লখিমপুৰ: বুধবাৰে লখিমপুৰৰ নাওবৈচাত শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ৰাজ্য চৰকাৰ আৰু মূখ্য মন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাক কঠোৰ সমালোচনা কৰাৰ লগতে কাৰ্যালয় ঘেৰাও কৰাৰ হুংকাৰ দিয়ে ।
নাওবৈচা আৰু ৰঙানদী বিধানসভা সমষ্টিৰ ২১ টা ব্যস্ততাপূৰ্ণ পথৰ উন্নয়নৰ দাবীত লখিমপুৰৰ কৰুণাবাড়ীত অখিল গগৈয়ে মানৱশৃংখল গঢ়ি তুলি মুখ্যমন্ত্রী লৈ সকীয়নি প্ৰদান কৰে ।
ৰাইজৰ দলৰ উদ্যোগত ৰূপায়ণ কৰা এই কাৰ্যসূচীত অখিল গগৈয়ে অংশগ্ৰহণ কৰি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনক তীব্ৰ সমালোচনা কৰে । প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক হিন্দু-মুছলমানৰ ৰাজনীতি এৰি উন্নয়নৰ ৰাজনীতি কৰিবলৈ দাবী জনায় । তেওঁ কয়,"নিৰ্বাচনৰ আগত দেশৰ ভিতৰতে এক নম্বৰৰ ৰাজ্য হিচাপে অসমক গঢ় দিম বুলি কোৱা চৰকাৰখনৰ দিনত দেশৰ ৩৩ খন ৰাজ্যৰ ভিতৰত অসম এতিয়া তলৰ পৰা ৬ নম্বৰত আৰু ওপৰৰ পৰা ২৭ নম্বৰ স্থানত আছে ।" মুখ্যমন্ত্ৰীক কটাক্ষ কৰি তেওঁ কয়,"ৰাজ্যখনৰ অৱস্থা বেয়া কৰি, ধাৰত ডুবাই মুখ্যমন্ত্রীয়ে এতিয়া ঝাৰখণ্ডক এক নম্বৰ ৰাজ্য বনাবলৈ গৈছে ।"
লখিমপুৰৰ বিধায়ক মানৱ ডেকাক দুষ্ট আখ্যা দি তেওঁ কয়,"মুখ্যমন্ত্রীয়ে দুষ্ট বিধায়ক মানৱ ডেকা আৰু সাংসদ প্ৰদান বৰুৱাক নিয়োগ কৰি নাওবৈচা সমষ্টিৰ বাবে আবন্টন হোৱা বাট-পথবোৰ কাটি বেলেগলৈ নিছে । যাৰ বাবে সমষ্টিৰ উন্নয়ন নোহোৱা হৈ পৰিছে ।" সৎসাহস থাকিলে নাওবৈচাৰ ৰাস্তা-পদূলি এবাৰ পৰিদৰ্শন কৰিবলৈ মুখ্যমন্ত্রীক প্ৰত্যাহ্বান জনাই গগৈয়ে । আনহাতে স্থানীয় লোকৰ সহযোগত মুখ্যমন্ত্রীৰ কাৰ্যালয় আৰু লোক নিৰ্মাণৰ বিভাগীয় মুখ্য কাৰ্যালয় ঘেৰাও কৰিব বুলিও হুংকাৰ দিয়ে অখিল গগৈয়ে ।