ETV Bharat / state

গৈছিল বন্যাৰ্তৰ খবৰ ল’বলৈ; পিচে ৰাইজৰ খঙৰ ভকম দেখি অধোমুখে উভতিল বিধায়ক - Assam flood 2024 - ASSAM FLOOD 2024

Flood affected local people angry : বানাক্ৰান্ত ৰাইজৰ ৰোষত পৰিল বিধায়ক চক্ৰধৰ গগৈ ৷ বানাক্ৰান্ত ৰাইজে এটা সপ্তাহে কোনো ধৰণৰ বান সাহাৰ্য লাভ নকৰাত জবাবদিহি কৰিলে বিধায়কগৰাকীক ৷ কথা বিষম দেখি উক্ত স্থানৰ পৰা আঁতৰি যাবলৈ বাধ্য হ’ল বিধায়ক গগৈ ৷

Flood affected local people angry
বিধায়কৰ বিৰুদ্ধে ৰাইজৰ মনৰ ক্ষোভ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jul 9, 2024, 12:47 PM IST

মৰাণ, ৯ জুলাই : ‘‘আপুনি কিয় আহিছে ? আমাক খবৰ ল’বলৈ আহিছে, কি আনিছে ? এডাল ম’মবাতি, এটা ধূপৰ পেকেট ৷ ৰ’ৱ সেইকেইটা বস্তু মই কিনি দিওঁ, আপুনি লৈ গুচি যাওক...হ’বনে ?’’ আপুনি হয়তো ভাবিছে এয়া কি ? ধাৰাবাহিক নে নাটকৰ সংলাপ ! প্ৰকৃততে আমি উল্লেখ কৰা এয়া ধাৰাবাহিক অথবা নাটকৰ সংলাপ নহয়, এয়া হৈছে বন্যাৰ্তৰ খবৰ নোলোৱা বিধায়কৰ বিৰুদ্ধে ৰাইজৰ মনৰ ক্ষোভ ৷

বিধায়কৰ বিৰুদ্ধে ৰাইজৰ মনৰ ক্ষোভ (ETV Bharat Assam)

জানিব পৰা মতে, সোমবাৰে বিয়লি খোৱাং সমষ্টিৰ কলাখোৱা গাঁও পঞ্চায়তৰ অন্তৰ্গত দিহিং থান গাঁৱৰ বানাক্ৰান্ত ৰাইজৰ খবৰ ল'বলৈ গৈছিল বিধায়ক চক্ৰধৰ গগৈ ৷ কিন্তু দশা বেয়া আছিল বিধায়ক গগৈৰ ৷ খবৰ ল’বলৈ যোৱা ৰাইজৰ ৰোষত পৰিল বিধায়কগৰাকী । কিয়নো বানক্ৰান্ত ৰাইজে বিগত এটা সপ্তাহে কোনো ধৰণৰ বান সাহাৰ্য লাভ কৰা নাই ৷ যাৰ বাবে বন্যাৰ্তই জবাবদিহি কৰিলে বিধায়ক গগৈক ।

বিধায়কগৰাকীয়ে বানাক্ৰান্ত ৰাইজলৈ কেৱল ম’মবাতি আৰু ম’হ মৰা ধূপ লৈ যোৱাত অধিক ক্ষোভিত হৈ পৰে বানাক্ৰান্ত ৰাইজ । বানাক্ৰান্ত ৰাইজক অশেষ বুজনি দিও তেওঁ কোনো লোককে শান্ত কৰিব নোৱাৰিলে ৷ ফলত ৰাইজৰ এই ৰুদ্ৰ মূৰ্তি দেখি অঞ্চলটোৰ পৰা নিজেই আঁতৰি যাবলৈ বাধ্য হ’ল বিধায়ক চক্ৰধৰ গগৈ ৷

লগতে পঢ়ক : নিৰূপায় বন্যাৰ্ত; নাৱত আহিছে ভকত, পথৰ ওপৰতে পুত্ৰই পাতিলে পিতৃৰ আদ্যশ্ৰাদ্ধ - Assam Flood 2024

ইতিমধ্যে সকলোৰে জ্ঞাত যে, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ দৰে ডিব্ৰুগড় জিলাৰ খোৱাং আৰু দুলীয়াজান বিধানসভা সমষ্টিত এইবাৰ বানে অতি ভয়ংকৰ ৰূপ লৈছে । আজিও পানীৰ তলতে আছে ডিব্ৰুগড়ৰ কেইবা শতাধিক গাঁও । বহুতে আশ্ৰয় শিবিৰত থকাৰ লগতে একাংশ বানাক্ৰান্তই মথাউৰিত আশ্ৰয় লৈ দিন পাৰ কৰিব লগাত পৰিছে ।

ইতিমধ্যে ডিব্ৰুগড়ৰ বান পৰিস্থিতি বুজ লৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, ডিব্ৰুগড়ৰ অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে বানাক্ৰান্ত ৰাইজক সকলো ধৰণৰ সহযোগিতা কৰিবলৈ আহ্বান জনাইছে জিলা প্ৰশাসন আৰু স্থানীয় বিধায়কক ।

মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰীৰ আশ্বাসৰ পাচতো ডিব্ৰুগড়ত পানী, খাদ্য অবিহনে দিন কটাইছে বানাক্ৰান্তই । প্ৰশাসনে স্থাপন কৰা বান শিবিৰত খাদ্য সামগ্ৰীৰ অভাৱত ঘটা নাই যদিও বিভিন্ন প্ৰান্তৰত মথাউৰি আৰু ওখ স্থানত আশ্ৰয় লৈ থকা লোকসকলে বিগত এটা সপ্তাহে পোৱা নাই বান সাহায্য । ফলত ঠায়ে ঠায়ে বানাক্ৰান্তৰ ক্ষোভৰ অগনি জ্বলি উঠা দেখিবলৈ পোৱা গৈছে ।

লগতে পঢ়ক : বান পৰিস্থিতি সামান্য উন্নত: যোৱা ২৪ ঘণ্টাত ছজনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭২ লৈ বৃদ্ধি - Assam Flood 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.