ETV Bharat / state

এটা বছৰত ডিমা হাছাওত ১০০ শতাংশ বৃদ্ধি পাইছে ড্ৰাগছৰ গোচৰ - World Drug Day 2024

author img

By ETV Bharat Assamese Team

Published : Jun 26, 2024, 8:17 PM IST

World Drug Day: আজি আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস বা ড্ৰাগছ সেৱন আৰু অবৈধ সৰবৰাহৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় দিৱস । সমগ্ৰ বিশ্বৰ লগতে ডিমা হাছাও জিলাৰ সদৰ চহৰ হাফলঙতো জিলা প্ৰশাসনৰ উদ্যোগত পালন কৰা হয় এই দিৱসটি । এই উপলক্ষে ৰাইজক সজাগ কৰাৰ উদ্দেশ্যৰে সমগ্ৰ চহৰখনৰ মাজেৰে উলিওৱা হয় এক সমদল ।

International Day Against Drug Abuse and Illicit Trafficking observed in Haflong
আজি আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী পালন (ETV Bharat Assam)

হাফলং,২৬ জুন: সমগ্ৰ বিশ্বৰ লগতে ডিমা হাছাও জিলাৰ সদৰ চহৰ হাফলঙত জিলা প্ৰশাসনৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস বা ড্ৰাগছ সেৱন আৰু অবৈধ সৰবৰাহৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় দিৱস পালন কৰা হয় । হাফলং সাংস্কৃতিক ভৱনৰ সন্মুখৰ পৰা ড্ৰাগছৰ বিৰুদ্ধে ৰাইজক অধিক সজাগ কৰাৰ উদ্দেশ্যে উলিওৱা এক সমদল সমগ্ৰ হাফলং চহৰ পৰিভ্ৰমণ কৰাৰ পাচত হাফলং জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহৰ সমীপত সামৰণি পৰে ।

এই সমদলত ডিমা হাছাও আৰক্ষী, এনচিচি, বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু বিভিন্ন সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে । এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি জিলা আইনী সহায়তা প্ৰাধিকাৰীৰ সচিব তথা দণ্ডাধীশ গৌতম দৈমাৰীয়ে কয় যে ডিমা হাছাও জিলাত ক্ৰমাৎ ড্ৰাগছৰ সৰবৰাহ বৃদ্ধি পাইছে । ২০২২ চনত ডিমা হাছাও জিলাত ড্ৰাগছৰ ২৩ টা গোচৰ ৰুজু হৈছিল আৰু ২০২৩ চনত ড্ৰাগছৰ গোচৰ বৃদ্ধি হৈ ৪৩ হৈছে । প্ৰায় ১০০ শতাংশ ড্ৰাগছৰ গোচৰ বৃদ্ধি হৈছে এটা বছৰত আৰু এয়া এক উদ্বেগজনক বিষয় বুলি অভিহিত কৰে দণ্ডাধীশগৰাকীয়ে ।

তেওঁ লগতে কয় যে বৃদ্ধি হোৱা গোচৰৰ প্ৰতি লক্ষ্য ৰাখি ড্ৰাগছৰ বিৰুদ্ধে সজাগতা অনা অত্যন্ত জৰুৰী হৈ পৰিছে । ড্ৰাগছৰ গোচৰসমূহত অধিকাংশ যুৱক ড্ৰাগছ আসক্ত হৈ পৰা দেখা গৈছে । তেওঁ জানোৱা অনুসৰি হাফলং কাৰাগাৰত বৰ্তমানলৈ ড্ৰাগছৰ গোচৰত কাৰাবন্দী হৈ আছে ১৯ বছৰৰ পৰা ২৯ বছৰৰ যুৱকসকল আৰু সেইসকলৰ ভিতৰত বেছিভাগেই ছাত্ৰ । কাৰাবন্দীসকল ড্ৰাগছ সৰবৰাহত জড়িত নহয় তেওঁলোক ড্ৰাগছত আসক্ত ।

উল্লেখ্য যে ডিমা হাছাও জিলাত ড্ৰাগছ আসক্তসকলৰ বাবে চিকিৎসাৰ ব্যৱস্থা তথা কোনো নিচামুক্তি কেন্দ্ৰ নাই । ডিমা হাছাও জিলাত ড্ৰাগছ আসক্তসকলৰ বাবে চিকিৎসাৰ ব্যৱস্থা বা নিচামুক্তি কেন্দ্ৰ স্থাপন হ'লে ড্ৰাগছত আসক্ত যুৱকসকলৰ চিকিৎসাৰ ক্ষেত্ৰত সহায়ক হ'ব । ইয়াৰোপৰি গৌতম দৈমাৰীয়ে কয় যে ড্ৰাগছৰ পৰা যুৱ সমাজক দূৰত ৰাখিবলৈ হ'লে নিজৰ সন্তান ক'ত যায় কাৰ লগতে ঘূৰি ফুৰে কেতিয়া ঘৰলৈ আহে এই বিষয়সমূহৰ ওপৰত অভিভাৱকে সজাগ দৃষ্টি ৰাখিব লাগিব । সেয়ে সকলো অভিভাৱকক সজাগ হ'বলৈ আহ্বান জনাই জিলা আইনী সহায়ক প্ৰাধিকাৰীৰ সচিব গৌতম দৈমাৰীয়ে ।

লগতে পঢ়ক: আন্তর্জাতিক ড্ৰাগছ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস : জ্বলাই নষ্ট কৰিলে কোটি টকাৰ ড্ৰাগছ - World Drug Day 2024

বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰীসহ আৰক্ষীৰ জালত স্বামী-স্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.