ETV Bharat / state

তিনিচুকীয়াৰ খহনীয়াস্থলীত জগদীশ ভূঞা; জলসম্পদ বিভাগক ক্ষুৰধাৰ সমালোচনা - Assam flood 2024

author img

By ETV Bharat Assamese Team

Published : Jun 22, 2024, 7:13 AM IST

Flood Situation in Tinsukia : তিনিচুকীয়া জিলাৰ ধলাৰ হাতীঘূলিত ব্ৰহ্মপুত্ৰৰ সংহাৰী ৰূপ ৷ আনহাতে, মথাউৰিৰ খহনীয়াস্থলী পৰিদৰ্শন কৰি জলসম্পদ বিভাগক ক্ষুৰধাৰ সমালোচনা অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ ৷

Flood Situation in Tinsukia
ব্ৰহ্মপুত্ৰৰ খহনীয়াস্থলী পৰিদৰ্শন অজাপৰ প্ৰতিনিধি দলৰ (ETV Bharat Assam)

তিনিচুকীয়া, ২২ জুন : ৰাজ্যত বান পৰিস্থিতি এতিয়াও অপৰিৱৰ্তিত হৈ আছে । শেহতীয়া বানৰ কবলত পৰিছে ৰাজ্যৰ ২২ খন জিলা । আনহাতে, ক্ষতিগ্ৰস্ত হৈছে ডেৰ লাখতকৈ অধিক লোক । বানৰ লগতে খহনীয়ায়ো ঠায়ে ঠায়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে । ব্যতিক্ৰম নহয় তিনিচুকীয়া জিলাও ।

তিনিচুকীয়াৰ খহনীয়াস্থলীত অজাপৰ প্ৰতিনিধি দল (ETV Bharat Assam)

তিনিচুকীয়া জিলাৰ শদিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ধলাৰ হাতীঘূলি ফেলাই নাওকটা অঞ্চলত ব্ৰহ্মপুত্ৰই খহনীয়াৰ সৃষ্টি কৰিছ । খহনীয়াস্থলীত বিধ্বস্ত মথাউৰি পৰিদৰ্শন অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ । খহনীয়াস্থলী পৰিদৰ্শন কৰি জলসম্পদ বিভাগ আৰু ৰাজ্য চৰকাৰক ক্ষুৰধাৰ সমালোচনা অজাপৰ সাধাৰণ সম্পাদকগৰাকীৰ ৷

লগতে পঢ়ক :বৰলীয়াৰ বানত বিপৰ্যস্ত উদিয়ানাবাসী, জনপ্ৰতিনিধিৰ খবৰ ল’বলৈ নাই আহৰি - ASSAM FLOOD 2024

আনহাতে, জগদীশ ভূঞাৰ নেতৃত্বত যোৱা অসম জাতীয় পৰিষদৰ সঁজাতী দলটোৱে খহনীয়াস্থলী পৰিদৰ্শন কৰি ৰাজ্য চৰকাৰৰ ব্যৰ্থতাকো তীব্ৰ সমালোচনা কৰে । ৰাজনৈতিক চিন্তাৰে হিতাধিকাৰীক ১২০০ টকীয়া আচঁনি প্ৰদানৰ বিপৰীতে উক্ত মথাউৰিসমূহ নিৰ্মাণ কৰি ৰাইজৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে চৰকাৰক দাবী জনায় প্ৰাক্তন মন্ত্ৰী জগদীশ ভূঞাই ।

লগতে তেওঁ জলসম্পদ বিভাগে সঠিকভাৱে কাম নকৰাৰ অভিযোগ উত্থাপন কৰি কয় যে ঠিকাদাৰী দৃষ্টিভংগীৰে কাম কৰাৰ ফলত বহু ক্ষেত্ৰত প্ৰকৃত লাভ পোৱা নাযায় । লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত নিৰ্মাণ কৰি থকা বৃহৎ জলবিদ্যুৎ প্ৰকল্পসমূহৰ ক্ষেত্ৰতো সৰৱ‌ হৈ পৰে অজাপৰ নেতা জগদীশ ভূঞা ।

উল্লেখ্য যে, সঁজাতী দলটোত অজাপৰ সম্পাদক চিত্তৰঞ্জন বসুমতাৰীসহ কেইবাজনো নেতাও আছিল । আনহাতে, অসম জাতীয় পৰিষদৰ প্ৰতিনিধি দলটোৱে অঞ্চলটোৰ সাধাৰণ ৰাইজৰ লগতো মত বিনিময় কৰি সমস্যাসমূহৰ বুজ লয় ।

লগতে পঢ়ক :কলিয়াবৰত মুখ্যমন্ত্ৰী ড৹ শৰ্মা : শীঘ্ৰেই খোল খাব কলঙৰ শ্লুইছ গেট - Himanta Biswa Sarma

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.