ETV Bharat / state

শৈশৱ বিচাৰি যোৰহাটৰ বাল্যভৱন বিদ্যালয়ত এগৰাকী আমেৰিকান - BALYA BHAVAN SCHOOL JORHAT

শিপাৰ সন্ধানত সাতসাগৰ তেৰ নদীৰ সিপাৰৰ পৰা আহি যোৰহাটৰ বাল্যভৱন বিদ্যালয়ত আমেৰিকাৰ কিম ডগছন ।

Jorhat Balya Bhavan
শৈশৱ বিচাৰি যোৰহাটৰ বাল্য ভৱন বিদ্যালয়ত এগৰাকী আমেৰিকান (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Oct 26, 2024, 6:54 PM IST

যোৰহাট : ১৯৫৭ চনৰ কথা । সেই সময়ত যোৰহাটৰ খ্ৰীষ্টীয়ান মেডিকেল চেণ্টাৰত চিকিৎসা সেৱা আগবঢ়াবলৈ সুদূৰ আমেৰিকাৰ নিউজাৰ্চি চহৰৰ পৰা আহিছিল ডাঃ কে ভি ডগছন নামৰ চিকিৎসকগৰাকী । চাৰ্জনৰ দায়িত্ব লৈ যোৰহাটত সেৱা আগবঢ়াবলৈ অহা চিকিৎসক দম্পতী প্ৰেমত পৰিছিল অসমীয়া ভাষাৰ ।

সেয়ে তেওঁলোকৰ কণমানি কন্যা সন্তান কিম ডগছনক শিক্ষা জীৱনৰ আদিপাঠ আৰম্ভ কৰাইছিল যোৰহাটৰ অসমীয়া মাধ্যমৰ আগশাৰীৰ চৰকাৰী শিক্ষানুষ্ঠান বাল্যভৱন বিদ্যালয়ত ।

শৈশৱ বিচাৰি যোৰহাটৰ বাল্য ভৱন বিদ্যালয়ত এগৰাকী আমেৰিকান (ETV Bharat Assam)

কিম ডগছন বৰ্তমান ৬৯ বছৰীয়া হ'ল । কিন্তু অসমীয়া ভাষা-সংস্কৃতিৰ প্ৰতি থকা প্ৰেমে যেন আকৌ এবাৰ ৰিঙিয়াই মাতিলে কিম ডগছনক । তাৰ বাবেই সাত সাগৰ তেৰ নদীৰ সিপাৰৰ আমেৰিকাৰ নিউজাৰ্চি চহৰৰ পৰা স্বামী মাৰ্ক লেবিংগাৰ সৈতে কিম ডগছন আহি উপস্থিত হ'লহি যোৰহাটৰ বাল্যভৱন বিদ্যালয়ত ।

আনুষ্ঠানিক শিক্ষাৰ আদিপাঠ গ্ৰহণ কৰা বিদ্যালয়খনত উপস্থিত হয় প্ৰাক্তন ছাত্ৰী কিম ডগছন । বিদ্যালয়খনৰ সকলো যেন একেই আছে ! সেই সময়ৰ শিক্ষাগুৰু তথা ছাত্ৰ-ছাত্ৰীসকলৰ মৰমৰ 'বৰ বাইদেউ','সৰু বাইদেউ'ৰ স্মৃতি আজিও বুকুত সজীৱ বুলি উল্লেখ কৰে প্ৰাক্তন ছাত্ৰী কিমে । কিম ডগছন মহামানৱ মহাত্মা গান্ধীৰ আদর্শৰে অনুপ্ৰাণিত । কিয়নো শিক্ষা জীৱনৰ আৰম্ভণিতে তেওঁ বাল্যভৱন বিদ্যালয়ৰ পাঠ্যপুথিত লাভ কৰিছিল মহাত্মা গান্ধীৰ নীতি-আদৰ্শ তথা জীৱন সম্পৰ্কীয় জ্ঞান ।

কেৱল সেয়াই নহয়, কিমৰ মাতৃয়ে তেওঁক বিদ্যালয়লৈ অনা-নিয়া কৰা, স্বদেশত গৈ অসমীয়া ভাষা চৰ্চা কৰাৰ স্মৃতিও সুঁৱৰিলে সংবাদ মাধ্যমৰ আগত । এয়া মাথোঁ সম্ভৱ অসমীয়া ভাষাৰ প্ৰতি থকা অগাধ প্ৰেমৰ বাবেই ।

অৱশ্যে পৰৱৰ্তী সময়ত যদিও বাল্যভৱন বিদ্যালয় সলনি কৰি তেওঁ বৰ্ডিং স্কুললৈ যাবলগা হৈছিল, তথাপিও কিন্তু বুকুত সদায় সজীৱ হৈ আছিল আনুষ্ঠানিক শিক্ষাৰ আৰম্ভণি কৰা অসমীয়া মাধ্যমৰ স্মৃতি । বাল্যভৱন বিদ্যালয়ত তেওঁ উপস্থিত হৈ পৰিদৰ্শন কৰে বিদ্যালয়খনৰ প্ৰতিটো শ্ৰেণীকোঠা । তাৰ পৰা নষ্টালজিক হৈ পৰে কিম ডগছন । আনহাতে, হঠাৎ বিদ্যালয়ত প্ৰাক্তন বিদেশিনী ছাত্ৰীগৰাকীক লগ পাই উৎফুল্লিত হৈ পৰে বিদ্যালয়খনৰ বৰ্তমানৰ শিক্ষক-কৰ্মচাৰী তথা ছাত্ৰ-ছাত্ৰীসকল ।

লগতে পঢ়ক :পঞ্চভূতত বিলীন হ'ল বিস্ময়ৰ স্ৰষ্টা শশী ফুকনৰ নশ্বৰ দেহ
লগতে পঢ়ক :কেৰালাৰ উপ-নিৰ্বাচনৰ গুৰু দায়িত্ব এগৰাকী অসমসন্তানৰ ওপৰত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.