ETV Bharat / state

আমি গান্ধীবাদী দল, বিপদৰ সময়তহে ৰাইজৰ ওচৰলৈ আহো: বিকাশ উপাধ্যায় - ASSAM FLOOD 2024

author img

By ETV Bharat Assamese Team

Published : Jul 11, 2024, 2:08 PM IST

Flood relief distribution by INC : জোনাইৰ বানাক্ৰান্তৰ কাষত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সঁজাতি দল ৷ বানাক্ৰান্তৰ পৰিস্থিতিৰ বুজ লৈ আৱশ্যকীয় সামগ্ৰী বিতৰণ ৷ বান সমস্যা প্ৰতিৰোধ কৰিবলৈ চেষ্টা নকৰা বিজেপি চৰকাৰক কঠোৰ সমালোচনা নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ কেন্দ্ৰীয় সম্পাদক বিকাশ উপাধ্যায়ৰ ৷

ASSAM FLOOD 2024
জোনাইৰ বানাক্ৰান্তৰ কাষত নিখিল ভাৰত কংগ্ৰেছ কমিটী (ETV Bharat Assam)

জোনাই, 11 জুলাই: জুন মাহৰ মাজভাগত ৰাজ্যৰ বান পৰিস্থিতিয়ে অধিক জটিল ৰূপ ধাৰণ কৰে ৷ বানাক্ৰান্তসকলে ঠায়ে ঠায়ে পৰ্যাপ্ত সাহায্য নোপোৱাৰ কথাও পোহৰলৈ আহে ৷ বাৰিষাৰ প্ৰথমটো বানে বিস্তৰ ক্ষতিসাধন কৰিছিল ধেমাজিৰ জোনাই মহকুমাত ৷ জোনাইৰ শিৱগুৰি অঞ্চল বানৰ দ্বাৰা ব্যাপক ক্ষতিৰ সন্মুখীন হ’বলগীয়া হয় ৷

জোনাইত বান সাহায্য বিতৰণ (ETV Bharat Assam)

চিয়াং, দতুং, দিবাং নৈৰ বাঢ়নী পানীয়ে সমগ্ৰ শিৱগুৰি অঞ্চলটো বুৰাই পেলোৱাত সৃষ্টি হোৱা অবৰ্ণনীয় পৰিৱেশৰ মাজেৰে জীৱন অতিবাহিত কৰিছিল অঞ্চলবাসীয়ে । বানাক্ৰান্তসকলক জোনাই মহকুমা প্ৰশাসন আৰু এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ কৰি জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা অস্থায়ী আশ্ৰয় শিবিৰত ৰখাৰ ব্যৱস্থা কৰে ৷

লগতে পঢ়ক: ধেমাজিত এতিয়াও জলমগ্ন ১৪০ খন গাঁও : কেন্দ্ৰক সমালোচনা সাংসদ অজিত কুমাৰ ভূঞাৰ - Assam Flood 2024

ইতিমধ্যে ৰাজ্য চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰকো বান সমস্যা নিয়ন্ত্ৰণ তথা প্ৰতিৰোধ কৰিব নোৱাৰাৰ বাবে তুলাধুনা দি আহিছে বিৰোধীয়ে ৷ তেনে এক পৰিৱেশৰ মাজতে জোনাইৰ বানাক্ৰান্তক সহায়ৰ হাত আগবঢ়াই নিখিল ভাৰতীয় কংগ্ৰেছৰ কেন্দ্ৰীয় সম্পাদক বিকাশ উপাধ্যায়ে ৷

লগতে পঢ়ক: ১৫ আগষ্টৰ ভিতৰত সকলো ক্ষতিগ্ৰস্তই পাব সাহায্য: অতুল বৰা - Assam Flood 2024

উপাধ্যায়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটি আৰু ধেমাজি জিলা কংগ্ৰেছৰ এটা দলৰ সৈতে জোনাইৰ বান শিবিৰত উপস্থিত হৈ আশ্ৰয় গ্ৰহণ কৰি থকা ৰাইজৰ দুখ-দুৰ্দশাৰ বুজ লয় ৷ লগতে বান প্ৰতিৰোধ কৰাটো বিজেপিৰ কোনো পৰিকল্পনাৰ পৰিৱৰ্তে দুৰ্নীতি কৰাৰহে এজেণ্ডা বুলি প্ৰকাশ কৰে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদকগৰাকীয়ে ৷

লগতে পঢ়ক: সাধাৰণ জনতাৰ অজ্ঞতাৰ সুযোগ লৈ চৰকাৰে ৰাইজক ৰাম ঠগন দি আছে : অখিল গগৈ - Assam Flood 2024

প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কথা সুঁৱৰি বিকাশ উপাধ্যায়ে কয় যে, গগৈ চৰকাৰৰ দিনত ৰাজ্যৰ বান পৰিস্থিতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ চেষ্টা কৰিছিল ৷ তদুপৰি বানাক্ৰান্তসকলক পৰ্যাপ্ত সা-সুবিধা প্ৰদান কৰিছিল ৷ নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদকগৰাকীৰ সৈতে এই কাৰ্যসূচীত ভালেকেইগৰাকী দলীয় নেতা-কৰ্মী উপস্থিত থাকে ৷

লগতে পঢ়ক: বলিয়া বানে বিঘাই বিঘাই নষ্ট কৰিলে ভোট জলকীয়াৰ খেতি - Assam flood 2024

কাছাৰ-জোনাইত বানৰ ভয়ংকৰ ৰূপ; পানীৰ তলত ঘৰ-বাৰী, পথ-পথাৰ একাকাৰ - ASSAM FLOOD 2024

জোনাইত বাঢ়নী পানীয়ে ছিঙিলে গাইড বান্ধ; নিদ্ৰাহৰণ ৰাইজৰ - Assam flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.