ETV Bharat / state

আই আই টি গুৱাহাটীত সঘন আত্মহনন : সুৰক্ষা বিচাৰি শিক্ষাৰ্থীৰ উত্তাল প্ৰতিবাদ - Suspected Suicide in IIT Guwahati

author img

By ETV Bharat Assamese Team

Published : Sep 9, 2024, 8:33 PM IST

Protest in IIT Guwahati : আই আই টি গুৱাহাটীৰ শিক্ষাৰ্থীৰ উত্তাল প্ৰতিবাদ ৷ নিজৰ জীৱনৰ সুৰক্ষাক লৈ চিন্তিত প্ৰতিষ্ঠানখনৰ শিক্ষাৰ্থীসকল ৷ প্ৰতিষ্ঠানখনত সংঘটিত সঘন আত্মহননৰ ঘটনাই জোঁকাৰি গৈছে ছাত্ৰ-ছাত্ৰীসকলক ৷

Protest in IIT Guwahati
সুৰক্ষা বিচাৰি আই আই টি গুৱাহাটীত শিক্ষাৰ্থীৰ উত্তাল প্ৰতিবাদ (ETV Bharat Assam)

গুৱাহাটী, ৯ ছেপ্টেম্বৰ : পোনপ্ৰথমবাৰৰ বাবে আই আই টি গুৱাহাটীৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ শিক্ষাৰ্থীৰ ৷ প্ৰতিষ্ঠানখনত সঘনাই সংঘটিত হোৱা শিক্ষাৰ্থীৰ আত্মহননৰ ঘটনাৰ ফলত ক্ষোভিত ছাত্ৰ-ছাত্ৰীসকলে সোমবাৰে সাব্যস্ত কৰিলে প্ৰতিবাদী কাৰ্যসূচী ৷ সোমবাৰে পুৱা প্ৰতিষ্ঠানখনৰ বি টেক কম্পিউটাৰ ছায়েন্সৰ তৃতীয় বৰ্ষৰ এগৰাকী ছাত্ৰৰ মৃতদেহ উদ্ধাৰ কৰা হয় ছাত্ৰাবাসৰ কোঠাত ৷ বিমলেশ কুমাৰ নামৰ উত্তৰ প্ৰদেশৰ ২১ বছৰীয়া ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ কৰা হয় ব্ৰহ্মপুত্ৰ ছাত্ৰাবাসৰ কোঠাত ৷ এয়া এক আত্মহননৰ ঘটনা বুলি কোৱা হৈছে যদিও অব্যাহত আছে তদন্ত ৷ ইয়াকে ধৰি চলিত মাহত আই আই টি গুৱাহাটীত এনেধৰণৰ ঘটনা দুটা সংঘটিত হয় ৷

সোমবাৰে কামৰূপৰ জিলাৰ উত্তৰ গুৱাহাটীস্থিত আই আই টি গুৱাহাটীৰ সঞ্চালকৰ কাৰ্যালয়ৰ সমুখত শিক্ষানুষ্ঠানখনৰ একাংশ শিক্ষাৰ্থীয়ে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ । হাতে হাতে প্লে’কাৰ্ড, বেনাৰ-পোষ্টাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে আই আই টি গুৱাহাটীৰ শতাধিক শিক্ষাৰ্থীয়ে । শিক্ষাৰ্থীৰ প্ৰতিবাদে আকাশ-বতাহ কঁপাই তোলা পৰিলক্ষিত হয় ।

‘আমাক ন্যায় লাগে’, ‘এনেবোৰ ঘটনা বন্ধ হ’ব লাগে’ আদি শ্ল’গানৰে শিক্ষাৰ্থীসকলে কঁপাই তোলে আই আই টি গুৱাহাটীৰ চৌহদ । নাম প্ৰকাশত অনিচ্ছুক একাংশ শিক্ষাৰ্থীয়ে জনোৱা মতে শিক্ষানুষ্ঠানখনত এটা মাহৰ ভিতৰতে দুগৰাকী শিক্ষাৰ্থীৰ অস্বাভাৱিক মৃত্যুত ক্ষোভিত হৈ পৰিছে শিক্ষাৰ্থীসকল । যাৰ ফলত সোমবাৰে এনেদৰে আই আই টি কৰ্তৃপক্ষৰ বিৰুদ্ধে শিক্ষাৰ্থীসকলে প্ৰতিবাদ সাব্যস্ত কৰে ।

