ETV Bharat / state

প্ৰৱঞ্চনাৰ জাল পেলাই নিজেই আৰক্ষীৰ জালত পৰিল প্ৰৱঞ্চক

author img

By ETV Bharat Assamese Team

Published : Feb 26, 2024, 4:14 PM IST

Fraudsters in Golaghat : আকৌ প্ৰৱঞ্চনাৰ জাল ৷ অতি কৌশলৰে ধন সৰকোৱাৰ অভিযোগত গোলাঘাট আম আদমী পাৰ্টীৰ নেতাৰ বিৰুদ্ধে উঠিছে অভিযোগৰ আঙুলি ৷ ইতিমধ্যে আৰক্ষীয়ে গোলাঘাটত আম আদমী পাৰ্টীৰ নেতাসহ দুই প্ৰৱঞ্চকক জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷

প্ৰৱঞ্চনাৰ জাল পেলাই গোলাঘাটত নিজেই আৰক্ষীৰ জালত পৰিল প্ৰৱঞ্চক

গোলাঘাট, ২৬ ফেব্ৰুৱাৰী : আকৌ ধন আত্মসাতৰ ঘটনা ৷ এইবাৰ গোলাঘাট জিলাৰ চেতিয়া গাঁৱৰ বিজয় বৰা নামৰ এজন ব্যক্তিৰ পৰা দুই প্ৰৱঞ্চকে বেংকৰ পৰা ঋণ উলিয়াই দিয়াৰ নামত অতি কৌশলৰে ৯ লাখৰো অধিক ধন আত্মসাৎ কৰাৰ ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে ।

গোলাঘাট জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৃণ্ময় দাসে এক বিবৃতিযোগে জানিব দিয়া মতে, ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত চেতিয়া গাঁৱৰ বিজয় বৰা নামৰ লোকজনে এটা গৃহ ঋণ ল'বৰ বাবে গোলাঘাটৰ ভাৰতীয় ষ্টেট বেংকৰ মুখ্য শাখালৈ আহিছিল ৷ তাতে তেওঁ তিলক গগৈ আৰু দিগন্ত দত্ত নামৰ দুজন যুৱকক লগ পায় ।

তাৰ পাচতে দুয়ো সহজ সৰল বিজয় বৰাক নানান চলাহী কথাৰে পতিয়ন নিয়াই কয় যে গোলাঘাটৰ ভাৰতীয় ষ্টেট বেংকত তেওঁৰ ঋণ অনুমোদন নহ'ব ৷ কিন্তু ৩০ হাজাৰ টকা দিলে অন্য শাখাৰ পৰা ঋণ উলিয়াই দিব পাৰিব । দুই প্ৰৱঞ্চকৰ কথাত পতিয়ন গৈ বিজয় বৰাই পাছবুক, আধাৰকাৰ্ড, পানকাৰ্ড আদি নথি-পত্ৰ তেওঁলোকক চমজাই দিয়ে ।

তাৰ পাচতে দুই প্ৰৱঞ্চকে ভুক্তভোগী বিজয় বৰাক গাড়ীৰে খাৰুপেটীয়া ষ্টেট বেংকৰ শাখালৈ গৈ ঋণৰ নথি-পত্ৰত চহী কৰোৱাৰ লগতে বিজয় বৰাৰ স্বাক্ষৰ আৰু কেইবাখন চেক বুকৰ পাত, এটিমৰ গোপন নম্বৰ সংগ্ৰহ কৰে । তাৰ পাচতে দুই প্ৰৱঞ্চক তিলক গগৈ আৰু দিগন্ত দত্তই বিজয় বৰাৰ একাউণ্টৰ পৰা ৯ লাখ ৪৮ হাজাৰ ৯০০ টকা উলিয়াই লয় ।

