গুৱাহাটী: পুনৰ গুণোৎসৱ । ৰাজ্যৰ বিদ্যালয় শিক্ষা ব্যৱস্থাৰ গুণগত মানৰ উৎকর্ষ সাধনৰ নিৰলস প্রচেষ্টাৰ অংশস্বৰূপে অহা ৬ জানুৱাৰীৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ ৰাজ্যত অনুষ্ঠিত হ'ব গুণোৎসৱ ২০২৫ । ৰাজ্যৰ ৩৫ খন জিলাৰ মুঠ ৪৪,০৯৪ খন বিদ্যালয়ত তিনিটা পৰ্যায়ত গুণোৎসৱ ২০২৫ অনুষ্ঠিত হ'ব । গুণোৎসৱে সামৰি ল'ব ৩৯,৬৫,০৮১ গৰাকী শিক্ষাৰ্থীক ।
এই উপলক্ষে শুকুৰবাৰে গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে 'গুণোৎসৱ ম'বাইল এপ' আৰু 'গুণোৎসৱ প'ৰ্টেল' মুকলি কৰে । গুগল প্লে' ষ্ট'ৰৰ পৰা ডাউনলোডৰ সুবিধা থকা এই এপত বহিঃমূল্যায়কসকলৰ ইউনিফৰ্মৰ মূল্যায়নকে ধৰি সকলো পৰ্যবেক্ষণ প্ৰতিবেদনো অন্তৰ্ভুক্ত হ'ব । ইয়াৰ লগতে প'ৰ্টেলত গুণোৎসৱৰ বিগত বছৰৰ পৰ্যবেক্ষণ প্ৰতিবেদন উপলব্ধ হ'ব ।
শিক্ষাৰ মান মূল্যায়নৰ কাৰ্যসূচী গুণোৎসৱ দ্ৰুত আৰু স্বচ্ছভাৱে পৰিচালনাৰ দিশত এই ডিজিটেল প্ৰক্ৰিয়াই বিশেষভাৱে সহায় কৰিব বুলি আশা কৰা হৈছে । উল্লেখ্য যে প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ ৩৯,৬৫,০৮১ গৰাকী শিক্ষাৰ্থীক গুণোৎসৱে সামৰি ল'ব । তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব গুণোৎসৱ । গুণোৎসৱ সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে ।
প্ৰথম পৰ্যায়ৰ গুণোৎসৱ :
প্ৰথম পৰ্যায়ত ৭ জানুৱাৰীৰ পৰা ৯ জানুৱাৰীলৈ ১১ খন জিলা ক্ৰমে বৰপেটা, বজালী, কৰিমগঞ্জ, কামৰূপ, কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, নগাঁও, শিৱসাগৰ, দক্ষিণ শালমাৰা মানকাচৰ আৰু ওদালগুৰিত গুণোৎসৱ অনুষ্ঠিত হ'ব । আনহাতে, স্ব-মূল্যায়ন হ'ব ৬ জানুৱাৰীত ।
দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ :
দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ ২০ জানুৱাৰীৰ পৰা ২২ জানুৱাৰীলৈ ১৪ খন জিলাত অনুষ্ঠিত হ'ব । জিলাকেইখন হৈছে ক্ৰমে বাক্সা, চিৰাং, চৰাইদেউ, ধেমাজি, ধুবুৰী, গোলাঘাট, হাইলাকান্দি, হোজাই, যোৰহাট, কামৰূপ মহানগৰ, শোণিতপুৰ, তামুলপুৰ, তিনিচুকীয়া আৰু পশ্চিম কাৰ্বি আংলং । আনহাতে, স্ব-মূল্যায়ন হ'ব ১৭ জানুৱাৰীত ।
তৃতীয় পৰ্যায়ৰ গুণোৎসৱ :
তৃতীয় পৰ্যায়ৰ গুণোৎসৱ ৬ ফেব্ৰুৱাৰীৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ ১০ খন জিলাত অনুষ্ঠিত হ'ব । এই জিলা কেইখন হৈছে ক্ৰমে বঙাইগাঁও, বিশ্বনাথ, দৰং, ডিব্ৰুগড়, গোৱালপাৰা, কাছাৰ, নলবাৰী, মৰিগাঁও, ডিমা হাচাও আৰু মাজুলী । আনহাতে, স্ব-মূল্যায়ন হ'ব ৫ ফেব্ৰুৱাৰীত ।
ইফালে, ছাত্ৰ-ছাত্ৰীক বিদ্যালয়ত বিনামূলীয়াকৈ দিয়া ইউনিফৰ্ম সম্পৰ্কত শিক্ষামন্ত্ৰীগৰাকীয়ে কয়, "এইবাৰ গুণোৎসৱত মূল্যাংকণ হ'ব ইউনিফৰ্মৰ । ইউনিফৰ্মৰ মান উন্নত আৰু চালৰ বাবে উপযোগী কাপোৰ হ'ব লাগে । কমদামী কাপোৰ বিচাৰে কিছুমান বিদ্যালয় আৰু ঠিকদাৰে । জিলাই জিলাই ইউনিফৰ্মৰ কাপোৰৰ মানৰ বাবে লেব'ৰেটৰীৰ ব্যৱস্থা কৰা হৈছে । এগৰাকী ছাত্ৰ-ছাত্ৰীক দুযোৰকৈ ইউনিফৰ্ম দিব লাগিব ।"
টে'ট পৰীক্ষা সন্দৰ্ভত মন্তব্য শিক্ষামন্ত্ৰীৰ :
টে'ট পৰীক্ষা আৰু নিযুক্তি সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই শিক্ষামন্ত্ৰীগৰাকীয়ে কয়, "স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকৰ বাবে টে'ট আৰু নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰা হ'ব । ২৯ ডিচেম্বৰত প্ৰায় ৯ হাজাৰ শিক্ষকৰ বাবে হ'ব এই পৰীক্ষা । খালী পদ যিমান আছে সেই অনুযায়ীহে প্ৰাৰ্থী উত্তীৰ্ণ হ'ব, নহ’লে উত্তীৰ্ণ প্ৰাৰ্থীৰ পৰা নিযুক্তিৰ ক্ষেত্ৰত পুনৰ বাচি উলিয়াব লগা হয় ।"