গুৱাহাটী : এইবাৰ ডাক্তৰৰ ৰূপত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা ৷ বিৰোধী বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ পুৰণি বেমাৰ ধৰা পেলাইছে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই । কি বেমাৰ হৈছে অখিল গগৈৰ সেয়া মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই জানে । অখিল গগৈৰ বেমাৰৰ বিষয়ে ব্য়াখ্য়া কৰিলে মন্ত্ৰীগৰাকীয়ে ।
মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা জয়ন্ত মল্লবৰুৱাই বিধায়ক অখিল গগৈক তীব্ৰ সমালোচনা কৰি কয়,"অদ্ভূত সপোন দেখাটো অখিল গগৈৰ এটা পুৰণি বেমাৰ ৷ অখিল গগৈ সেই বেমাৰৰ এতিয়াও চিকাৰ হৈ আছে ৷’’
মঙলবাৰে সাংবাদিকৰ আগত ২০২৬ত চৰকাৰ গঠনৰ সপোন দেখা ৰাইজৰ দলৰ শিৱসাগৰৰ বিধায়ক অখিল গগৈক আক্ৰমণ কৰি মন্ত্ৰীগৰাকীয়ে কয়, "মানুহে সপোন দেখিব লাগে; কিন্তু সপোনবিলাক বাস্তৱ হোৱা সপোন দেখিব লাগে ৷ বাংলাদেশী মুছলমান, যাক আমি মিঞা বুলি কওঁ, সেই মিঞাৰ ভোটেৰে সপোন দেখা মানুহ অসমত বহুত আছে ৷ যেতিয়ালৈকে ভাৰতবৰ্ষত নৰেন্দ্ৰ মোদীৰ নেতৃত্ব থাকিব, অসমত ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্ব থাকিব, তেতিয়ালৈকে মিঞাৰ সমৰ্থনত সপোন দেখা মানুহবিলাকৰ সপোনবিলাক বাস্তৱ নহয় ৷ এইবিলাক বন্ধ কৰিবৰ কাৰণে আমি আছো, আমাৰ চৰকাৰ আছে ৷”
মিঞাৰ ভোটেৰে কিংমেকাৰ হ'ব নোৱাৰে
আনহাতে, ২০২৬ত বিৰোধীৰ চৰকাৰ হ’লে শ্বেৰমান আলী আহমেদ জলসম্পদ মন্ত্ৰী হ’ব বুলি কৈছিল ! এই সন্দৰ্ভত সাংবাদিকে মন্ত্ৰীগৰাকীৰ পৰা প্ৰতিক্ৰিয়া জানিবলৈ বিচৰাত ৰাজ্যৰ পৰৱৰ্তী চৰকাৰত মন্ত্ৰী হোৱাৰ সপোন দেখা শ্বেৰমান আলী আহমেদক কটাক্ষ কৰি মন্ত্ৰীগৰাকীয়ে কয়, "মিঞাৰ সহযোগিতাত যিয়ে সপোন দেখে,সেই সপোনবিলাক বাস্তৱ নকৰিবৰ কাৰণেই আমাৰ চৰকাৰ ৷ আমি যেতিয়ালৈকে থাকিম,সেই সপোন কেতিয়াও বাস্তৱ নহয় ৷ আমি থকালৈকে মিঞাৰ ভোটেৰে মুখ্যমন্ত্ৰী হোৱা, মিঞাৰ ভোটেৰে মন্ত্ৰী হোৱা, মিঞাৰ ভোটেৰে কিংমেকাৰ হোৱা যি সপোন এই সপোনবিলাক বাস্তৱ হ’বলৈ নিদিওঁ ৷ অসমৰ ৰাইজে আমাক সেই কাৰণে দায়িত্ব দিছে বুলি মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত মন্তব্য কৰে ৷"