ETV Bharat / state

গুৱা-পাণ, শৰাই-অৰিহণা আগবঢ়াই স্মাৰ্ট মিটাৰ ঘূৰাই দিলে শ শ উপভোক্তাই - Protest Against Smart Meter

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Smart meter return in Moran : হাতে-হাতে শৰাই-অৰিহণা লৈ স্মাৰ্ট মিটাৰ ঘূৰাই দিলে উপভোক্তাই ৷ বাকী আঁচনিৰ জৰিয়তে চামুচেৰে দি, স্মাৰ্ট মিটাৰৰ জৰিয়তে বেলচাৰে লৈ যোৱা বুলি অভিযোগ ৰাইজৰ ৷

Smart meter return in Moran
মৰাণত স্মাৰ্ট মিটাৰ ঘূৰাই দিলে শ শ উপভোক্তাই (ETV Bharat Assam)

ডিব্ৰুগড়, ২০ ছেপ্টেম্বৰ : হাতত গুৱা-পাণ, শৰাই লৈ উপ-বৈদ্যুতিক সংমণ্ডল কাৰ্যালয়ত উপস্থিত শতাধিক লোক ৷ লগত লৈ আনিছে স্মাৰ্ট মিটাৰ ৷ বিদ্যুতৰ নামত ধন ভৰি ভৰি অতিষ্ঠ হোৱা বুলি অভিযোগ তুলি বিভাগক ঘূৰাই দিলে স্মাৰ্ট মিটাৰসমূহ ৷ এই ঘটনা মৰাণৰ ৷

ৰাজ্যত ধাৰাবাহিক প্ৰতিবাদ অব্যাহত আছে স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীত ৷ কিন্তু ৰাইজৰ প্ৰতিবাদৰ প্ৰতি চৰকাৰে কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ ফলত হাতে-হাতে স্মাৰ্ট মিটাৰ লৈ মৰাণৰ উপ-বৈদ্যুতিক সংমণ্ডল পালেহি দুই শতাধিক পুৰুষ-মহিলা । তামোল-পাণ, অৰিহণা লৈ শৰাই আগবঢ়াই স্মাৰ্ট মিটাৰসমূহ ঘূৰাই দিয়া হয় মৰাণ বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত ।

বৃহত্তৰ মৰাণ আৰু খোৱাং অঞ্চলৰ 2 নং পদুমণি, শেনছোৱা পুখুৰী, বাঁহবাৰী, চাউলকৰা, গোঁহাই গাঁও, গাৰিহালি চুক চেতীয়া গাঁও, শেনছোৱা পুখুৰী, দিখাৰী কিনাৰ, সৰগফলা, চিলচিলি আদিৰ শতাধিক লোকে স্মাৰ্ট মিটাৰসমূহ ঘূৰাই দিয়ে । এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে মৰাণ অঞ্চলৰ ১৮ টাকৈ জাতি-জনগোষ্ঠীয় সংগঠনে ।

প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা ৰাইজে ক্ষোভ প্ৰকাশ কৰি কয়, ‘‘চৰকাৰী আঁচনি নালাগে, কিন্তু স্মাৰ্ট মিটাৰ ঘূৰাই লওক বিদ্যুৎ বিভাগে ৷ অন্যথা ২০২৬ত ইয়াৰ প্ৰত্যুত্তৰ পাব মুখ্যমন্ত্ৰীয়ে ।’’ অতি সোনকালে স্মাৰ্ট মিটাৰ ঘূৰাই নল’লে দহ হাজাৰ লোকে হাতে হাতে স্মাৰ্ট মিটাৰ লৈ মৰাণৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয় ঘেৰাও কৰিব বুলি জানিবলৈ দিয়ে ৷

উল্লেখ্য যে, সকলোৱে অভিযোগ উত্থাপন কৰিছে যে স্মাৰ্ট মিটাৰ ব্যৱহাৰ কৰাৰ পিছতে ৰাইজে অধিক মাচুল ভৰিবলগীয়া হৈছে । ফলত সাধাৰণ ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে ৷ ৰাইজে স্মাৰ্ট মিটাৰৰ বিৰোধিতা কৰিছে যদিও চৰকাৰে বলপূৰ্বকভাৱে জাপি দিয়া স্মাৰ্ট মিটাৰৰ প্ৰসংগক লৈ যোৱা বিধানসভা অধিৱেশনত শাসক-বিৰোধীৰ মাজতো তুমুল বিতৰ্কৰ সৃষ্টি হৈছে ৷

চৰকাৰে স্মাৰ্ট মিটাৰক লৈ কোনোধৰণৰ বিল বৃদ্ধি হোৱা নাই বুলি দাবী কৰিলেও সাধাৰণ ৰাইজে ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰিছে স্মাৰ্ট মিটাৰ বাতিলৰ দাবীত । শুকুৰবাৰে মৰাণত ৰাইজে স্মাৰ্ট মিটাৰ ঘূৰাই দিয়া পিছত চৰকাৰে এই বিষয়টো গুৰুত্ব দিবনে নাই সেয়াহে লক্ষ্যণীয় হ’ব ।

লগতে পঢ়ক : স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে বিজুলী ভৱনত বিৰোধী ঐক্য মঞ্চৰ বিক্ষোভ

স্মার্ট মিটাৰ লগাবলৈ গ'লে পহুখেদা দিয়াৰ হুংকাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

খিলঞ্জীয়াৰ সুৰক্ষা-স্মাৰ্ট মিটাৰ বাতিলৰ দাবীত ২১টা সংগঠনৰ গৰ্জন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.