ETV Bharat / state

চাবুৱাত জনজাতীয় গৌৰৱ দিৱস: বীৰছা মুণ্ডাক স্মৰণ সৰ্বানন্দ সোণোৱালৰ - JANJATIYA GAURAV DIVAS 2024

জনজাতীয় গৌৰৱ দিৱস উপলক্ষে চাবুৱাত বীৰছা মুণ্ডাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন সৰ্বানন্দ সোণোৱালৰ ।

Minister Sarbananda Sonowal
বীৰছা মুণ্ডাক স্মৰণ সৰ্বানন্দ সোণোৱালৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Nov 15, 2024, 6:43 PM IST

চাবুৱা : ভাৰতৰ স্বাধীনতা সংগ্ৰামী ভগৱান বীৰছা মুণ্ডাৰ জন্মজয়ন্তী উপলক্ষে শুকুৰবাৰে দেশজুৰি পালন কৰা হয় জনজাতীয় গৌৰৱ দিৱস । ব্ৰিটিছ শাসনকালত বীৰছা মুণ্ডাই ভাৰতৰ আধুনিক বিহাৰ আৰু ঝাৰখণ্ডত জনজাতীয় লোকসকলক গণ সংগ্ৰামৰ নেতৃত্ব দিছিল । সেইগৰাকী স্বাধীনতা সংগ্ৰামী নেতাক শ্ৰদ্ধা জনাই কেন্দ্ৰীয় চৰকাৰে জনজাতীয় গৌৰৱ দিৱস পালন কৰি আহিছে ।

বীৰছা মুণ্ডাক শ্ৰদ্ধাঞ্জলি সৰ্বানন্দ সোণোৱালৰ

বীৰছা মুণ্ডাক স্মৰণ সৰ্বানন্দ সোণোৱালৰ (ETV Bharat)

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বীৰছা মুণ্ডাৰ ১৫০ বছৰীয়া জন্মজয়ন্তী ডিব্ৰুগড়ৰ চাবুৱাতো পালন কৰা হয় । চাবুৱাৰ দিনজয় চাহ বাগিচাৰ খেলপথাৰত ভাৰত চৰকাৰৰ জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ উদ্যোগত জনজাতীয় গৌৰৱ দিৱস পালন কৰা হয় । এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ভাৰত চৰকাৰৰ জাহাজ, বন্দৰ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

এই অনুষ্ঠানতে ডিব্ৰুগড় জিলাৰ বিভিন্ন স্থানৰ পৰা অহা প্ৰায় ১০,০০০ লোকে বিহাৰৰ পৰা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাৰ্ছুৱেল আধাৰশিলা অনুষ্ঠানো প্ৰত্যক্ষ কৰে । এই অনুষ্ঠানৰ আৰম্ভণিতে সৰ্বানন্দ সোণোৱালৰ লগতে উপস্থিত বিশিষ্ট লোকসকলে আদিবাসী লোকৰ বীৰত্বৰ প্ৰতীকস্বৰূপ বীৰছা মুণ্ডাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

ঔপনিৱেশিক ইংৰাজৰ বিৰুদ্ধে গঢ়ি তোলা অপ্ৰতিৰোধ্য স্বাধীনতা সংগ্ৰামত বীৰছা মুণ্ডাৰ নেতৃত্বক সদায় সুঁৱৰিব লাগিব বুলি মন্ত্ৰী সোণোৱালে ভাষণ প্ৰসংগত উল্লেখ কৰে । অনুষ্ঠানত সৰ্বানন্দ সোণোৱালৰ লগতে অসম চৰকাৰৰ মন্ত্ৰী বিমল বৰা, যোগেন মহন, সঞ্জয় কিষাণ, বিধায়ক প্ৰশান্ত ফুকন, বিনোদ হাজৰিকা, পোনাকণ বৰুৱা, তেৰচ গোৱালা, চক্ৰধৰ গগৈসহ প্ৰশাসনৰ বিষয়ববীয়াসকল উপস্থিত থাকে ।

কংগ্ৰেছক সমালোচনা সোণোৱালৰ

চৰকাৰক প্ৰশংসা কৰি সংবাদ মাধ্যমৰ সন্মুখত সৰ্বানন্দ সোণোৱালে কয়,"প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সু-শাসনত ভাৰতৰ জনজাতি আৰু জনগোষ্ঠীয়সকল শক্তিশালী হৈ উঠিছে । ১৫০ বছৰীয়া ভগৱান বীৰছা মুণ্ডাৰ জন্মজয়ন্তী উপলক্ষে জনজাতীয় গৌৰৱ দিৱস সমগ্ৰ ভাৰততে অনুষ্ঠিত কৰা হৈছে । দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ১০ বছৰীয়া কাৰ্যকালত ভাৰতৰ প্ৰতিটো জনগোষ্ঠী, জনজাতীৰ সম উন্নয়নৰ বাবে সাৰ্বজনীন নীতি গ্ৰহণ কৰিছে । কংগ্ৰেছ দলৰ অৱহেলা, ভ্ৰষ্টাচাৰ, দুৰ্নীতিৰ বাবে ৬০ বছৰে ভাৰতবৰ্ষ পিছপৰি থাকিল । কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সু-শাসনৰ বাবে ভাৰতবৰ্ষই প্ৰাণ পাই উঠিছে ।"

লগতে পঢ়ক :ডেৰশ বছৰীয়া জন্মজয়ন্তীত বীৰছা মুণ্ডালৈ শ্ৰদ্ধাঞ্জলি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ লগতে ভিন্নজনৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.