ETV Bharat / state

আন্তর্জাতিক ড্ৰাগছ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস : জ্বলাই নষ্ট কৰিলে কোটি টকাৰ ড্ৰাগছ - World Drug Day 2024

author img

By ETV Bharat Assamese Team

Published : Jun 26, 2024, 7:00 PM IST

World Drug Day : ড্ৰাগছ সেৱনৰ ফলত সৃষ্টি হোৱা গুৰুতৰ সমস্যাসমূহৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতি বছৰে 26 জুনত পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস ৷ এই বছৰৰ বিষয়বস্তু হৈছে প্ৰমাণ স্পষ্ট: প্ৰতিৰোধত বিনিয়োগ কৰক।

WORLD DRUG DAY 2024
ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস (ETV BHARAT ASSAM)

নিউজ ডেস্ক, 26 জুন : আজি আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস ৷ ড্ৰাগছ সেৱনৰ ফলত সৃষ্টি হোৱা গুৰুতৰ সমস্যাসমূহৰ বিষয়ে সমগ্ৰ বিশ্বতে সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতি বছৰে 26 জুনত এই দিৱস পালন কৰা হয় ৷ 1987 চনৰ 7 ডিচেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে 26 জুন তাৰিখটো আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস হিচাপে ঘোষণা কৰিছিল ৷ প্ৰতিবছৰে এটা নিৰ্দিষ্ট বিষয়বস্তু লৈ পালন কৰা আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ এই বছৰৰ বিষয়বস্তু হৈছে প্ৰমাণ স্পষ্ট: প্ৰতিৰোধৰ বাবে হাত আগবঢ়াওক ৷

আন্তর্জাতিক ড্ৰাগছ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস (ETV BHARAT ASSAM)

তেজপুৰ : আজি সমগ্ৰ বিশ্বৰ লগতে অসমৰ ভিন্ন প্ৰান্ততো পালন কৰা হৈছে এই দিৱস ৷ আৰক্ষীৰ লগতে স্বাস্থ্য বিভাগ তথা আন অনুষ্ঠান প্ৰতিষ্ঠানে ৰাজ্যত পালন কৰিছে এই দিৱস ৷ তেজপুৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰ্যসূচীৰে পালন কৰা হৈছে এই দিৱস ৷ ইষ্ট জ'ন ইণ্ডিয়ান চাইক্ৰেট্ৰিক ছ'চাইটিৰ উদ্যোগত আজিৰে পৰা দুদিনীয়াকৈ আয়োজন কৰা হৈছে এক আলোচনা চক্ৰৰ ৷ আন্তঃৰাষ্ট্ৰীয় এই আলোচনা চক্ৰত আৰম্ভণিতে তেজপুৰ এল জি বি আৰ আই এম এইচৰ সঞ্চালক শৈলেন দেউৰী, আঞ্চলিক চাইক্ৰেট্ৰিক ছ'চাইটিৰ সভাপতি ডাঃ আৰ কে লেলিন সিং, এল জি বি আৰ আই এম এইচৰ উপ-সঞ্চালক ডাঃ হেমন্ত দত্ত, অধীক্ষক ডাঃ জ্যোতি হাজৰিকাৰ উপস্থিতিত এই অনুষ্ঠান মুকলি কৰা হয় ৷

ধুবুৰী : ইফালে নিচাযুক্ত দ্ৰব্যৰ দাহেৰে ধুবুৰীতো পালন কৰা হয় এই দিৱস ৷ আৰক্ষীৰ দ্বাৰা জব্দ কৰা নিচাযুক্ত দ্ৰব্য দাহ কাৰ্যসূচীৰে পালন কৰা হয় এই দিৱস ৷ ধুবুৰী জিলাৰ গৌৰীপুৰ ৰঙামাটি গৃহৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰৰ সন্মুখৰ পথাৰত এই দাহ কাৰ্যসূচী পালন কৰা হয় ৷ এই কাৰ্যসূচীত ধুবুৰী জিলাৰ চাপৰ, বিলাসীপাৰা, গৌৰীপুৰ, ধুবুৰী সদৰ, গোলকগঞ্জ,আগমনীকে ধৰি 6 খন আৰক্ষী থানাৰ 54 টা গোচৰত জব্দকৃত 22,745 টা টেবলেট, 4,754 টা কফ চিৰাফ, 152 কেজি গাঞ্জা, 272.9 গ্ৰাম ব্ৰাউন চুগাৰ, 4,950 টা অপিয়াম টেবলেট দাহ কৰে ৷ নষ্ট কৰা এই নিচাযুক্ত দ্ৰব্যসমূহৰ মূল্য 4 কোটি 21 লাখ 37 হেজাৰ 200 টকা বুলি আৰক্ষী অধীক্ষকে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : ৰেগিঙৰ নামত জৱাহৰ নৱোদয় বিদ্যালয়ৰ ছাত্ৰাবাসত প্ৰকৃততে ঘটিছে কি ! - jawahar navodaya vidyalaya

