ETV Bharat / state

ব্ৰহ্মপুত্ৰৰ বক্ষত চলাইছে খনন, বালিভৰ্তি ২২খন ডাম্পাৰ জব্দ - DUMPER SEIZED IN JORHAT

অনুমতি নোলোৱাকৈ ব্ৰহ্মপুত্ৰত খনন । ৰাইজৰ তৎপৰতাতহে সাৰ পালে বন বিভাগ ।

Dumper terror in Jorhat
পলসভৰ্তি ২২খন ডাম্পাৰ জব্দ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 23, 2024, 8:34 PM IST

যোৰহাট: পূৰ্বৰ তুলনাত হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ । এতিয়া চাৰিওফালে কেৱল বালিচৰ । ফলত চিন্তিত হৈ পৰিছে নৈপৰীয়া ৰাইজৰ লগতে সচতেন মহল । কাৰণ ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পোৱাৰ লগতে পলসৰে উপচি পৰিছে ব্ৰহ্মপুত্ৰৰ বক্ষ । ইয়াৰ সুযোগ গ্ৰহণ কৰি একাংশ লোকে বন বিভাগৰ অনুমতি অবিহনে ব্ৰহ্মপুত্ৰৰ বক্ষত আঘাত হানিছে । কাণসাৰ নাই সংশ্লিষ্ট কৰ্তৃপক্ষৰ ।

ব্ৰহ্মপুত্ৰৰ পলস সৰবৰাহ:

একাংশ লোকে দিনে-নিশাই ডাম্পাৰৰে ব্ৰহ্মপুত্ৰৰ বালি সৰবৰাহ কৰি মুনাফা লাভ কৰি আছে । ইয়াৰ মাজতেই সোমবাৰে বন বিভাগৰ কোনো অনুমতি অবিহনে অবৈধভাৱে পলস সৰবৰাহ কৰা ২২খনৰো অধিক ডাম্পাৰ ৰাইজৰ সহযোগত যোৰহাট জিলা বন বিভাগে জব্দ কৰিবলৈ সক্ষম হয় । বৰ্তমান পলস খননৰ লগত জড়িত ডাম্পাৰসমূহ বৰ্তমান যোৰহাট জিলা বন বিভাগৰ কাৰ্যালয় সন্মুখত ৰখাই থোৱা হৈছে ।

পলসভৰ্তি ২২খন ডাম্পাৰ জব্দ (ETV Bharat Assam)

অনুমতি নোলোৱাকৈ ব্ৰহ্মপুত্ৰত খনন

আনহাতে, ব্ৰহ্মপুত্ৰৰ পলস খনন সন্দৰ্ভত যোৰহাট জিলা বন বিভাগৰ উপ-ৰেঞ্জাৰ ৰূপক ভুঞাই কয়,"এই ডাম্পাৰ সমূহে বন বিভাগৰ কোনো অনুমতি নোলোৱাকৈ ব্ৰহ্মপুত্ৰৰ পলস খননৰ লগত জড়িত হৈ পৰিছে । চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ সম্প্ৰসাৰণৰ কামত এই বালি ব্যৱহাৰ কৰাৰ গইনা লৈ সৰবৰাহ কৰিছে । এই বিষয়ত বন বিভাগে বিভাগীয়ভাৱে তদন্ত চলাই আছে । "

চৰকাৰে নৈৰ বুকুত অবৈধ খনন বন্ধ কৰাৰ পিচতো বন বিভাগৰ অনুমতি অবিহনে ব্ৰহ্মপুত্ৰৰ বক্ষৰ বিভিন্ন স্থানত পলস খনন কৰাৰ ফলত অনাগত সময়ত ব্ৰহ্মপুত্ৰৰ জলস্তৰ অন্য দিশে গতি কৰিব বুলি একাংশ লোকে আশংকা প্ৰকাশ কৰিছে ।

লগতে পঢ়ক:বিহালীত অবৈধ ফলা কাঠসহ টাটা মেজিক জব্দ - Illegal wood seized - ILLEGAL WOOD SEIZED

জাঁজীমুখত ডাম্পাৰ নিয়ন্ত্ৰণৰ দাবীত ওলাই আহিল ৰাইজ - AASU protest in Teok

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.