ETV Bharat / state

বিশিষ্ট লেখক-সাংবাদিক পবিত্ৰ বৰাক অসম সাহিত্য সভাৰ 'জয়ছিং হাঞ্চে বঁটা' প্ৰদান - Assam Sahitya Sabha - ASSAM SAHITYA SABHA

Jaising Hanse Award : ডিফুৰ ৰাংছিনা ভৱনত জয়ছিং হাঞ্চে বঁটা প্ৰদান । উক্ত অনুষ্ঠানতেই জয়ছিং হাঞ্চে স্মাৰক বঁটা গ্ৰন্থ আৰু অসম সাহিত্য সভাৰ মাহেকীয়া সংবাদ পত্ৰ উন্মোচন ।

Assam Sahitya Sabha
জয়ছিং হাঞ্চে বঁটা প্ৰদান (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jul 21, 2024, 8:31 PM IST

ডিফু, ২১ জুলাই: অসম সাহিত্য সভাই প্ৰতি দুবছৰৰ অন্তৰে অন্তৰে প্ৰদান কৰা 'জয়ছিং হাঞ্চে বঁটা' দেওবাৰে ডিফুৰ ৰাংছিনা ভৱনত এক বৰ্ণাঢ্য অনুষ্ঠানত লেখক, সাংবাদিক পবিত্ৰ বৰাক প্ৰদান কৰে ৷ এই বঁটাত আছে প্ৰশস্তি পত্ৰ, পিতলৰ জাঁপি, কিতাপৰ টোপোলা, অংগবস্ত্ৰ, নগদ ধন আৰু এটা স্মাৰক ৷

জয়ছিং হাঞ্চে বঁটা প্ৰদান (ETV Bharat Assam)

অসুস্থ দেহাৰেই সমগ্ৰ অনুষ্ঠানটোত উপস্থিত থাকি সাহিত্য় সভাৰ প্ৰাক্তন সভাপতি ৰংবং তেৰাঙে কয়, "মান্দুকিমি নামৰ সৰু ঘৰটোত থাকি ছামচিং হাঞ্চেই সাহিত্য-সাংস্কৃতিৰ চৰ্চা কৰিছিল ৷ তেওঁ কাৰ্বি সাহিত্য-সংস্কৃতিৰ চৰ্চা কৰা অনাকাৰ্বি লোকক এক স্বীকৃতি দিয়াৰ বাবে দেউতাক তথা মোৰ শহুৰ দেউতা জয়ছিং হাঞ্চেৰ নামত এই বঁটা প্ৰদান কৰিছে ৷ আজি এই বঁটা আমাৰ ছাত্ৰ পবিত্ৰক দিয়াত মই সুখী হৈছো ৷ পবিত্ৰই বহুত কাম কৰিছে ৷" এই সভাতেই বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰুৱে কয়," মই আজি অনিমন্ত্ৰিতভাৱে ইয়ালৈ পৰিয়ালসহ আহিছো ৷ কাৰণ আজি ডিফুত এখন গুৰুত্বপূৰ্ণ সভা হ’ব আৰু এজন গুৰুত্বপূৰ্ণ ব্যক্তিক এটা বঁটা প্ৰদান কৰা হ’ব ৷ পবিত্ৰ মোৰ বন্ধু আৰু জয়ছিং হাঞ্চেৰ তিনিওজন পুত্ৰৰ লগত আছে মোৰ এক সুহৃদ সম্পৰ্ক ৷ "

জিলাখনৰ সাহিত্য-সংস্কৃতিৰ সৈতে জড়িত বিশিষ্ট ব্যক্তি সকলৰ উপস্থিতিত বঁটা গ্ৰহণ কৰি লেখক,সাংবাদিক পবিত্ৰ বৰাই তেওঁ কৰা কামৰ স্বীকৃতি অসম সাহিত্য সভাই দিয়াৰ বাবে আজীৱন সাহিত্য সভাৰ ওচৰত কৃতজ্ঞ বুলি কয় ৷ আনহাতে, উক্ত কাৰ্যসূচীৰ লগত সংগতি ৰাখি জয়ছিং হাঞ্চে স্মাৰক বঁটা গ্ৰন্থ আৰু অসম সাহিত্য সভাৰ মাহেকীয়া সংবাদ পত্ৰৰো উন্মোচন কৰা হয় ৷

অসম সাহিত্য সভাৰ সভাপতি সূৰ্যকান্ত হাজৰিকাৰ সভাপতিত্ব অনুষ্ঠিত এই বঁটা প্ৰদান অনুষ্ঠানটোত সাহিত্য় সভাৰ প্ৰাক্তন সভাপতি ৰংবং তেৰাং, বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰু,পদ্মশ্ৰী ধনেশ্বৰ ইংতি, কাৰ্বি সাহিত্য সভাৰ সভাপতি কামছিং হাঞ্চে, সাহিত্য় সভাৰ উপ-সভাপতি ড৹ গিৰিশ সন্দিকৈ, ডিফুৰ বিধায়ক বিদ্যাছিং ইংলেং, বিশিষ্ট কবি তথা জয়ছিং হাঞ্চেৰ পুত্ৰ চাৰএৎ হাঞ্চে প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকলে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক:বিশিষ্ট লেখক-সাংবাদিক পবিত্ৰ বৰালৈ জয়ছিং হাঞ্চে বঁটা - Assam Sahitya Sabha

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.