গুৱাহাটী : আনহাতে গুৱাহাটীৰ চন্দ্ৰপুৰতো আজি হেৰইনসহ মুঠ 17.6 কেজি ওজনৰ নিচাজাতীয় সামগ্ৰী বিনষ্ট কৰা হয় ৷ বিনষ্ট কৰা ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় 50.30 কোটি টকা বুলি জানিব পৰা গৈছে ৷ শুল্ক বিভাগৰ দ্বাৰা চন্দ্ৰপুৰৰ হাজংবৰীস্থিত 'ফ্ৰেছ এয়াৰ' প্ৰতিষ্ঠানত বিনষ্ট কৰা হয় এই নিচাজাতীয় সামগ্ৰীখিনি ৷ আজিৰ এই কাৰ্যসূচীত শুল্ক বিভাগৰ মহানিৰ্দেশকৰ লগতে বিভাগৰ অন্য উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে ৷ ড্ৰাগছৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহৰ বিৰুদ্ধে চলোৱা অভিযানৰ পিচত জব্দকৃত ড্ৰাগছখিনি বিজ্ঞান সন্মতভাবে জ্বলাই নষ্ট কৰা হয় ৷

টীয়ক : উল্লেখ্য যে, আজি আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱসৰ দিনটোতে টীয়কৰ চেলেংহাটৰ এগৰাকী 60 উৰ্ধৰ ব্যক্তিৰ কথা চৰ্চালৈ আহিছে ৷ ব্যক্তিগৰাকীৰ নাম তুষাৰ পাল ৷ 2012 চনৰে পৰা নিৰন্তৰভাৱে একক প্ৰচেষ্টাত শদিয়াৰ পৰা ধুবুৰীলৈকে এইগৰাকী ব্যক্তিয়ে ড্ৰাগছৰ বিৰুদ্ধে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আজিৰ এই বিশেষ দিনটোত চৰ্চালৈ আহিছে ৷ পেচাত এগৰাকী ক্ষুদ্ৰ চাহ খেতিয়ক এই ব্যক্তিজনে পুৱাই ঘৰতে স্থাপন কৰা 'চেলেংহাট হেল্থ ক্লাব' নামৰ শৰীৰচৰ্চা কেন্দ্ৰত দৈনিক কচৰৎ কৰাৰ লগতে অঞ্চলৰ নৱপ্ৰজন্মক শৰীৰচৰ্চাৰ শিক্ষা প্ৰদান কৰি আহিছে ৷

ড৹ আম্বেদকাৰ বঁটাকে ধৰি কেইটাও ৰাষ্ট্ৰীয় বঁটা, ৰাজ্যিক বঁটা লাভ কৰা তুষাৰ পালে সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ মাজত ড্ৰাগছ তথা মাদক দ্ৰব্য সেৱনৰ ক্ষেত্ৰত সজাগতা অনাৰ প্ৰয়াসেৰে ইতিমধ্যে নিজা খৰচত কেবাখনো চুটি ছবি নিৰ্মাণ কৰাৰ লগতে সজাগতামূলক গ্ৰন্থও প্ৰকাশ কৰিছে ৷ শদিয়াৰ পৰা ধুবুৰীলৈ চাইকেল চলাই সজাগতা সৃষ্টি কৰা, উজনি অসমত গণ স্বাক্ষৰ অভিযান চলোৱা আদি ড্ৰাগছৰ বিৰুদ্ধে তেওঁৰ যোগাত্মক পদক্ষেপ ৷ সমাজৰ পৰা যাতে ড্ৰাগছকে ধৰি মাদক দ্ৰব্য সমূলঞ্চে শেষ হয় তাৰ উদ্দেশ্যেৰে নৱ-প্ৰজন্মক শাৰীৰিক শিক্ষা, যোগ শিক্ষা প্ৰদান, বিভিন্ন সজাগতামূলক অভিযানৰ লগতে প্ৰতিটো দিনতে ব্যস্ত থাকি ভাল পোৱা এইগৰাকী ব্যক্তিয়ে আজিৰ এই বিশেষ দিনটোত সকলোকে মাদক দ্ৰব্যৰ পৰা দূৰত থাকিবলৈ আহ্বান জনাইছে ৷

লগতে পঢ়ক : কাজিৰঙা এক্সপ্ৰেছত আনিছিল সোণৰ বিস্কুট, চাৰিজনক কৰায়ত্ত আৰক্ষীৰ - Gold Smuggling

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.