ETV Bharat / state

ৰাজ্যত বৃদ্ধি শীতৰ প্ৰকোপ: ব্যাহত স্বাভাৱিক জনজীৱন - COLD WAVE IN ASSAM

ৰাজ্যত বাঢ়িছে শীতৰ প্ৰকোপ ৷ হ্ৰাস পাইছে বৰষুণৰ পৰিমাণ ৷ এই তথ্য আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ৷

Slight increase in the cold weather in Guwahati
ৰাজ্যত বৃদ্ধি শীতৰ প্ৰকোপ (IANS)
author img

By ETV Bharat Assamese Team

Published : Dec 12, 2024, 5:35 PM IST

গুৱাহাটী : ৰাজ্যখনৰ সমান্তৰালকৈ ৰাজধানী মহানগৰী গুৱাহাটীতো শীতৰ প্ৰকোপ কিছু বৃদ্ধি পাইছে । ক্ৰমাৎ শীতৰ প্ৰকোপ বৃদ্ধি পোৱাৰ ফলত স্বাভাৱিক জনজীৱনত সামান্য প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে । যোৱা ৯ ডিচেম্বৰৰ পৰা ৰাজ্যখনৰ লগতে মহানগৰীত হঠাতে বতৰৰ পৰিৱৰ্তন হৈছে ।

গুৱাহাটীৰ বৰঝাৰত থকা আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে, বুধবাৰৰ পৰা ৰাজ্যখনৰ সমান্তৰালকৈ ৰাজধানী মহানগৰী গুৱাহাটীত শীতৰ প্ৰকোপ পূৰ্বতকৈ কিছু বৃদ্ধি পাইছে । আনকি চুবুৰীয়া ৰাজ্য মেঘালয়, অৰুণাচল প্ৰদেশৰ লগতে অসমৰ কোনো কোনো ঠাইত পাতলীয়া বৰষুণ হোৱা দেখা গৈছে । অসমৰ ধেমাজি, লখিমপুৰ, যোৰহাট, বিশ্বনাথ জিলাত ঠাই বিশেষে পাতলীয়া বৰষুণ হৈছে ।

Assam Weather report
হ্ৰাস পাইছে বৰষুণৰ পৰিমাণ (@GuwahatiRMC)

আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী সঞ্জয় ওনিল শ্ব'ৱে কয়, ‘‘বর্তমান বেছিভাগ ঠাইতে তাপমাত্ৰা স্বাভাৱিক হৈ আছে যদিও আগন্তুক তিনি-চাৰিদিনত তাপমাত্ৰা স্বাভাৱিকতকৈ এক বা দুই ডিগ্ৰী চেলছিয়াছ কমি যোৱাৰ সম্ভাৱনা আছে । আনহাতে, অৰুণাচল প্ৰদেশ, নগালেণ্ড, মেঘালয়ৰ লগতে অসমৰ ডিমা হাছাও, বৰাক উপত্যকা আৰু ধুবুৰীকে ধৰি পশ্চিম অসম, বি টি চি আৰু অৰুণাচল প্ৰদেশৰ সীমাৱর্তী অঞ্চলসমূহত শীতৰ প্ৰকোপ কিছু বৃদ্ধি পাব ।

বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে, আগন্তুক তিনি-চাৰিদিনলৈ ৰাজ্যৰ কেইবাখনো জিলাত অতি পাতলীয়া ধৰণৰ বৰষুণ হোৱাৰ লগতে দিনৰ ভাগত তাপমাত্ৰা যথেষ্ট হ্ৰাস পোৱাৰ সম্ভাৱনা আছে । ৰাজ্যৰ বিভিন্ন ঠাইত মাজনিশাৰ পৰা পুৱতি নিশালৈকে কোনো কোনো স্থানত ডাঠ কুঁৱলী পৰাৰ সম্ভাৱনা আছে ।

Assam Weather report
ৰাজ্যত বাঢ়িছে শীতৰ প্ৰকোপ (@GuwahatiRMC)

আনহাতে, বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে, গুৱাহাটীত সৰ্বনিম্ন তাপমাত্ৰা অহা ১৩ ডিচেম্বৰলৈ ১৩-১৪ ডিগ্ৰী চেলচিয়াছৰ ভিতৰত থাকিব । তাৰ পৰৱৰ্তী দিনত অৰ্থাৎ ১৪ ডিচেম্বৰৰ পৰা ১৭ ডিচেম্বৰলৈ গুৱাহাটীত সৰ্বনিম্ন তাপমাত্ৰা ১৩-১৪ ডিগ্ৰী চেলচিয়াছৰ ভিতৰত থাকিব ।

উল্লেখ্য যে, মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰিৱেশ শুকান হৈ পৰিছে । বহুদিন ধৰি বৰষুণ নহাৰ ফলত গুৱাহাটীৰ প্ৰাকৃতিক পৰিৱেশ ধূলিময় হৈ পৰিছে । গছ-বন সকলোতে পৰিছে ধূলিৰ আৱৰণ । গুৱাহাটী মহানগৰীৰ সৰ্বত্ৰ ডাঠ কুঁৱলীৰ সৃষ্টি হোৱা নাই যদিও মাজনিশাৰ পৰাই মহানগৰীৰ ভিন্নস্থানত কুঁৱলীৰ এক আচ্ছাদন দেখা গৈছে ।

Assam Weather report
শীতৰ প্ৰকোপ বৃদ্ধি (@GuwahatiRMC)

ইপিনে গুৱাহাটী মহানগৰীৰ ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া এলেকাসমূহত ডাঠ কুঁৱলীৰ সৃষ্টি হৈছে । বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে, আগন্তুক এসপ্তাহলৈ ডাঠ কুঁৱলী পৰাৰ লগতে আকাশ ডাৱৰীয়া হৈ থাকিব । ইপিনে ৰাজ্যখনত বৰষুণৰ পৰিমাণ হ্ৰাস হৈছে ।

আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী সঞ্জয় ওনিল শ্ব'ৱে কয়, ‘‘অসমত অক্টোবৰ, নৱেম্বৰত বৰষুণৰ পৰিমাণ (-১৩) শতাংশলৈ হ্ৰাস পাইছে ৷’’

লগতে পঢ়ক : '২৫ ত কৃষিমন্ত্ৰীৰ গৃহ সমষ্টিৰ পৰা বহিঃৰাজ্যলৈ যাব ১২ কোটি টকাৰ ৰঙালাও

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.