ETV Bharat / state

পদ্মশ্ৰী ইমৰান শ্বাহক ছহিদ মোজাম্মিল হক স্মাৰক মাতৃভাষা বঁটা প্ৰদান

Medium Movement in Assam : মাধ্যম আন্দোলনত ছহিদ হৈছিল মোজাম্মিল হক । ২০০৮ বৰ্ষৰ পৰা এইগৰাকী ছহিদৰ স্মৃতিত প্ৰদান কৰি অহা হৈছে এই বঁটা ।

author img

By ETV Bharat Assamese Team

Published : 8 hours ago

Mozammil Haque Memorial Award
ছহিদ মোজাম্মিল হক স্মাৰক মাতৃভাষা বঁটা (ETV Bharat Assam)

শিৱসাগৰ : অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট কথাশিল্পী ইমৰান শ্বাহক আজি প্ৰদান কৰা হয় এই বৰ্ষৰ 'ছহিদ মোজাম্মিল হক স্মাৰক মাতৃভাষা বঁটা'। ছহিদ মোজাম্মিল হক স্মাৰক মাতৃভাষা দিৱস পৰিচালনা সমিতি আৰু সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ দৰং জিলা সমিতিৰ উদ্যোগত আয়োজিত কেন্দ্ৰীয় মাতৃভাষা দিৱস উপলক্ষে প্ৰৱৰ্তন কৰা এই বঁটা দেওবাৰে প্ৰদান কৰে ।

  • মাধ্যম আন্দোলনৰ প্ৰথমগৰাকী ছহিদক স্মৰণ

দৰং জিলাৰ পৰা অহা এটা প্ৰতিনিধিৰ দলে কথাশিল্পীগৰাকীৰ শিৱসাগৰস্থিত বাসগৃহত এই বঁটা প্ৰদান কৰে । এই বঁটাত আছে এখন অংগবস্ত্ৰ, এটা জাপি, এটা স্মাৰক, এখন অভিনন্দন পত্ৰ, এখন শৰাই আৰু নগদ ধন । উল্লেখ্য যে অসমৰ মাধ্যম আন্দোলনৰ প্ৰথম ছহিদ মোজাম্মিল হকৰ স্মৃতি ৰক্ষাৰ্থে ছহিদ মোজাম্মিল হক স্মাৰক মাতৃভাষা দিৱস পৰিচালনা সমিতি আৰু সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ দৰং জিলা সমিতিৰ উদ্যোগত ২০০৮ চনৰ পৰা ৬ অক্টোবৰৰ দিনা পালন কৰি অহা হৈছে কেন্দ্ৰীয় মাতৃভাষা দিৱস ।

  • মোজাম্মিল হক অসমৰ ইতিহাস আৰু ঐতিহ্য়ৰ প্ৰতীক: ইমৰান শ্বাহ

এই বঁটা গ্ৰহণ কৰি ইমৰান শ্বাহে কয়, "ছহিদ মোজাম্মিল হক অসমীয়া ভাষা-সাহিত্য়ৰ বাবে এটি অবিস্মৰণীয় নাম । অসমৰ ইতিহাস আৰু ঐতিহ্য়ৰ প্ৰতীক স্বৰূপ । মোজাম্মিল হক এটা নাম । এই নামটোৰ সৈতে আমাৰ নাম জড়িত হোৱাটো আমাৰ বাবে গৌৰৱৰ বিষয় ।"

  • ছহিদ মোজাম্মিল হক স্মাৰক মাতৃভাষা বঁটা

এই মাতৃভাষা দিৱস উপলক্ষে আয়োজক সমিতিয়ে প্ৰৱৰ্তন কৰা 'ছহিদ মোজাম্মিল হক স্মাৰক মাতৃভাষা বঁটা 'এই বৰ্ষত কথাশিল্পী ইমৰান শ্বাহক প্ৰদান কৰা হয় । দৰঙত আয়োজিত সপ্তদশ কেন্দ্ৰীয় মাতৃভাষা দিৱসত কথাশিল্পীগৰাকী উপস্থিত থাকিব নোৱাৰা বাবে আয়োজক সমিতিৰ এটা প্ৰতিনিধি দলে ইমৰান শ্বাহৰ বাসগৃলৈ আহি এক মনোজ্ঞ অনুষ্ঠানৰ আয়োজন কৰি এই বঁটা প্ৰদান কৰে । এই বঁটা প্ৰদান কৰা বাবে কথাশিল্পীগৰাকীয়ে ছহিদ মোজাম্মিল হক স্মাৰক মাতৃভাষা দিৱস পৰিচালনা সমিতি আৰু সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ দৰং জিলা সমিতিক ধন্য়বাদ জ্ঞাপন কৰে ।

লগতে পঢ়ক:মঙলদৈত দুদিনীয়া কাৰ্যসূচীৰে সপ্তদশ কেন্দ্ৰীয় মাতৃভাষা ভাষা দিৱস পালন - Mozammil Haque Memorial Award

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.