ETV Bharat / state

মহানগৰীৰ কোনটো গণেশ মন্দিৰত আদা-নিমখ দিলে হেৰুৱা বস্তু ঘূৰাই পায় ? - GANESH CHATURTHI 2024

author img

By ETV Bharat Assamese Team

Published : Sep 7, 2024, 8:39 AM IST

Ganesh Chaturthi : আজি পবিত্ৰ গণেশ চতুৰ্থী । এই গণেশ চতুৰ্থীক লৈ এতিয়া ৰাজ্যৰ চৌদিশ উখল-মাখল । সিদ্ধি বিনায়ক গণেশৰ বন্দনাৰে ইতিমধ্যে গুঞ্জৰিত হৈছে ৰাজ্য । ব্যতিক্ৰম নহয় গুৱাহাটী মহানগৰীও । মহানগৰীত আছে কেইবাটাও প্ৰখ্যাত আৰু ঐতিহ্যমণ্ডিত গণেশ মন্দিৰ । ইয়ালৈ আহি সেৱা-অৰ্চনা আগবঢ়ালে ভক্তৰ মনোকামনা পূৰ্ণ হয় বুলি প্ৰবাদ আছে । আনহাতে, বহুকেইটা গণেশ মন্দিৰৰ অলৌকিক শক্তিকো বিশ্বাস কৰা হয় । গণেশ চতুৰ্থী উপলক্ষে মহানগৰীৰ গণেশ মন্দিৰসমূহ কেনেদৰে সাজু হৈছে তাৰ এক প্ৰতিবেদন ।

Ganesh Chaturthi 2024
মহানগৰীত গণেশ চতুৰ্থীৰ আয়োজন (ETV Bharat Assam)

গুৱাহাটী, 7 ছেপ্টেম্বৰ : সিদ্ধি বিনায়ক গণেশৰ বন্দনাৰে গুঞ্জৰিত হৈছে গুৱাহাটী মহানগৰী । মন্দিৰৰ পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ, উৰুলি, শংখধ্বনিৰে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে মহানগৰীত । গণেশ চতুৰ্থী উপলক্ষে ভক্তই ভিৰ কৰিছে পূজাস্থলীসমূহত ।

ৰং-বিৰঙী আলোকসজ্জাৰে সজাই তোলা হৈছে গণেশ মন্দিৰসমূহ । গণেশ চতুৰ্থীৰ দিনা ধূপ-দীপ জ্বলাই পূজা-অৰ্চনা কৰিবলৈ গণেশ মন্দিৰত ভিৰ কৰিছে ভক্তপ্ৰাণ ৰাইজে ।

মহানগৰীৰ বিশেষ বিশেষ গণেশ মন্দিৰকেইটাত কিদৰে উদযাপন কৰা হ'ব গণেশ পূজা -

  • লতাশিল গণেশ মন্দিৰ

ঐতিহাসিক লতাশিল গণেশ মন্দিৰত আয়োজন কৰা হৈছে গণেশ চতুৰ্থীৰ । এদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে গণেশ পূজা । লতাশিল গণেশ মন্দিৰৰ গণেশক বালক গণেশ বুলি কোৱা হয় । প্ৰবাদ আছে যে আদা আৰু নিমখ দিলেই সন্তুষ্ট হয় বালক গণেশ । কোনো লোকৰ কিবা সামগ্ৰী হেৰালে ভক্তই লতাশিল গণেশ মন্দিৰত আদা-নিমখ দিলেই হেৰুৱা বস্তু ঘূৰাই পায় বুলি বছৰ বছৰ ধৰি জনবিশ্বাস প্ৰচলিত হৈ আহিছে ।

উল্লেখ্য যে, হলিৰাম দাসে প্ৰতিষ্ঠা কৰিছিল এই মন্দিৰটো । বৰ্তমান গুৱাহাটী উচ্চ ন্যায়ালয় থকা স্থানত পূৰ্বতে আকাশবাণী গুৱাহাটী কেন্দ্ৰ আছিল । তাতে মূৰ্তিটো পাই গছৰ তলতে মূৰ্তিটো স্থাপন কৰি পূজা-পাঠ আগবঢ়াইছিল । পৰৱৰ্তী সময়ত ন্যায়ধীশে মূৰ্তিটো উঠাব বিচৰাত সপোনত হাতীয়ে আক্ৰমণ কৰা দেখুওৱাত সেই কামৰ পৰা বিৰত থাকে ।

