দলগাঁও, ২৩ জুন : ৰাজ্য চৰকাৰে বেদখলৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখি কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে ৷ তেনে সময়ত খাৰুপেটীয়াৰ অচিনতলাত পদপথৰ মাটি বেদখলৰ যেন প্ৰতিযোগিতা চলিছে ।
সৰু-বৰ যান-বাহনে তীব্ৰ যানজঁটৰ সৃষ্টি কৰাৰ সমান্তৰালকৈ পদপথসমূহ একাংশ ব্যৱসায়ীয়ে দখল কৰি দীৰ্ঘদিন ধৰি নিজৰ পৈত্ৰিক সম্পত্তিৰ দৰে চলাই আছে ব্যৱসায় । দৰঙৰ খাৰুপেটীয়া নগৰ সংযোগী জি এন বি ৰোডৰ অচিনতলাত পদপথ বেদখল কৰি ব্যৱসায়িক প্ৰতিষ্ঠান আদি নিৰ্মাণ কৰাত যাতায়তৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হোৱা পৰিলক্ষিত হৈছে পথটোত ।
অতি ব্যস্ত পথচোৱাৰ দুয়োকাষে থকা পথৰ মাটিত দীৰ্ঘদিন ধৰি অবৈধভাৱে টিনৰ চালি, পকীঘৰ, বাৰান্দা আদি নিৰ্মাণ কৰি যান-বাহন, এম্বুলেন্স আদি অহাযোৱা কৰাত বাধাৰ সৃষ্টি কৰাত জীয়াতু ভুগিবলগীয়া হৈছে সাধাৰণ জনতা ।
এইসকল ব্যৱসায়ীয়ে বিক্ৰীৰ বাবে ৰখা সা-সামগ্ৰী পদপথৰ ওপৰত দম বান্ধি থোৱাৰ ফলত পথচোৱা ঠেক হৈ সততে সৃষ্টি হৈছে তীব্ৰ যানজঁটৰ ৷ ফলত বিদ্যালয়লৈ অহাযোৱা কৰাত ভীষণ সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে ছাত্ৰ-ছাত্ৰীসক । একেদৰে দুয়োফালে ওখ ভেটি নিৰ্মাণ কৰি পানী নিষ্কাষণৰ পথসমূহ বন্ধ কৰাত সামান্য বৰষুণতেই একাঠুপৰ্যন্ত পানী জমা হয় গড়কাপ্তানী পথচোৱাত । ফলত পথচোৱা পৰিণত হৈছে পুখুৰীলৈ ।
চৰকাৰী নীতি-নিময় অৱজ্ঞা কৰি অবৈধভাৱে উক্ত পথৰ মাটি বেদখল কৰি ব্যৱসায় কৰা দোকানীসকলক ৰাইজৰ সুবিধাৰ্থে স্ব -ইচ্ছাই পথৰ মাটি খালি কৰি দিবলৈ এক সজাগতা সভা অনুষ্ঠিত কৰি আহ্বান জনাইছিল আমছুৱে । আমছুৰ উক্ত আহ্বানক কোনোধৰণৰ গুৰুত্ব নিদিয়াত অৱশেষত দৰং জিলা প্ৰশাসনক প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায় সংগঠনটোৱে ৷
লগতে পঢ়ক: যান-বাহন আইন ভংগ : কোন বিজেপি সাংসদৰ গাড়ীৰ বিৰুদ্ধে আৰক্ষীয়ে কাটিলে চালান ?