ETV Bharat / state

বান শুকাল, নুশুকাল চকুলো, বানত নষ্ট ফচলভৰা পথাৰখনলৈ চাই কৃষকে কাঢ়িছে হুমুনিয়াহ - Assam flood 2024

Flood in Morigaon: ভয়াবহ বানত বিধ্বস্ত মৰিগাঁৱৰ বিভিন্ন প্ৰান্ত । পানী কমাৰ পাচতেই হাহাকাৰ লাগিছে কৃষকৰ মাজত । প্ৰায় ২৭৩ খন গাঁৱত বানে ধুই নিয়া খেতিপথাৰলৈ চাই কৃষকে কাঢ়িছে হুমুনিয়াহ । কিয়নো বানে নষ্ট কৰিলে বহু ফচল । দিক-বিদিক হেৰুৱাইছে কৃষকে ।

author img

By ETV Bharat Assamese Team

Published : Jul 13, 2024, 10:16 AM IST

Assam Flood, Flood damaged the crops in Dhing Morigaon
বানত নষ্ট বহু বিঘা মাটিৰ ফচল (ETV Bharat Assam)

ধিং,১৩ জুলাই: বানত জুৰুলা ৰাজ্যৰ বিভিন্ন প্ৰান্ত । কোনো কোনো প্ৰান্তত পানী কমিছে যদিও এতিয়াও জলমগ্ন বহু অঞ্চল । পানী কমা অঞ্চলৰ ৰাইজৰ চকুত এতিয়া চকুলো । কিয়নো বানে সৰ্বস্বান্ত কৰিলে বহুতকে । একেই পৰিৱেশ মৰিগাঁৱত । বানে সৰ্বস্বান্ত কৰা মৰিগাঁও জিলাৰ কৃষকৰ মুখত এতিয়া কেৱল হুমুনিয়াহ । যেনিয়ে চাই তেনিয়েই দেখা যায় কৃষকৰ সপোন ভগাৰ এখন কৰুণ ছবি । খেতিপথাৰত মৰহি যোৱা শইচলৈ চাই চকুলো টুকিছে কৃষকে ।

আগন্তুক দিনত কি খাই জীয়াই থাকিব তাৰেই চিন্তাত সময় অতিবাহিত হৈছে কৃষকৰ । ব্ৰহ্মপুত্ৰৰ বানত বিধ্বস্ত খেতিপথাৰৰ দৃশ্য দেখি কৃষকে চৰকাৰক সকলো প্ৰকাৰে সাহায্য আগবঢ়াবলৈ আহ্বান জনাইছে । কঁপালৰ ঘাম মাটিত পেলাই অতি কষ্টৰে কৰা বিভিন্ন ধৰণৰ ফচল বানৰ কবলত পৰি মৰহি যোৱাত কৃষকৰ মাজত কান্দোনৰ ৰোল উঠিছে । ব্ৰহ্মপুত্ৰৰ বানে নষ্ট কৰিছে মায়ং, ভুৰাগাঁৱৰ হাজাৰ হাজাৰ বিঘা কৃষিভূমি । বিশেষকৈ চৰ অঞ্চলত অধিক কৃষিভূমি নষ্ট হৈছে লুইতৰ বানত ।

শাক-পাচলিৰ লগতে বিঘাই-বিঘাই মৰাপাটৰ খেতি ডুব গৈছে এই বানত । লাহৰীঘাট, উলুবাৰী, শ'লমাৰি অঞ্চলত বিঘাই বিঘাই শাক-পাচলিৰ খেতি ডুব গৈছে । ইফালে মৎস্য পালন কৰি স্বাৱলম্বী হোৱা লাহৰীঘাটৰ কেইবাজনো যুৱকৰ পুখুৰীও প্লাৱিত হৈছে ব্ৰহ্মপুত্ৰৰ বানত । লাখ টকাৰ মাছ উটি গ'ল বাঢ়নী পানীত । এই বলিয়া বানে নষ্ট কৰিলে ধিং শ্লুইচগেট অঞ্চলৰ বিঘাই বিঘাই মাকৈ খেতি ।

ক্ষতিগ্ৰস্ত হৈছে চৰবাসী:

ভয়ানক বিপদৰ সন্মুখীন হোৱা চৰবাসী এতিয়া খহনীয়াৰ গৰাহত পৰিছে । চিতলমাৰি, শ'লমাৰি চৰত খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । ব্ৰহ্মপুত্ৰৰ পানীয়ে প্ৰতিদিনে ৫০/৬০ মিটাৰকৈ খহাই নিছে । দৈনিক খহাই নিয়াৰ ফলত চৰটো সংকুচিত হৈ আহিছে । ইতিমধ্যে ৩০ টা পৰিয়ালৰ ঘৰ-বাৰী খহাই নিয়ে বুলি চৰবাসীয়ে জানিবলৈ দিয়ে । স্থানীয় ৰাইজে জনোৱা মতে বৰ্তমান চৰ অঞ্চলত ব্ৰহ্মপুত্ৰ নদীয়ে যিদৰে খহনীয়াৰ সৃষ্টি কৰিছে, এই ধাৰা অব্যাহত থাকিলে অচিৰেই চৰটো ব্ৰহ্মপুত্ৰৰ বুকুত যে বিলীন হ'ব সেয়া নিশ্চিত ।

উল্লেখ্য যে শেহতীয়া বানত মৰিগাঁও জিলাৰ ২৭৩ খন গাঁও বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে । ইয়াৰে মৈৰাবাৰী, লাহৰীঘাট অঞ্চলৰ ২৯ খন গাঁও বানৰ কবলত পৰাৰ ফলত প্ৰায় ৭০ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে । ইফালে ঠাই বিশেষে ব্ৰহ্মপুত্ৰ নদীয়ে গৰাখহনীয়াৰ সৃষ্টি কৰিছে । নাথ গাঁৱৰ শৈল্যবান্ধটোও খহনীয়াৰ কবলত পৰিছে । চিতলমাৰি চৰৰ আধা অংশ খহাই নিছে ব্ৰহ্মপুত্ৰই । মৈৰাবাৰী ভুৰাগাঁও লাহৰীঘাটত নিৰ্মাণ কৰা নতুন মথাউৰিলৈয়ো আহি পৰিছে ভাবুকি ।

লগতে পঢ়ক: মৰহি যোৱা শইচলৈ চাই কৃষকে টুকিছে চকুলো - Assam flood 2024

বলিয়া বানে বিঘাই বিঘাই নষ্ট কৰিলে ভোট জলকীয়াৰ খেতি - Assam flood 2024

পানীত বুৰ যোৱা ধান কেইডৰালৈ চাই হুমুনিয়াহ কৃষকৰ - Assam Flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.