ETV Bharat / state

জয়ী হ'লে CAA ৰ বিৰোধিতা কৰিব জন ইংতি কাথাৰে - Lok Sabha Election 2024

APHLC election campaign: ডিফুত APHLC দলৰ বৃহৎ সমদল ৰাজহুৱা সভাৰে শক্তি প্ৰদৰ্শন । সংবিধানৰ ষষ্ঠ অনসূচী, স্বায়ত্তশাসিত ৰাজ্যৰ দাবী । CAA ৰ বিৰোধীতাৰ হুংকাৰ প্ৰাৰ্থী জন ইংতি কাথাৰৰ ।

John Ingti Kathar to oppose CAA if he wins
জয়ী হ'লে CAA ৰ বিৰোধীতা কৰিব জন ইংতি কাথাৰে
author img

By ETV Bharat Assamese Team

Published : Mar 20, 2024, 9:30 PM IST

জয়ী হ'লে CAA ৰ বিৰোধীতা কৰিব জন ইংতি কাথাৰে

ডিফু,২০ মার্চ: ২৬ মাৰ্চত দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ক্ৰমাৎ উত্তপ্ত হোৱাৰ দিশে অগ্ৰসৰ হৈছে ডিফু সংসদীয় সমষ্টিৰ অন্তৰ্গত তিনিওখন পাহাৰীয়া জিলাৰ ৰাজনৈতিক বাতাবৰণ । ইয়াৰে অংশ হিচাপে পাহাৰৰ আঞ্চলিক ৰাজনৈতিক দল অল পাৰ্টি হিলছ লীডাৰ্ছ কনফাৰেন্স চমুকৈ এপিএইচএলচিয়ে জিলাখনত আজি বৃহৎ সমদল উলিওৱাৰ লগতে গণসভা অনুষ্ঠিত কৰি আগত নিৰ্বাচনৰ বাবে ৰণডংকা বজায় ।

  • " class="align-text-top noRightClick twitterSection" data="">

শাসকীয় বিজেপি আৰু বিৰোধী কংগ্রেছ দলে বৃহৎ নির্বাচনী সভা আৰু সমদল বাহিৰ কৰা নাই যদিও আজি ডিফুৰ পৰা এক বৃহৎ সমদল বাহিৰ কৰি চমক দিয়ে আঞ্চলিক ৰাজনৈতিক দল এপিএইচএলচিয়ে । দলটোৰ শীর্ষ নেতা তথা নির্বাচনৰ প্রার্থী তথা প্রাক্তন প্রশাসনীয় বিষয়া জন ইংতি কাথাৰৰ নেতৃত্বত বুধবাৰে ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ পৰা দলটোৱে এক বৃহৎ বাইক আৰু গাড়ীৰ ৰেলীৰে প্রায় ৫০ কিলোমিটাৰ দূৰৈৰ তাৰাবাছাত এখন বাজহুৱা সভাত অংশগ্রহণ কৰে ৷

ডিফু লোকসভা আসনখনৰ বাবে ইতিমধ্যে বিজেপি, কংগ্রেছ, এএছডিচি, গণসুৰক্ষা আৰু এপিএইচএলচি দলে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে । আজিৰ এই ৰেলীত নৱপ্রজন্মই মুখ্য ভূমিকা গ্রহণ কৰা পৰিলক্ষিত হয় । ৰাজহুৱা সভাত জন ইংতি কাথাৰে বিজেপি আৰু কংগ্ৰেছ দলক আক্রমণৰ লক্ষ্য কৰি লয় ।

কাৰ্বি আংলঙৰ কাৰ্বি, ডিমাছা, তিৱা, কুকি, আদিবাসী, অসমীয়া আদি খিলঞ্জীয়াৰ স্বার্থত দলটোৱে কাম কৰিব বুলি কাথাৰে অংগীকাৰ কৰে । ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুচ্ছেদৰ ৰূপায়ণ, স্বায়ত্তশাসিত ৰাজ্যৰ দাবীৰ লগতে আগত দিনত দলটোৱে CAA ৰ দৰে আইনৰ তীব্ৰ বিৰোধিতা কৰি যাব বুলি হুংকাৰ দিয়ে দলটোৰ সভাপতি তথা সমাগত লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী জন ইংতি কাথাৰে ।

লগতে পঢ়ক: বিজেপি ত্যাগৰ এদিন পিচতে কংগ্ৰেছত যোগদান প্ৰাক্তন বিধায়ক আমিনুল হক লস্কৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.