ETV Bharat / state

ফেব্ৰুৱাৰীত সম্পূৰ্ণ হ’ব যোৰহাট-শিৱসাগৰৰ ফ’ৰলেন: গৌৰৱক আশ্বাস গাডকাৰীৰ : MP Gaurav Gogoi - MP GAURAV GOGOI

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম কেতিয়া শেষ হ'ব ? লোকসভাত গৌৰৱ গগৈৰ এই প্ৰশ্নৰ উত্তৰ দিলে পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে ।

Gaurav Gogoi question in Parliament
লোকসভাত গৌৰৱ গগৈৰ প্ৰশ্নৰ উত্তৰ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ (@SangsadTV)
author img

By ETV Bharat Assamese Team

Published : Dec 12, 2024, 9:58 PM IST

নতুন দিল্লী : কেতিয়া সম্পূৰ্ণ হ’ব ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যোৰহাট-শিৱসাগৰ সংযোগী পথৰ নিৰ্মাণকাৰ্য ? এই লৈ বৃহস্পতিবাৰে লোকসভাত পুনৰ সৰৱ হ’ল গৌৰৱ গগৈ ৷ গৌৰৱৰ প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ লোকসভাত ঘোষণা, ২০২৫ চনৰ ফেব্ৰুৱাৰীত সম্পূৰ্ণ হ’ব পথছোৱাৰ নিৰ্মাণ ।

লোকসভাত বিৰোধী উপ-দলপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে অন্যান্য বিষয়ৰ লগতে যোৰহাট-শিৱসাগৰৰ মাজৰ বিধ্বস্তপ্ৰায় ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণৰ কাম ভালদৰে আৰম্ভ কৰি শেষ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক ধাৰাবাহিকভাৱে দাবী জনাই আহিছে । উক্ত পথছোৱা নিৰ্মাণৰ নামত বিগত কেইবা বছৰ ধৰি কেন্দ্ৰীয় চৰকাৰৰ বিভাগ আৰু ঠিকাদাৰসকলে চৰম অৱহেলা আৰু হেমাহি প্ৰদৰ্শন কৰি আহিছিল । যাৰ বাবে পথ নিৰ্মাণৰ নামত ৰাষ্ট্ৰীয় ঘাইপথটি পুখুৰী আৰু বোকাময় পথাৰলৈহে পৰ্যৱসিত হৈছিল ।

লোকসভাত গৌৰৱ গগৈৰ প্ৰশ্নৰ উত্তৰ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ (@SangsadTV)

আনহাতে, ইয়াৰ পৰিণতিত যোৰহাট লোকসভাৰ লগতে সমগ্ৰ উজনি অসমৰ জনগণে যাতায়াতৰ নামত জীয়াতু ভুগিছিল । ইতিমধ্যেই এই পথছোৱাৰ নিৰ্মাণৰ দায়িত্বত থকা ঠিকাদাৰ তিনিবাৰকৈ সলনি হৈছে ।

গৌৰৱ গগৈ যোৰহাটৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছতেই যোৱা ৩০ জুনত যোৰহাট-জাঁজীৰ বিধ্বস্তপ্ৰায় পথছোৱাত নিজে খোজকাঢ়ি ৰাইজে ভুগি থকা যমৰ যাতনাৰ এজন নাগৰিক হিচাপে এক ভিডিঅ’ বাৰ্তাযোগে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ দৃষ্টিও আকৰ্ষণ কৰিছিল । ২০২৪ চনৰ লোকসভা নিৰ্বাচনত নৱ-নিৰ্বাচিত সাংসদসকলৰ প্ৰথমখন বৰ্ষাকালীন অধিবেশনতে সাংসদ গগৈয়ে বিষয়টো উত্থাপন কৰিছিল ৷ লগতে যোৱা ২৪ জুলাইত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা আৰু বিভাগীয় বিষয়া তথা ঠিকাদাৰৰ চূড়ান্ত হেমাহিৰ বিষয়ে স্মাৰক-প্ৰত্ৰ প্ৰদান কৰাৰ লগতে নিজে কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীক সাক্ষাৎ কৰি সবিশেষ অৱগত কৰিছিল় ।

যাৰ ফলস্বৰূপে নীতিন গাডকাৰীয়ে নিজেই অসমলৈ আহি উক্ত পথছোৱা পৰিদৰ্শন কৰাৰ কথা দিছিল আৰু প্ৰয়োজন অনুসৰি নতুন ঠিকাদাৰক দায়িত্ব দি হ’লেও নিৰ্মাণৰ কাম শেষ কৰিব বুলি আশ্বাস দিছিল ।

চলিত লোকসভাৰ শীতকালীন অধিবেশনত বৃহস্পতিবাৰেও পুনৰ সংসদত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যোৰহাট-শিৱসাগৰ অংশটোৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাত পলম হোৱা বিষয়টো সাংসদ গৌৰৱ গগৈয়ে সংসদত উত্থাপন কৰে । ইয়াৰ উপৰি ৰাষ্ট্ৰীয় ঘাইপথত ষ্ট্ৰীট লাইট আৰু ফগ লাইটৰ অভাৱে অঞ্চলটোত পথ দুৰ্ঘটনা বৃদ্ধি কৰা বিষয়টোও উত্থাপন কৰে ।

ইয়াৰ উত্তৰত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ সন্দৰ্ভত বিভাগীয় মন্ত্ৰী গাডকাৰীয়ে সদনত উল্লেখ কৰে যে পথছোৱা নিৰ্মাণৰ ক্ষেত্ৰত সৃষ্টি হোৱা ঠিকাদাৰৰ সমস্যা বৰ্তমান সমাধান হৈছে আৰু তেওঁ আশা ব্যক্ত কৰে যে অহা ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত এই পথছোৱাৰ কাম সম্পূৰ্ণ হ’ব । লগতে ৰাষ্ট্ৰীয় পথত ষ্ট্ৰীট লাইট আৰু ফগ লাইটৰ অভাৱে অঞ্চলটোত পথ দুৰ্ঘটনা বৃদ্ধি কৰা বুলি আনুষংগিক বিষয়ৰ প্ৰশ্নৰ উত্তৰতো মন্ত্ৰীগৰাকীয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে ।

লগতে পঢ়ক :যোৰহাট-দিল্লীৰ মাজত পোনপটীয়া বিমান সেৱা : বিমান পৰিবহণ মন্ত্ৰীক সাক্ষাৎ গৌৰৱ গগৈৰ
লগতে পঢ়ক :সংসদৰ প্ৰথম শাৰীৰ আসনত বহিব বিৰোধী উপ-দলপতি গৌৰৱ গগৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.