বিশেষ সূত্ৰই জনোৱা মতে পঢ়াৰ অত্যধিক বোজা জাপি দিয়াৰ ফলতে এইদৰে সৰৱ হৈ পৰিছে আই আই টি গুৱাহাটীৰ শিক্ষাৰ্থীসকল । আই আই টি গুৱাহাটীত শিক্ষাৰ্থীৰ সঘন আত্মহননৰ ঘটনাৰ তদন্তৰ প্ৰতিবেদন প্ৰকাশ নোহোৱাতো শিক্ষাৰ্থীসকল ক্ষোভত ফাটি পৰে । অনাগত দিনবোৰত এনেধৰণৰ অস্বাভাৱিক মৃত্যুৰ ঘটনা যাতে পুনৰ সংঘটিত নহয়, তাৰ বাবে এনেদৰে প্ৰতিবাদত নামি পৰে শিক্ষাৰ্থীসকল ।

উল্লেখ্য যে শেহতীয়াকৈ যোৱা ১০ এপ্ৰিলত আই আই টি গুৱাহাটীৰ এগৰাকী ছাত্ৰই আত্মহনন কৰে ৷ বিহাৰৰ সমষ্টিপুৰৰ বাসিন্দা আছিল ছাত্ৰজন ৷ ইয়াৰ পূৰ্বে ১ জানুৱাৰীত অচেতন অৱস্থাত প্ৰতিষ্ঠানখনৰ এগৰাকী ছাত্ৰী উদ্ধাৰ হৈছিল পল্টন বজাৰৰ চিটি পেলেচত হোটেলত ৷ ছাত্ৰীগৰাকীক হোটেল কৰ্তৃপক্ষই GMCH লৈ প্ৰেৰণ কৰিছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰিছিল ৷ তদুপৰি ৯ এপ্ৰিলৰ পৰা আই আই টি গুৱাহাটীৰ ছাত্ৰাবাসৰ পৰা সন্ধানহীন হৈ হয় দ্বিবাকৰ মৌৰ্য নামৰ এগৰাকী ছাত্র ।

আই আই টি গুৱাহাটীত সঘটনাই সংঘটিত এনেবোৰ ঘটনাই চিন্তিত কৰি তুলিছে শিক্ষাৰ্থীসকলৰ লগতে অভিভাৱককো ৷

(যদি আপোনাৰ মনলৈ আত্মহত্যাৰ চিন্তা আহিছে বা আপুনি কোনো বন্ধুৰ বাবে চিন্তিত বা আপোনাক আৱেগিক সমৰ্থনৰ প্ৰয়োজন হৈছে, তেন্তে স্নেহা ফাউণ্ডেশ্যনলৈ ফোন কৰক – ০৪৪২৪৬৪০০৫০ (২৪x৭ উপলব্ধ) বা আইকল, টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল চায়েন্স হেল্পলাইন – ৯১৫২৯৮৭৮২১ সোমবাৰৰ পৰা শনিবাৰলৈ পুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈ উপলব্ধ ।)

লগতে পঢ়ক : আই আই টিৰ বি টেক ষষ্ঠ সান্মাষিকৰ ছাত্ৰ সন্ধানহীন

হোষ্টেলৰ কোঠাত মৃত অৱস্থাত উদ্ধাৰ আই আই টি গুৱাহাটীৰ ছাত্ৰক

মহানগৰীৰ হোটেলত IIT গুৱাহাটীৰ ছাত্ৰীৰ ৰহস্যজনক মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.