তেতিয়াৰে পৰা মন্দিৰটো ক্ৰমবিকাশ হৈ আজিৰ পৰ্যায় পাইছে । গণেশ চতুৰ্থীৰ দিনটোত নিত্য নৈমিত্তিক পূজাৰ পিচত ভক্তৰ বাবে মন্দিৰৰ দুৱাৰ খুলি দিয়া হ'ব । গণেশ চতুৰ্থীৰ দিনা বিশ্ব শান্তিৰ বাবে তিনিটা আহুতি দিয়া হ'ব ।

আনহাতে, মন্দিৰটো বৰ্তমানৰ সভাপতি ৰমেন বৰুৱা সুস্থ শৰীৰে ঘূৰি ণহাৰ কামনাৰে আহুতি দিয়া হ'ব । সন্ধিয়া মহিলাৰ নাম আৰু আৰতিৰ পিচত আতচবাজী প্ৰদৰ্শন কৰা হ'ব ।

  • গণেশগুৰি গণেশ মন্দিৰ

গণেশগুৰি গণেশ মন্দিৰতো বিগত বৰ্ষৰ দৰে এইবাৰো গণেশ চতুৰ্থীৰ আয়োজন কৰা হৈছে । ইয়াত ৪৮ বছৰ ধৰি আয়োজন কৰি অহা হৈছে এই গণেশ চতুৰ্থী । এইবাৰ ৪৯ সংখ্যক গণেশ চতুৰ্থীত পুৱা ৬ বজাৰ পৰা ভক্তৰ বাবে মন্দিৰৰ দুৱাৰ খুলি দিয়া হৈছে ।

১০ বজাৰ পৰা পূজা-অৰ্চনা কৰা হ'ব । দুপৰীয়া ১২ .১৫ বজাত মহা আৰতি কৰা হ'ব । সন্ধিয়া নাম-কীৰ্তন কৰা হ'ব । ভক্তৰ বাবে প্ৰসাদ খিচিৰিৰ ব্যৱস্থা কৰা হৈছে । উল্লেখ্য যে অহা বৰ্ষত এই গণেশ পূজা উদযাপনে ৫০ বছৰত ভৰি দিব । তাৰ বাবে এতিয়াৰে পৰা উদযাপনৰ প্ৰস্তুতি আৰম্ভ কৰা হৈছে ।

  • পানীখাইটী হাতীশিলা গণেশ মন্দিৰ

হাতীশিলা গণেশ মন্দিৰতো গণেশ চতুৰ্থীৰ আয়োজন কৰা হৈছে । এই উপলক্ষে হোম-যজ্ঞ, নাম-কীৰ্তন হ'ব । গণেশ পূজা উপলক্ষে ইয়াত ২-৩ হাজাৰ ভক্তৰ সমাগম হ'ব বুলি মন্দিৰ সমিতিয়ে আশা কৰিছে ।

মন্দিৰ সমিতিৰ কাৰ্যালয় সম্পাদক আনন্দৰাম দাসে কয়, "জনবিশ্বাস মতে সত্য যুগত ব্ৰহ্মপুত্ৰত এটা হাতী পানী খাবলৈ আহিছিল । কিন্তু হাতীটো শিলৰ মাজতে ৰৈ যায় । অৱশ্যে হাতীতোৰ মৃত্যু ন'হৈ শিলৰ ৰূপ ধাৰণ কৰে । সেয়েহে ভক্তসকলে এতিয়াও গণেশ মন্দিৰটো জাগ্ৰত বুলি বিশ্বাস কৰে ।

ইয়াত কেইবাটাও গুহা আছে । তাৰে এটা গুহাৰে গৈ ব্ৰহ্মপুত্ৰৰ তলেৰে উমানন্দ সংযোগ আছে বুলি প্ৰবাদ আছে । আনহাতে, ইয়াত কেইবাখনো শিলালিপিও আছে ।

লগতে পঢ়ক :গণেশ চতুৰ্থীৰ দিনা কৰক এই সহজ কাম, সুখ-সমৃদ্ধিৰে ভৰি পৰিব আপোনাৰ জীৱন - GANESH CHATURTHI 2024
লগতে পঢ়ক :কেতিয়া পালন কৰা হ’ব গণেশ চতুৰ্থী ? জানি লওক গণপতি স্থাপনৰ সঠিক সময় তথা পূজা বিধি - Ganesh Chaturthi 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.