত কৰিব লগা হয় যিটো অসমৰ লক্ষাধিক ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে সম্ভৱ নহয় ৷ ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা পূৰ্বে প্ৰতি কেজি কেঁচাপাতৰ বিপৰীতে সংগ্ৰহ কৰি ৰখা উপকৰ বৰ্তমান চৰকাৰৰ ঘৰত প্ৰায় 200 কোটি টকা জমা হৈ আছে ৷

সেয়েহে উজনিৰ 6 খন জিলাত একোটা লেবৰেটৰী এই জমা ধনৰ পৰা খৰছ কৰি স্থাপন কৰিবলৈ তেওঁ চৰকাৰক আহ্বান জনায় ৷ লগতে টী ব’ৰ্ডত মোহিত আগৰৱালাৰ দৰে ব্যৱসায়ীক সদস্য কৰাৰ পৰা বিৰত থাকি অসমৰ বতাহ-পানীৰ লগত জড়িত ব্যক্তিক সদস্যভুক্ত কৰিবলৈ আহ্বান জনায় তেওঁ ৷

লগতে পঢ়ক : ডিব্ৰুগড়ত মুকলি হ’ল ৰাজ্যৰ প্ৰথমটো চাহ পৰীক্ষা কৰা ভ্ৰাম্যমাণ পৰীক্ষাগাৰ - Assam Tea

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.