ETV Bharat / state

বুঢ়ীদিহিঙত চলিছে অবৈধ খনন; মাফিয়াক দমনত ব্যৰ্থ বন বিভাগ ! - ILLEGAL SAND MINING

ডিব্ৰুগড় জিলাৰ বুঢ়ীদিহিং নৈৰ কেইবাটাও স্থানত চলিছে বালি আৰু পলসৰ অবৈধ খনন । বন বিভাগেও নিয়ন্ত্ৰণ কৰিব পৰা নাই এই কাৰ্য ।

Illegal Sand mining
বুঢ়ীদিহিঙত চলিছে অবৈধ খনন (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Nov 29, 2024, 2:21 PM IST

ডিব্ৰুগড় : অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে । কিন্তু মুখ্যমন্ত্ৰীৰ নিৰ্দেশক ভেঙুচালি কৰি ডিব্ৰুগড়ৰ খোৱাং, কলাখোৱাকে ধৰি জিলাখনৰ বিভিন্ন প্ৰান্তত বুঢ়ীদিহিঙত চলিছে অবৈধ বালি খনন । খোৱাঙৰ বুঢ়ীদিহিং নদীত বালি মাফিয়াৰ কাৰ্যকলাপত অসহায় হৈ পৰিছে নৈপৰীয়া ৰাইজ । কিয়নো ডিব্ৰুগড়ত শেহতীয়া দিনবোৰত গৰাখহনীয়াই ভয়াৱহ ৰূপ লৈছিল ।

  • বুঢ়ীদিহিঙত অবৈধ খনন

নৈপৰীয়া ৰাইজৰ বিপদৰ কথা চিন্তা নকৰি বুঢ়ীদিহিঙত পানী কমি অহাৰ পাছতে একাংশই দিনে নিশাই চলাই গৈছে বালি খনন । খোৱাং আঞ্চলিক বনবিষয়া কাৰ্যালয়ৰ অধীনৰ খোৱাঙৰ দীঘলীয়াহোলা আৰু শিলপোটাত বুঢ়ীদিহিং নদীত দীৰ্ঘদিন ধৰি চলি আহিছে এই অবৈধ বালি খনন । প্ৰতিদিনে দুটা অবৈধ বালি মহলৰ পৰা ডাম্পাৰ, ট্ৰাকৰ লগতে বিভিন্ন গাড়ীৰে অহৰহ কঢ়িয়াই থকা হৈছে বালি ।

বুঢ়ীদিহিঙত চলিছে অবৈধ খনন (ETV Bharat)

ৰাইজৰ অভিযোগৰ পাছতে খোৱাং বন বিভাগৰ অধীনত থকা দীঘলীয়াহোলা আৰু শিলপোটাত বালি মহল বন্ধ কৰি দিছিল প্ৰশাসনে । কিন্তু তাৰ পাছতো বালি মাফিয়াই গোপনে চলাই গৈছে বালি খনন । অবৈধভাৱে বালি আৰু পলস কঢ়িওৱা গধুৰ বাহনে খোৱাং অঞ্চলৰ শিলপোটা-শেনচোৱাপুখুৰী পথ, মৰিয়া আলিকে ধৰি গ্ৰামাঞ্চলৰ কেইবাটাও পথ জৰাজীৰ্ণ কৰি পেলাইছে ।

বুঢ়ীদিহিং নদীৰ জৰাজীৰ্ণ মথাউৰিৰ ওপৰেৰে এই বাহনসমূহ চলাচল কৰাত মথাউৰিৰ প্ৰতিও ভাবুকি আহিছে । তাৰ মাজতে শুকুৰবাৰে খোৱাং আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ এটা দলে বালি মহলকেইটাত অভিযান চলায় । কিন্তু বিশেষ সফল হ'ব নোৱাৰিলে বন বিভাগৰ দলটো । বন বিভাগৰ লোক অহাৰ পূৰ্বেই বালি মহলৰ পৰা আঁতৰি গ'ল বালি কঢ়িওৱা বাহন, খনন কৰা যন্ত্ৰপাতি ।

  • অবৈধ খননক লৈ কি ক'লে খোৱাং আঞ্চলিক বন বিষয়াই ?

ৰাইজৰ অভিযানৰ পাছতে খোৱাং বন বিভাগৰ অধীনত থকা দীঘলীয়াহোলা আৰু শিলপোটাৰ অবৈধ বালি মহলত অভিযান চলাই বন বিষয়াগৰাকীয়ে কয়, "এই দুটা বালি মহল সম্পূৰ্ণ অবৈধ । আমি বন্ধ কৰিবলৈ মাজে সময়ে আহো । কাৰ্যালয়ৰ পৰা যথেষ্ট দূৰ হোৱাৰ বাবে সদায় অহা নহয় । দুয়োটা মহলত ভাল বালি পৰিছে ৷ কিয় বালি খননৰ বাবে চৰকাৰে কিয় অনুমোদন দিয়া নাই চৰকাৰে জানিব । কিন্তু এই দুটা মহলৰ পৰা বহু লাখ টকাৰ ৰাজহ হেৰুৱাইছে চৰকাৰে ।"

  • বালি খনন বন্ধ কৰাৰ দাবী ৰাইজৰ

অবৈধ বালি খনন সন্দৰ্ভত এগৰাকী স্থানীয় লোকে কয়, "বুঢ়ীদিহিঙত বালি খননৰ ফলতে খোৱাং অঞ্চলত খহনীয়াৰ ভয়াৱহতা বৃদ্ধি পাইছে । বালি খনন চলি থকা বাবে খোৱাঙৰ বৃহত্তৰ অঞ্চলটোৰ পথৰ অৱস্থা জৰাজীৰ্ণ হৈ পৰিছে । সেয়ে চৰকাৰ প্ৰশাসনে এই খনন কাৰ্য বন্ধ কৰিব লাগে ।"

লগতে পঢ়ক :হিমন্ত বিশ্ব শৰ্মাৰ শাসনত সুৰক্ষিত নহয় অসমৰ জীয়ৰী-বোৱাৰী : প্ৰদেশ কংগ্ৰেছ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.