ETV Bharat / state

ভাৰতীয় ক্ৰিকেট দলক অভিনন্দন জনাই মহানগৰীত আৱতৰীয়া দীপাৱলী - T20 WORLD CUP 2024

author img

By ETV Bharat Assamese Team

Published : Jun 30, 2024, 8:50 AM IST

India won T20 World Cup: ভাৰত জয়ী হোৱাৰ পিচতে মাজনিশা ক্ৰিকেট অনুৰাগীসকলে ৰাজপথলৈ ওলাই আহি ফটকা ফুটাই আনন্দ প্ৰকাশ । মাজনিশা মহানগৰীত দেখা গ'ল আৱতৰীয়া দীপাৱালী । ভাৰতীয় দলক অভিনন্দন মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ।

Congratulations to The Indian Cricket Team On Winning The T20 World Cup In Guwahati
ভাৰতীয় ক্ৰিকেট দলক অভিনন্দন জনাই মহানগৰীত আৱতৰীয়া দীপাৱলী (ETV Bharat Assam)

গুৱাহাটী,৩০ জুন : ১৭ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অৱসান ঘটাই ভাৰতে দ্বিতীয়বাৰলৈ টী-২০ বিশ্বকাপ ট্ৰফী জয় কৰাৰ পিচতে দেশজুৰি উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰে । দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তটো ক্ৰিকেট অনুৰাগীসকলে ওলাই আহি আনন্দ উল্লাস কৰে ।

ইয়াৰ ব্যতিক্ৰম নহয় গুৱাহাটী মহানগৰী । মহানগৰীৰ বিভিন্ন স্থানত ক্ৰীণ টানি টী-২০ বিশ্বকাপৰ চূড়ান্ত খেলখন উপভোগ কৰাৰ লগতে ভাৰত জয়ী হোৱাৰ পিচতে মাজনিশা ক্ৰিকেট অনুৰাগীসকলে ৰাজপথলৈ ওলাই আহি ফটকা ফুটাই আনন্দ প্ৰকাশ কৰে ।

ভাৰত জয়ী হোৱাৰ লগে লগে গণেশগুৰি, জি এছ ৰোডকে ধৰি মহানগৰীৰ প্ৰায়সমূহ স্থানতে আৱতৰীয়া দীপাৱলী দেখা যায় । ভাৰতীয় দলে জয় লাভ কৰাৰ পিচতে ভাৰতীয় দলক অভিনন্দন জনায় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও টুইটাৰযোগ অভিনন্দন জনায় ভাৰতীয় ক্ৰীকেট দলক ৷

উল্লেখ্য যে টী-২০ বিশ্বকাপৰ নৱম সংস্কৰণৰ ফাইনেলত ভাৰতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৭ ৰাণত জয়লাভ কৰে । ৰোমাঞ্চকৰ যুঁজখনত ১৭৭ ৰাণৰ লক্ষ্য অনুসৰণ কৰি ২০ অভাৰত ৮ উইকেটত ১৬৯ ৰাণহে কৰিবলৈ সক্ষম হয় দক্ষিণ আফ্রিকা ।

জয়ৰ বাবে দক্ষিণ আফ্রিকাক অন্তিম অভাৰত ১৬ ৰাণৰ প্রয়োজন হৈছিল । কিন্তু হার্দিক পাণ্ডিয়াই দক্ষিণ আফ্রিকাক লক্ষ্যত উপনীত হ'বলৈ নিদিলে । হার্দিকৰ প্ৰথম বলটোতে সূর্যকুমাৰ যাদৱে এক অবিশ্বাস্য কেচেৰে ডেভিদ মিলাৰক বিদায় দিয়ে ।

মিলাৰ আউট হোৱাৰ লগে লগে দক্ষিণ আফ্ৰিকাৰ জয়ৰ আশা কার্যতঃ নির্বাপিত হয় । অথচ ইয়াৰ আগলৈকে জয়ৰ দিশতে ধাৱমান হৈছিল দক্ষিণ আফ্ৰিকা । কিন্তু অৱশেষত বিশ্বৰ বুকুত জিলিকিল ত্ৰিৰংগা ।

লগতে পঢ়ক: ১৭ বছৰৰ পাচত ICC T20 বিশ্বকাপৰ খিতাপ দখল ভাৰতৰ - T20 world cup

7 ৰাণত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ৰোহিত বাহিনীয়ে ৰচিলে বিজয়ৰ ইতিহাস; প্লেয়াৰ অৱ দ্য মেচ কোহলী, প্লেয়াৰ অৱ দ্য টুৰ্ণামেন্ট বুমৰাহ - IND vs SA Final

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.