ETV Bharat / state

অতীত হোৱাৰ দিশে ২০০ বছৰীয়া ঐতিহাসিক বুঢ়াবুঢ়ী থান - Bank erosion of Brahmaputra - BANK EROSION OF BRAHMAPUTRA

Erosion in Goalpara : অতীত হোৱাৰ দিশে আগবাঢ়িছে ২০০ বছৰীয়া ঐতিহাসিক বুঢ়াবুঢ়ী থান । ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ কৱলত গোৱালপাৰা জিলাৰ সীমান্তত থকা ঐতিহাসিক থানখন । শংকিত হৈ পৰিছে স্থানীয় হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ লোক ৷

Erosion in Goalpara
খহনীয়াৰ কৱলত ঐতিহাসিক বুঢ়াবুঢ়ী থান (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jul 16, 2024, 6:09 PM IST

গোৱালপাৰা, ১৬ জুলাই : বছৰি বানে খহাই আহিছে ৰাজ্যৰ ভিন্নস্থানৰ ভূমি ৷ সময়ে-সময়ে গৰাখহনীয়াৰ কবলত পৰি অস্তিত্বহীন হৈ আহিছে বহু সম্পদ, ঐতিহাসিক স্থান ৷ এইবাৰ গোৱালপাৰাত অতীত হোৱাৰ দিশে আগবাঢ়িছে ২০০ বছৰীয়া ঐতিহাসিক বুঢ়াবুঢ়ী থান ।

খহনীয়াৰ কৱলত ঐতিহাসিক বুঢ়াবুঢ়ী থান (ETV Bharat Assam)

ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ কৱলত পৰিছে গোৱালপাৰা জিলাৰ সীমান্তত থকা ঐতিহাসিক বুঢ়াবুঢ়ী থান ৷ ফলত শংকিত হৈ পৰিছে স্থানীয় হিন্দু-ইছলাম উভয় ধৰ্মাৱলম্বী লোক ৷ গোৱালপাৰা জিলাৰ সিমামূৰীয়া অঞ্চল তথা ধুবুৰী জিলাৰ দক্ষিণ পাৰত থকা নামনি অসমৰ একমাত্ৰ তীৰ্থস্থান ঐতিহাসিক বুঢ়াবুঢ়ী থানখন গৰাখহনীয়াৰ কৱলত পৰাৰ ফলত চিন্তিত হৈ পৰিছে অঞ্চলবাসী ।

বান বিভীষিকাৰ সমান্তৰালকৈ লুইতৰ কাল গৰাখহনীয়াৰ কৱলত পৰিছে ঐতিহ্যমণ্ডিত বুঢ়াবুঢ়ী থান ৷ ধুবুৰী জিলাৰ দক্ষিণ পাৰৰ বুঢ়াবুঢ়ী মেদৰটাৰী নিছিনপুৰ আদি কৰি বৃহত্তৰ অঞ্চলৰ ৰাইজৰ আৱেগস্বৰূপ উক্ত তীৰ্থস্থান অৱস্থিত অঞ্চলটোত চলিছে বৰলুইতৰ খহনীয়াৰ সংহাৰ ।

সোমবাৰৰ নিশা থানখনলৈ প্ৰৱেশ কৰা পথটো জাহ যায় খহনীয়াত ৷ ফলত শংকিত হৈ পৰিছে স্থানীয় হিন্দু-মুছলমান সকলো লোক ৷ উল্লেখযোগ্য যে ইতিহাস মতে দুশ বছৰ পূৰ্বৰ পৰা এই বুঢাবুঢ়ী থানত চ’ত মাহৰ শেষৰ দিনটোত শিৱ-পাৰ্বতী পূজা অনুষ্ঠিত হৈ আহিছে । মুছলমান সম্প্ৰদায়ৰ লোকসকলেও উক্ত দিনটোত পৃথকে আৰাধনা কৰে ৷ সেয়ে এই ঠাইডোখৰক হিন্দু-মুছলমানৰ মিলনভূমি বুলি কোৱা হয় ৷

নামনি অসমৰ অন্যতম এই স্থান ৰক্ষাৰ বাবে ওলাই আহিছে হিন্দু-মুছলমান সকলো লোক ৷ জলেশ্বৰৰ বিধায়ক আফতাব উদ্দিন মোল্লায়ো পৰিদৰ্শন কৰে ঐতিহ্যমণ্ডিত ঠাইখিনি । হিন্দু-মুছলমানৰ মিলনভূমি বুঢ়াবুঢ়ী থানখন ৰক্ষাৰ বাবে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ পৰিদৰ্শন কামনা কৰে ৰাইজৰ লগতে বিধায়ক আফতাব উদ্দিন মোল্লাই ।

লগতে পঢ়ক : শুকান নলা নৈৰ ভয়ংকৰ খহনীয়াই ভাবুকি কঢ়িয়াই আনিছে ১০খন গাঁৱলৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.