ETV Bharat / state

জানুৱাৰীলৈকে কোনো ৰাজহ চক্ৰ কাৰ্যালয় বন্ধ নহয়: যোগেন মহন

ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় বন্ধৰ কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই ৰাজ্য চৰকাৰে । জনালে ৰাজহ বিভাগৰ মন্ত্ৰী যোগেন মহনে ।

Jogen Mahan said that false reports about the closure of the revenue circle officer's office
বন্ধ নহয় ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 2 hours ago

মৰাণ: ৰাজ্যখনৰ ৩৬টা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় বন্ধ হ'ব বুলি বুধবাৰে পুৱাৰে পৰা সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত ব্যাপকভাৱে প্ৰচাৰ চলিছিল । ৰাজহ চক্ৰৰ কাৰ্যালয় বন্ধ কৰিবলৈ বিচৰা খবৰ ৰাজহুৱা হোৱাৰ পাছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল বিৰূপ প্ৰতিক্ৰিয়া । ৰাজ্যৰ ৰাজহ বিভাগে লোৱা এই হঠকাৰী সিদ্ধান্তই সাধাৰণ ৰাজ্যক সমস্যাত পেলাব বুলি দাবী কৰি বিভিন্ন দল-সংগঠনে এই সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনাইছিল ।

কিন্তু ৩৬ টা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় বন্ধ কৰিবলৈ লোৱা খবৰ এক উৰা বাতৰি বুলিহে উল্লেখ কৰে ৰাজহ মন্ত্ৰী যোগেন মহনে । চৰাইদেউৰ সোণাৰিত এই সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাজহ বিভাগৰ কেবিনেট মন্ত্ৰীগৰাকীয়ে কয়,"৩৬ টা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় বন্ধ হ'ব বুলি ওলোৱা খবৰটো সম্পূৰ্ণৰূপে ভুৱা খবৰ । এতিয়া মিছন বসুন্ধৰা ৩ ৰ‌ কাম আৰম্ভ কৰিছোঁ । ডিচেম্বৰলৈকে পূৰ্বৰ দৰেই চলি থাকিব চক্ৰ বিষয়াৰ কাৰ্যালয় । কিন্তু সম জিলা আৰম্ভ হোৱাৰ বাবে পৰৱৰ্তী সময়ত কিছু সালসলনি কৰা হ'ব ।"

বন্ধ নহয় ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় (ETV Bharat Assam)

তেওঁ লগতে কয়, "জানুৱাৰীলৈকে কোনো ৰাজহ চক্ৰ কাৰ্যালয় বন্ধ নহয় । এটা সমষ্টিত এটা ৰাজহ চক্ৰ কাৰ্যালয় স্থাপনৰ বিষয়ে আলোচনা হৈ আছে । জনসংখ্যাৰ ভিত্তিত কোনো সমষ্টিত দুটা কাৰ্যালয় হ'ব পাৰে । মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত কেবিনেটত সিদ্ধান্ত ল'ব ।" এই ক্ষেত্ৰত ৰাইজক শংকিত নহ'বলৈ আহ্বান জনাই ৰাজহ মন্ত্ৰী যোগেন মহনে । তেওঁ লগতে কয়,"ৰাইজৰ সমস্যা সৃষ্টি হোৱা কোনো সিদ্ধান্ত নলয় চৰকাৰে ।"

লগতে পঢ়ক: কংগ্ৰেছে মুন্না ভাই এ চি এছ মুন্না ভাই এ পি এছ সৃষ্টি কৰিছিল: ভৱেশ কলিতা

চামগুৰিত কংগ্রেছ-এ আই ইউ ডি এফৰ গোপন মিত্ৰতা : বিজেপি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.