ETV Bharat / state

দল-সংগঠনক টায়াৰ বিক্ৰী কৰিব নোৱাৰিব ব্যৱসায়ীয়ে - Lok Sabha Election 2024

CAA protest: নিৰ্বাচনৰ পূৰ্বে দেশজুৰি কা কাৰ্যকৰী কৰাৰ প্ৰস্তুতি চলাইছে চৰকাৰে । অসমত সম্ভাব্য কা আন্দোলনৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে । গোলাঘাট আৰক্ষীয়ে আন্দোলন প্ৰতিহত কৰাৰ অনুশীলন চলাইছে । দল-সংগঠনক টায়াৰ বিক্ৰীত নিষেধাজ্ঞাও আৰোপ কৰা হৈছে ।

CAA protest
দল-সংগঠনক টায়াৰ বিক্ৰী কৰিব নোৱাৰিব ব্যৱসায়ীয়ে
author img

By ETV Bharat Assamese Team

Published : Feb 27, 2024, 7:44 PM IST

দল-সংগঠনক টায়াৰ বিক্ৰী কৰিব নোৱাৰিব ব্যৱসায়ীয়ে

গোলাঘাট, ২৭ ফেব্ৰুৱাৰী: গোলাঘাট নগৰৰ টায়াৰ ব্যৱসায়ীসকললৈ আৰক্ষীৰ কঠোৰ নিৰ্দেশনা । দল-সংগঠনসমূহক ব্যৱসায়ীসকলে বিক্ৰী কৰিব নোৱাৰিব পুৰণি টায়াৰ । এই নিৰ্দেশনা ভংগ কৰা ব্যৱসায়ীৰ বিৰুদ্ধে আৰক্ষীয়ে ল'ব কঠোৰ ব্যৱস্থা । সমাগত লোকসভা নিৰ্বাচন । ইফালে চৰকাৰে সমগ্ৰ দেশতে কা' কাৰ্যকৰী কৰাৰো ঘোষণা কৰিছে । এনে পৰিস্থিতিত বিভিন্ন দল-সংগঠনে পুনৰ কা'ৰ বিৰুদ্ধে প্ৰতিবাদৰ বাবে সাজু হৈছে । এনে পৰিস্থিতিত যাতে কোনো দল-সংগঠনে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে আৰক্ষীয়ে এই নিৰ্দেশ জাৰি কৰিছে ।

আৰক্ষীৰ এনে নিৰ্দেশনাক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে । এগৰাকী সচেতন ব্যক্তি তথা টায়াৰ ব্যৱসায়ীয়ে এই সন্দৰ্ভত কয় যে চৰকাৰে কা আন্দোলন মষিমূৰ কৰাৰ উদ্দেশ্যে বিভিন্ন সময়ত দমন নীতি গ্ৰহণ কৰিছে । শেহতীয়াকৈ চৰকাৰে কা কাৰ্যকৰী কৰাৰ যো-জা কৰিছে যদিও অসমৰ ক্ষেত্ৰত এই আইনৰ কোনো প্ৰয়োজন নাই বুলি তেওঁ দাবী কৰিছে ।

ইফালে 'কা'ৰ বিৰোধিতা কৰি একাংশ নেতা শাসকীয় বিজেপিত যোগদান কৰা কাৰ্যকো তেওঁ তীব্ৰ ভাষাৰে গৰিহণা দিয়ে । তেওঁৰ মতে তেনেধৰণৰ নেতা সংগঠনত নথকাই ভাল । আনহাতে নিৰ্বাচন চমু চাপি অহাৰ লগে লগে কা'ক লৈ চৰকাৰে ৰাজনীতি আৰম্ভ কৰিছে বুলিও তেওঁ দাবী কৰিছে ।

ইফালে কা' বিৰোধী আন্দোলনৰ প্ৰতি লক্ষ্য ৰাখি সষ্টম হৈছে গোলাঘাট আৰক্ষী । দল-সংগঠনক টায়াৰ বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰাৰ সমান্তৰালকৈ প্ৰতিবাদকাৰীক মোকাবিলা কৰিবলৈ আৰক্ষীয়ে বিভিন্ন পৰিকল্পনা কৰিছে । গোলাঘাট সদৰ আৰক্ষী থানা চৌহদত আন্দোলনকাৰীক প্ৰতিহত কৰাৰ অনুশীলনো আৰম্ভ কৰিছে । তাৰ অংশ হিচাপে থানা চৌহদত আৰক্ষীয়ে এক অনুশীলন কাৰ্যসূচী ৰূপায়ণ কৰে ।

লগতে পঢ়ক :এফালে মুখ্যমন্ত্ৰীৰ জনসভা, আনফালে হাইস্কুল শিক্ষান্ত পৰীক্ষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.