ETV Bharat / state

ঢকুৱাখনাকাণ্ডৰ তদন্তৰ দায়িত্ব চি আই ডিলৈ হস্তান্তৰ : জনালে জি পি সিঙে - Dhakuakhana murder case

author img

By ETV Bharat Assamese Team

Published : Jun 27, 2024, 7:41 PM IST

Dhakuakhana Sunil Gogoi case : জাহাংগীৰ হুছেইনৰ হত্যাকাণ্ডৰ লগতে পলাতক অৱস্থাত থকা সুনীল গগৈ সন্দৰ্ভত তদন্ত কৰিব চি আই ডিয়ে ৷ এই পৰ্যন্ত আৰক্ষীয়ে অব্যাহত ৰখা তদন্তই লাভ কৰা নাছিল বিশেষ সফলতা ৷

Dhakuakhana Sunil Gogoi case
ঢকুৱাখনাকাণ্ডৰ তদন্তৰ দায়িত্ব চি আই ডিলৈ হস্তান্তৰ (ETV Bharat Assam)

গুৱাহাটী, ২৭ জুন: সমগ্ৰ ৰাজ্য কঁপোৱা ঢকুৱাখনা সাপতীয়া চেতীয়া গাঁৱৰ সুনীল গগৈৰ ৰহস্যজনক কাণ্ড আৰু জাহাংগীৰ হুছেইনৰ গাৰ নোম শিঁয়ৰি উঠা হত্যাকাণ্ডৰ ২৭ দিনৰ পিচতো নপৰিল ৰহস্যৰ ওৰ । অৱশেষত আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া হস্তান্তৰ কৰিলে চি আই ডিলৈ ৷

সুনীল গগৈৰ নিৰুদ্দেশ আৰু জ্বলাই দিয়া মৃতদেহটো সুনীল গগৈৰ ঘনিষ্ঠ মিস্ত্ৰী জাহাংগীৰ হুছেইনৰ বুলি ৰহস্যৰ এটা তৰপ খোলাৰ পিচত আৰক্ষীয়ে একোৱেই ৰহস্য ভেদ কৰিব পৰা নাই এতিয়ালৈ । সেয়ে আজি অসম আৰক্ষীয়ে এক নিৰ্দেশযোগে এই তদন্তৰ ভাৰ চি আই ডিলৈ আনুষ্ঠানিকভাৱে হস্তান্তৰ কৰে ৷ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ নিৰ্দেশমৰ্মে বৃহস্পতিবাৰে অসম আৰক্ষী মহাপৰিদর্শকে এই ঘটনাৰ তদন্তৰ দায়িত্ব চি আই ডিলৈ হস্তান্তৰ কৰে ।

বৃস্পতিবাৰে এক নিৰ্দেশনাৰ ভিত্তিত ঢকুৱাখনা থানাত ৰুজু হোৱা ভাৰতীয় দণ্ডবিধি আইনৰ ১২০(বি)/৩০২/২০১/৩৪ ধাৰাত পঞ্জীয়নকৃত ৩৯/২০২৪ নম্বৰৰ গোচৰ আৰু ভাৰতীয় দণ্ডবিধি আইনৰ ১২০(বি)/৩০২/২০১/৩৪ ধাৰাত পঞ্জীয়নকৃত ৩৪৮/২০২৪ নম্বৰৰ গোচৰৰ তদন্তৰ দায়িত্ব অপৰাধ অনুসন্ধান বিভাগক অৰ্পণ কৰে ।

লগতে পঢ়ক: সুনীল গগৈৰ পত্নী-পুত্ৰক মাৰাথন জেৰা : তথাপিও সুনীল গগৈৰ নাই কোনো শুংসূত্ৰ

উল্লেখযোগ্য যে লখিমপুৰৰ ঢকুৱাখনা সাপতীয়া চেতিয়া গাঁৱৰ এই হত্যাকাণ্ডক লৈ বিমোৰত পৰিছে আৰক্ষী । বিজেপিৰ পালিনেতা তথা ঠিকাদাৰ সুনীল গগৈয়ে পৰিকল্পিতভাৱে সংঘটিত কৰা ঘটনাটোৰ ১৮ দিনৰ মূৰত ডি এন এ পৰীক্ষাত প্ৰথমটো ৰহস্য মুকলি কৰে আৰক্ষীয়ে ৷ প্ৰথম অৱস্থাত সুনীল গগৈক হত্যা কৰি মূৰ কাটি লৈ যোৱাৰ লগতে শৰীৰটো জ্বলাই দিয়া বুলি সকলোৱে ধাৰণা কৰিছিল ।

ডি এন এ পৰীক্ষাৰ ফলাফলে নিশ্চিত কৰে যে মৃদেহটো সুনীল গগৈৰ নাছিল । ডি এন এ পৰীক্ষাত সুনীল গগৈৰ বাবে জল জীৱন মিছনৰ মিস্ত্ৰী হিচাবে কাম কৰা জাহাংগীৰ হুছেইনৰহে বুলি নিশ্চিত হয় । জাহাংগীৰক হত্যা কৰি সুনীল গগৈক হত্যা কৰাৰ ৰূপ দিয়াৰ ভয়ংকৰ ষড়যন্ত্ৰ পোহৰলৈ আহে ৷

লগতে পঢ়ক: সুনীল গগৈক মুখ্য পলাতক আচামী ঘোষণা : সন্ধান দিওতাই পাব পুৰস্কাৰ

তাৰ পিচতে জাহাংগীৰ হুছেইনৰ হত্যাকাণ্ডত সুনীল গগৈকে অভিযুক্ত কৰি আৰক্ষীয়ে সুনীল গগৈৰ সন্ধান দিওতালৈ পুৰস্কাৰো ঘোষণা কৰে ৷ এই শিহৰণকাৰী হত্যাকাণ্ডৰ তদন্তত বিশেষ সফলতা লাভ কৰিব পৰা নাই । মৃতদেহটো জাহাংগীৰৰ বুলি পৰিচয় লাভ কৰাতে ৰৈ আছে তদন্ত ৷ আৰক্ষীয়ে কোনো শুং-সূত্ৰও লাভ কৰিব পৰা নাই সুনীল গগৈৰ ৷

ঘটনাটো সংঘটিত হোৱা দিনাৰে পৰা চি আই ডিয়েও তদন্তত সহযোগিতা আগবঢ়াই আহিছে ৷ চি আই ডিৰ আই জি পি সংযুক্তা পৰাশৰে ঘটনাৰ পিচতেই গৈ উপস্থিত হৈছিলগৈ ঘটনাস্থলীত ৷ এতিয়া অসম আৰক্ষীয়ে এই লোমহৰ্ষক কাণ্ডৰ তদন্ত চি আই ডিক অৰ্পণ কৰাৰ পিচত কিদৰে তদন্ত আগবাঢ়ে সেয়া হ’ব লক্ষ্যণীয় ।

লগতে পঢ়ক: জাহাংগীৰ হুছেইনৰ ন্যায়ৰ দাবীৰে জিলা আয়ুক্তক স্মাৰকপত্ৰ গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.