ETV Bharat / state

২৪ ঘণ্টাৰ অন্তত সাতগাঁৱত উদ্ধাৰ আই ই ডিসদৃশ সামগ্ৰী - ULFA I Bomb Plan

author img

By ETV Bharat Assamese Team

Published : Aug 16, 2024, 4:00 PM IST

ULFA I Bomb Plan: আলফা(স্বাধীন)ৰ প্ৰেছ বিজ্ঞপ্তি অনুসৰি গুৱাহাটীৰ সাতগাঁৱত সংস্থাপন কৰা হৈছিল বোমা । বৃহস্পতিবাৰৰ পৰা আৰক্ষী-সেনাই অভিযান চলাই আছিল । অৱশেষত নাৰেংগীৰ সেনা চাউনিৰ সমীপত উদ্ধাৰ হৈছে আই ই ডিসদৃশ সামগ্ৰী ।

ULFA I Bomb Plan
প্ৰায় ২৪ ঘণ্টাৰ অন্তত সাতগাঁৱত উদ্ধাৰ আইইডি সদৃশ সামগ্ৰী (ETV Bharat)

গুৱাহাটী,১৬ আগষ্ট : গুৱাহাটীত উদ্ধাৰ আন এক আই ই ডিসদৃশ সামগ্ৰী । গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই এই কথা নিশ্চিত কৰিছে । নাৰেংগীৰ সেনা ছাউনিৰ সমীপত উদ্ধাৰ হৈছে আই ই ডিসদৃশ সামগ্ৰীখিনি । মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ সামগ্ৰীখিনি ।

প্ৰায় ২৪ ঘণ্টাৰ অন্তত সাতগাঁৱত উদ্ধাৰ আই ই ডিসদৃশ সামগ্ৰী (ETV Bharat)

ৰাজ্যৰ বোমা সংস্থাপন আলফা(স্বাধীন)ৰ :

উল্লেখ্য যে স্বাধীনতা দিৱসৰ দিনাই আলফা(স্বাধীন)ৰ এক প্ৰেছ বিজ্ঞপ্তিয়ে অসম আৰক্ষীত হাহাকাৰৰ সৃষ্টি কৰিছিল । নিষিদ্ধ সংগঠনটোৱে দাবী কৰা মতে ৰাজ্যৰ প্ৰায় ২৫ টা স্থানত বোমা সংস্থাপন কৰা হৈছিল । তাৰ পিছতে আৰক্ষীয়ে অভিযান আৰম্ভ কৰে । গুৱাহাটীৰ ৮ টা স্থানত বোমা সংস্থাপন কৰাৰ কথাও আলফাই দাবী কৰিছিল । অৱশ্যে আৰক্ষীয়ে জনোৱা মতে বৃহস্পতিবাৰে গুৱাহাটীৰ দুটাকৈ স্থানত আই ই ডিসদৃশ সামগ্ৰী উদ্ধাৰ কৰা হৈছিল ।

আলফাই দাবী কৰা মতে নাৰেংগীৰ চি ডি এ গেটৰ সমীপতো বোমা সংস্থাপন কৰা হৈছিল । লগে লগে আৰক্ষীয়ে অভিযান আৰম্ভ কৰে । কিন্তু বৃহস্পতিবাৰে আৰক্ষীয়ে কোনো ধৰণৰ সামগ্ৰী উদ্ধাৰ কৰিব নোৱাৰিলে । আৰক্ষীৰ লগতে সেনা আৰু বোমা বিশেষজ্ঞ দলে নিশাও অভিযান চলাইছিল । দলটোৱে নলা,পদপথৰ বিপণি, ৰখাই থোৱা বাহন আদিত অভিযান চলাইছিল । বোমাৰ সন্ধানত শুকুৰবাৰে পুৱাৰ পৰাও ডগ স্কোৱাডৰ সৈতে আৰক্ষী-সেনাৰ দলটোৱে অভিযান চলায় । অৱশেষত প্ৰায় ২৪ ঘণ্টাৰ অন্তত নাৰেংগী সেনা ছাউনিৰ সমীপত মাটিত পুতি থোৱা অৱস্থাত সন্দেহজনক বিস্ফোৰক সামগ্ৰীখিনি উদ্ধাৰ কৰা হয় ।

সাতগাঁৱত উদ্ধাৰ আই ই ডিসদৃশ সামগ্ৰী :

ইফালে অভিযানস্থলীত উপস্থিত হৈ মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই কয়,"কালি আমি পাণবজাৰ আৰু গান্ধীবস্তিত দুটা আই ই ডিসদৃশ সামগ্ৰী উদ্ধাৰ কৰিছো । কালি যি দুটা সামগ্ৰী পাইছো, সাতগাঁৱতো একেধৰণৰ সামগ্ৰী পোৱা গৈছে । বিস্ফোৰকজাতীয় সামগ্ৰী আছে, কিন্তু বিস্ফোৰক হয়নে নহয় আৰু যদিহে বিস্ফোৰক হয় কি ধৰণৰ হয় সেয়া পৰীক্ষণত গম পোৱা যাব ।"

লগতে পঢ়ক :২৫ টা স্থানত বোমা সংস্থাপনৰ দাবী আলফা(স্বা)ৰ: উপযুক্ত তদন্তৰ নিশ্চয়তা দিলে ডিজিপি জি পি সিঙে - bomb plan by ULFA I

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.