ETV Bharat / state

ছেল্ফ মেড ৰাণী বড়ো আৰু ভাৰ্জিন জেকোভা মৗসাহাৰীলৈ সাহিত্য অকাদেমিৰ সন্মান - Sahitya Akademi Award 2024 - SAHITYA AKADEMI AWARD 2024

Sahitya Akademi : বড়ো ভাষাত 2024 বৰ্ষৰ শিশু সাহিত্য আৰু যুৱ বঁটা শিতানত সাহিত্য অকাদেমিৰ সন্মান লাভ দুগৰাকী সাহিত্যিকৰ ৷ ছেল্ফ মেড ৰাণী বড়ো আৰু ভাৰ্জিন জেকোভা মৗসাহাৰীলৈ এই সন্মান ৷

SAHITYA AKADEMI IN BODO LANGUAGE
বড়ো ভাষাৰ দুগৰাকী সাহিত্যিকলৈ সাহিত্য অকাদেমিৰ সম্মান (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : Jun 15, 2024, 7:07 PM IST

গুৱাহাটী, 15 জুন : সাহিত্য অকাদেমিয়ে শনিবাৰে ঘোষণা কৰা 2024 বৰ্ষৰ শিশু-সাহিত্য আৰু যুৱ বঁটা শিতানত চাৰিগৰাকী অসম সন্তানে সম্মান লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে ৷ অসমীয়া ভাষাত বিশিষ্ট সাহিত্যিক, ঔপন্যাসিক ৰঞ্জু হাজৰিকাই শিশু সাহিত্য আৰু ডাঃ নয়নজ্যোতি শৰ্মাই যুৱ বঁটা লাভ কৰাৰ লগতে বড়ো ভাষাত এই দুটা শিতানত দুগৰাকী সাহিত্যিকে এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ৷

বড়ো ভাষাত ভাৰ্জিন জেকোভা মৗসাহাৰীয়ে শিশু-সাহিত্যৰ বাবে লাভ কৰিছে অকাদেমিৰ সন্মান ৷ লগতে ছেল্ফ মেড ৰাণী বড়োৱে যুৱ অকাদেমি বঁটা লাভ কৰিছে ৷ ভাৰ্জিন জেকোভা মৗসাহাৰীয়ে 'বুহুমা বইনিবৌ' শীৰ্ষক কাব্যগ্ৰন্থৰ বাবে 2024 বৰ্ষৰ সাহিত্য অকাদেমিৰ শিশু সাহিত্য বঁটা আৰু ছেল্ফ মেড ৰাণী বড়োৱে "ছাইখলুম" গল্প সংকলনৰ বাবে যুৱ সাহিত্য অকাদেমি বঁটা লাভ কৰিছে ৷ উল্লেখ্য যে, ছেল্ফ মেড ৰাণী বড়োৰ ঘৰ ওদালগুৰি জিলাত ৷ তেওঁৰ পিতৃৰ নাম দেহীৰাম বড়ো আৰু মাতৃৰ নাম প্ৰমিলা‌ বড়ো ৷

লগতে পঢ়ক : ডাঃ নয়নজ্যোতি শৰ্মালৈ 'যুৱ সাহিত্য অকাদেমি বঁটা' - Sahitya Akademi Yuva Puraskar 2024

ইফালে আজি ঘোষণা কৰা 2024 বৰ্ষৰ সাহিত্য অকাদেমিৰ শিশু সাহিত্য আৰু যুৱ বঁটাৰ শিতানত চাৰিগৰাকী অসম সন্তান উজলি উঠাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে আনন্দ প্ৰকাশ‌ কৰে ৷ তেওঁ সামাজিক মাধ্যমৰ জৰিয়তে সন্মান প্ৰাপকসকলক শুভেচ্ছা জনায় কয়- "বহু কালজয়ী তথা জনপ্ৰিয় গ্ৰন্থৰ প্ৰসিদ্ধ ৰচয়িতা ৰঞ্জু হাজৰিকা আৰু বড়ো ভাষা-সাহিত্যচৰ্চা কৰি বিশেষ খ্যাতি অৰ্জা ভাৰ্জিন জেকোভা মৗসাহাৰীয়ে শিশু-সাহিত্যৰ বাবে লাভ কৰিলে অকাদেমিৰ সন্মান ৷ লগতে নয়নজ্যোতি শৰ্মা আৰু ছেল্ফ মেড ৰাণী বড়োৱে যুৱ অকাদেমি লাভ কৰি নিজৰ লগতে জাতিটোৰ বাবে গৌৰৱ কঢ়িয়াই আনিলে ৷ আটাইকেইগৰাকীলৈ মোৰ উষ্ম অভিনন্দন জ্ঞাপন কৰিলো ৷ নিজৰ সৃষ্টিশীলতাৰ জৰিয়তে আপোনালোক আৰু বহুদূৰ আগবাঢ়ি গৈ উত্তৰপ্ৰজন্মৰ আদৰ্শ হৈ ৰওক, সেয়াই এই শুভদিনত কামনা কৰিলো ৷" আনহাতে বি টি চিৰ প্ৰধান‌ প্ৰমোদ‌ বড়োৱে ভাৰ্জিন জেকোভা মৗসাহাৰী আৰু ছেল্ফ মেড ৰাণী বড়োক সামাজিক মাধ্যমৰ জৰিয়তে শুভেচ্ছা জ্ঞাপন‌ কৰে ৷

লগতে পঢ়ক : ৰঞ্জু হাজৰিকালৈ শিশু সাহিত্য অকাদেমি বঁটা - BAL SAHITYA PURASKAR 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.