ETV Bharat / state

মেৰাপানীত বলেৰ' পিক আপ ভানসহ আৰক্ষীৰ জালত বাৰ্মিজ চুপাৰী সৰবৰাহকাৰী - Burmese Supari Seized in Merapani

author img

By ETV Bharat Assamese Team

Published : Aug 7, 2024, 2:13 PM IST

Burmese Supari Seized: মেৰাপানীত সন্দেহজনক বাৰ্মিজ চুপাৰী জব্দ ৷ বলেৰ' পিক আপ ভানসহ আৰক্ষীৰ জালত দুটা সৰবৰাহকাৰী ।

huge-quantity-of-burmese-supari-seized-in MERAPANI
মেৰাপানীত বলেৰ' পিক আপ ভানসহ আৰক্ষীৰ জালত বাৰ্মিজ চুপাৰী সৰবৰাহকাৰী (ETV Bharat))

গোলাঘাট, 7 আগষ্ট: অসম-নাগালেণ্ড সীমান্তৰে অবৈধভাবে সৰবৰাহ অব্যাহত আছে বাৰ্মিজ চুপাৰিৰ । নিতৌ ন ন কৌশল অৱলম্বন কৰি অসম-নাগালেণ্ড সীমান্তৰে সৰবৰাহকাৰীয়ে অব্যাহত ৰাখিছে বাৰ্মিজ চুপাৰিৰ সৰবৰাহ ৷ বুধবাৰে গোলাঘাটৰ মেৰাপানীৰ নলিনীপথাৰত গাঁওৰক্ষী বাহিনীৰ দলৰ এখন বলেৰ' পিক আপ ভানৰ ওপৰত সন্দেহ ওপজে আৰু পিক আপ ভান ৰখাই সোধ-পোছ কৰে ৷

এই সোধ-পোছ চলাওতেই মাটিকঁঠালৰ তলত বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি প্ৰত্যক্ষ কৰে । বলেৰ' পিক আপ ভানখনৰ পঞ্জীয়ন নম্বৰ AS 02 DC 0919 ৷ ভানখনত আনাৰসৰ তলত 9 বস্তা চুপাৰী লুকুৱাই অনাৰ কথা চালকে গাঁওৰক্ষী বাহিনীৰ আগত কয় । পাছত গাঁওৰক্ষী বাহিনীৰ দলে এই সন্দৰ্ভত আৰক্ষীক অৱগত কৰে আৰু মেৰাপানী আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় ৷ গাঁওৰক্ষী বাহিনীৰ দলে পিক আপ ভানখন মেৰাপানী আৰক্ষীক গতাই দিয়ে ।

আৰক্ষীয়ে বাহনখনৰ সৈতে অহা দুজন লোক শ্ৰীকান্ত মণ্ডল আৰু আব্দুল কালামক আটক কৰিছে । চালক শ্ৰীকান্ত মণ্ডলে দিয়া স্বীকাৰোক্তি অনুসৰি, নগাপাহাৰৰ নামনি অংশৰ পৰা নগাঁও জিলাৰ জখলাবন্ধালৈ বুলি চুপাৰিখিনি সৰবৰাহৰ চেষ্টা চলাইছিল । জব্দকৃত চুপাৰিখিনিৰ মূল্য এক লাখৰ অধিক হ'ব বুলি জানিব পৰা গৈছে ।

উল্লেখযোগ্য যে, চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰৰ লগত ভাৰতবৰ্ষৰ কোনোধৰণৰ বাণিজ্যিক চুক্তি নথকাৰ পাছতো দৈনিক চুবুৰীয়া ৰাজ্য নাগালেণ্ড-সীমান্তৰ মেৰাপানী হৈ দৈনিক সৰবৰাহ কৰি আহিছে বাৰ্মিজ চুপাৰিৰ চোৰাং সৰবৰাহ । এক গোপন সূত্ৰৰ পৰা জানিব পৰা মতে সীমন্তত নিয়োজিত চি আৰ পি এফৰ লগত গোপন অংকৰ বুজাবুজিৰে এই সৰহবৰাহ চলি আহিছে ।

লগতে পঢ়ক: বৰপথাৰত জব্দ বাৰ্মিজ চুপাৰি ভৰ্তি 12 চকীয়া ট্ৰাক

হালোৱাটিঙত বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি ভৰ্তি ট্ৰাক জব্দ

হা আৰক্ষীৰ জালত বাৰ্মিজ চুপাৰি ভৰ্তি বাহন, আটক দুই সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.