ETV Bharat / state

ৰাংঢালিৰ সৈতে বিহু নচাত ব্যস্ত ক্লাওৰিয়া-লিটা-আয়েস্কা

Foreign young women busy Bihu dancing : ৰঙিয়াৰ ৰাংঢালিৰ সৈতে বিহু নচাত ব্যস্ত ক্লাওৰিয়া, লিটা আৰু আয়েস্কা । পিছে কোন এই তিনি যুৱতী ?

author img

By ETV Bharat Assamese Team

Published : Mar 18, 2024, 3:05 PM IST

ৰাংঢালিৰ সৈতে বিহু নচাত ব্যস্ত ক্লাওৰিয়া-লিটা-আয়েস্কা
ৰাংঢালিৰ সৈতে বিহু নচাত ব্যস্ত ক্লাওৰিয়া-লিটা-আয়েস্কা
ৰাংঢালিৰ সৈতে বিহু নচাত ব্যস্ত ক্লাওৰিয়া-লিটা-আয়েস্কা

ৰঙিয়া, ১৮ মাৰ্চ : বিহু অসমীয়া জাতিৰ প্ৰাণস্পন্দন স্বৰূপ । আৰু ব’হাগ অসমীয়াৰ স্বাভিমান ৷ সুধাকণ্ঠ ভাৰতৰত্ন ড৹ ভূপেন হাজৰিকাই কোৱাৰ দৰে, ব’হাগ মাথোঁ এটা মাহ নহয় ই অসমীয়াৰ আয়ুস ৰেখা । ব’হাগলৈ মাজত প্ৰায় এটা মাহ বাকী ৷ কিন্তু এতিয়াৰে পৰাই ৰাজ্যবাসী সাজু হৈছে অসমীয়াৰ স্বাভিমান ব’হাগক আদৰিবলৈ ৷

Foreign young girls busy dancing Bihu in Rangia

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে ৰঙিয়াতো অসমীয়াৰ আয়ুস ৰেখাক আদৰিবলৈ ব্যস্ত হৈ পৰিছে ৰঙিয়াবাসী ৷ সাজু হৈছে ৰঙিয়াৰ ৰংমন আৰু ৰাংঢালীও ৷ বসন্তৰ পৰশ আৰু প্ৰকৃতিৰ মনোমোহা প্ৰতিশ্ৰুতিৰে, চেনেহীৰ উগুল-থুগুল মনত অসমী আইৰ বুকুত উৎসৱৰ মধুৰ আলোড়ন তুলি জাতিটোৰ স্বাভিমানক গৰ্বিত কৰি মহাসমন্বয়ৰ গীত জুৰিবলৈ বিগত বৰ্ষসমূহৰ দৰে এইবেলিও সাজু হৈছে কোহঁৰাজ কলা কেন্দ্ৰৰ স্বত্বাধিকাৰী ৷

ৰংমনৰ ঢোল-পেঁপাৰ মাত আৰু ৰাংঢালীৰ ভৰিৰ গিৰিপনি শুনি সুদূৰ কলম্বিয়াৰৰ পৰা ঢাপলি মেলি আহিছে তিনি বিদেশী নাচনী ৷ সকলোৰে মুখত শুনি, ইন্টাৰনেটৰ জৰিয়তে বিহুৰ বিষয়ে জানিব পাৰি তিনি কলম্বিয়ান যুৱতীৰ মন বিহু শিকাৰ ৷ সেয়ে কলম্বিয়াৰ পৰা তিনি যুৱতীয়ে ব’হাগ বিহুৰ প্ৰাকমুহূৰ্তত অসমলৈ ঢাপলি মেলিছে ৷

কলম্বিয়াৰ এই তিনি যুৱতীৰ নাম ক্ৰমে ক্লাওৰিয়া, লিটা আৰু আয়েস্কা । বিগত ৯ দিন ধৰি ৩ যুৱতীয়ে কটাইছে গুৱাহাটীত ৷ গুৱাহাটীৰ গেম ভিলেজৰ ওচৰত থকা কোহঁৰাজ কলা কেন্দ্ৰৰ স্বত্বাধিকাৰী তথা প্ৰশিক্ষক গায়ত্ৰী বড়াৰ লগত যোগাযোগ কৰি ৩ যুৱতীয়ে সুদূৰ কলম্বিয়াৰ পৰা আহিছে বিহু নৃত্য শিকিবলৈ । সোমবাৰে ৰঙিয়াৰ শিৱ মন্দিৰ প্ৰাংগনত সন্দীপ কলিতা সমন্বয়ী কলা কেন্দ্ৰৰ উদ্যোগত চলি থকা বিহু নৃত্য প্ৰশিক্ষণত উপস্থিত হয় তিনি কলম্বিয়ান যুৱতী ।

ঢোলৰ তালে তালে কঁকাল ভাঙি নাচিলে তিনি কলম্বিয়ান যুৱতীয়ে । তিনি কলম্বিয়ান যুৱতীয়ে অসমীয়াৰ মৰম স্নেহ পাই নিজকে ধন্য মানিছে ৷ সংবাদ মাধ্যমৰ আগত তিনিও যুৱতীয়ে এই বুলি মন্তব্য কৰে । অসমীয়া ৰাইজৰ এনে মৰম স্নেহৰ বাবে সমগ্ৰ অসমবাসীক ধন্যবাদো জনায় তিনি বিদেশী যুৱতীয়ে ।

উল্লেখ্য যে, কলম্বিয়াৰ পৰা একেলগে ৪ গৰাকী যুৱতী বিহুনাচ শিকিবলৈ আহিছিল যদিও তাৰে মাজৰ এগৰাকী যুৱতী বিশেষ কাৰণত নিজ দেশলৈ উভতি যাব লগা হয় । ইফালে ৰঙিয়াৰ শিৱ মন্দিৰ প্ৰাংগনত চলি থকা বিহুৰ প্ৰশিক্ষণত ৩ কলম্বিয়ান যুৱতীৰ বিহু নৃত্য চাবলৈ হেতা ওপৰা লাগিছে ৰাইজৰ ।

লগতে পঢ়ক : ঢোলৰ শব্দত কঁপিছে ছয়গাঁও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.