তাৰ পাচতে বিজয় বৰাৰ ষ্টেট বেংক গোলাঘাট শাখাৰ একাউণ্টৰ পৰা প্ৰতিমাহে ঋণ ধন কাটি থকা দেখি আচৰিত হৈ পৰে । পিচত বেংকত খবৰ লোৱাত গম পালে তেখেতৰ নামত খাৰুপেটীয়া ষ্টেট বেংকৰ পৰা প্ৰায় ১০ লাখ টকা ঋণ লোৱা হৈছে ৷ যাৰ বাবে বেংকে প্ৰতিমাহে ঋণৰ ধন কাটি আছে ।

অৱশেষত বিজয় বৰাই গোলাঘাট সদৰ আৰক্ষী থানাত তিলক গগৈ আৰু দিগন্ত দত্তৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে । বিজয় বৰাৰ এজাহাৰৰ ভিত্তিত গোলাঘাট থানাত এটা ৩৭/২৪ U/S - ১২০ B/৪২০/ ৩৪ IPC অধীনত গোচৰ পঞ্জীয়ন কৰি কমাৰবন্ধা শিয়ালেখাটিৰ তিলক গগৈ আৰু দেৰগাঁৱৰ ফেটা গাঁৱৰ দিগন্ত দত্তত গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে ।

মন কৰিবলগীয়া কথা যে, তিলক গগৈ নামৰ লোকজন আম আদমী পাৰ্টীৰ ৰাজ্যিক সাংগঠনিক সম্পাদকৰ লগতে গোলাঘাট জিলাৰ সভাপতি আছিল বুলি জানিব পৰা গৈছে ৷ ইফালে এই বাতৰি সামাজিক মাধ্যমত প্ৰকাশ হোৱাৰ পাচত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আম আদমী পাৰ্টীৰ গোলাঘাট জিলাৰ সভাপতি পুলিন গগৈয়ে ।

সোমবাৰে গোলাঘাট প্ৰেছ ক্লাৱত এক সংবাদমেলত আম আদমী পাৰ্টীৰ জিলা সভাপতি পুলিন গগৈয়ে কয় যে প্ৰৱঞ্চনাৰে ৰঙাঘৰৰ আলহী হোৱা তিলক গগৈ আম আদমীৰ সদস্য নহয় ৷ এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক ঋণ লৈ দিয়াৰ নামত প্ৰৱঞ্চনা কৰি দেওবাৰে গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা তিলক গগৈয়ে কেইবামাহৰ পূৰ্বেই আম আদমী পাৰ্টীৰ পৰা পদত্যাগ কৰিছে বুলি উল্লেখ কৰে বৰ্তমান আপৰ জিলা সভাপতি পুলিন গগৈয়ে ৷

আপে সদায় দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি আছে আৰু ভৱিষ্যতেও দুৰ্নীতিৰ ক্ষেত্ৰত মাত মাতি যাব ৷ তিলক গগৈক গ্ৰেপ্তাৰ কৰাৰ বাবে আপে গোলাঘাট আৰক্ষীক ধন্যবাদ জনোৱাৰ লগতে দোষীক শাস্তি প্ৰদান কৰিবলৈ দাবী জনায় ৷ যিহেতু তিলক গগৈ কেইবাবছৰ ধৰি আপৰ সদস্য আছিল আৰু জিলা সভাপতিৰ দৰে গধূৰ দায়িত্ব পালন কৰিছিল ৷

যাৰ বাবে তিলক গগৈৰ দৰে ব্যক্তিয়ে প্ৰৱঞ্চনা কৰা বিষয়টোৱে আপ দলক ক্ষতি কৰিব বুলি সংবাদমেলৰ জৰিয়তে প্ৰকাশ কৰে পুলিন গগৈয়ে ৷ আনহাতে, আপে কেতিয়াও দুৰ্নীতিৰ আশ্ৰয় নলয় আৰু ভৱিষ্যতৰ দিনতো দলটো শক্তিশালী কৰাৰ স্বাৰ্থত সকলোৱে একেলগে কাম কৰি যোৱাৰ কথা উল্লেখ কৰে ৷

লগতে পঢ়ক : মেৰাপানীত ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ লুন্ঠনৰ জাল, গ্ৰাহকৰ ধন আত্মসাতৰ চেষ্টা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.