ETV Bharat / state

লখিমপুৰত পাঁচজন মন্ত্রীৰ উপস্থিতিত পৃথকে পৃথকে পাঁচখন পৰ্যালোচনা সভা - Review meeting in Lakhimpur

author img

By ETV Bharat Assamese Team

Published : Jul 1, 2024, 10:41 PM IST

Lakhimpur DCs conference pospond: লখিমপুৰত অনুষ্ঠিত হ’বলগীয়া জিলা আয়ুক্তসকলৰ সন্মিলনখন ৰাজ্যৰ বান পৰিস্থিতিৰ বাবে স্থগিত ৰাখিলেও সোমবাৰৰ দিনটোত পাঁচজন মন্ত্ৰীৰ অংশগ্ৰহণেৰে পৃথক পাঁচটা স্থানত পৰ্যালোচনা সভাসমূহ অনুষ্ঠিত হৈ যায় । এই সভাসমূহত কেইবাখনো জিলাৰ আয়ুক্তসকলে অংশগ্ৰহণ কৰে ।

Lakhimpur DCs conference pospond
REVIEW MEETING IN LAKHIMPUR (ETV Bharat Assam)

লখিমপুৰ, 1 জুলাই: লখিমপুৰত পাঁচটা স্থানত জিলা আয়ুক্তৰ পৰ্যালোচনা সভা । লখিমপুৰত দুই জুলাইৰ পৰা অনুষ্ঠিত হ’বলগীয়া জিলা আয়ুক্তসকলৰ সন্মিলনখন ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ বাবে স্থগিত ৰখা হয় । আজি চৰকাৰীভাৱে এই সিদ্ধান্ত গ্ৰহণ কৰা হয় । পিচে মূল সন্মিলনখন স্থগিত ৰাখিলেও আজি লখিমপুৰত পাঁচখন পৰ্যালোচনা সভা অনুষ্ঠিত হৈ যায় ।

লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়কে ধৰি পাঁচটা স্থানত এই পৰ্যালোচনা সভাসমূহ অনুষ্ঠিত হয় । লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজন কৰা পৰ্যালোচনা সভাখনত শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিৰ জিলা আয়ুক্তসকল উপস্থিত থাকে । এই পৰ্যালোচনা সভাখনত মন্ত্ৰী কেশৱ মহন্তই অংশগ্ৰহণ কৰে ।

ইফালে জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজন কৰা পৰ্যালোচনা সভাখনত তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাট আৰু মাজুলী জিলাৰ আয়ুক্তসকলে অংশগ্ৰহণ কৰে । এইখন সভাত উপস্থিত থাকে মন্ত্ৰী জয়ন্ত মল্লবৰুৱা ।

লগতে পঢ়ক: প্ৰবল বানৰ কবলত লখিমপুৰ জিলা : স্থগিত জিলা আয়ুক্ত সন্মিলন - Assam floods 2024

নৱ নিৰ্মিত লখিমপুৰ সন্মিলন কেন্দ্ৰত আয়োজিত পৰ্যালোচনা সভাখনত কামৰূপ, কামৰূপ মেট্ৰ’, নলবাৰী, বৰপেটা, বজালী, বঙাইগাঁও, গোৱালপাৰা, ধুবুৰী, দক্ষিণ শালমৰা জিলাৰ আয়ুক্তসকলে অংশগ্ৰহণ কৰে । সভাখনত উপস্থিত থাকে মন্ত্ৰী ৰণজিৎ কুমাৰ দাস ।

লখিমপুৰ বিশ্ববিদ্যালয়ৰ সভাকক্ষত আয়োজন কৰা পৰ্যালোচনা সভাখনত নগাঁও, হোজাই, মৰিগাঁও আৰু দৰং জিলাৰ আয়ুক্তসকলে অংশগ্ৰহণ কৰে । সভাত উপস্থিত আছিল মন্ত্ৰী ডাঃ ৰণোজ পেগু ।

লগতে পঢ়ক: জি এছ টিৰ সমস্যা : তেজপুৰত ব্যৱসায়ীৰে বৈঠক দুই মন্ত্ৰী অজন্তা নেওগ-অশোক সিংহলৰ - Ajanta Neog GST Related Meet

একেদৰে নগৰৰ হোটেল মেপ'লিফৰ সভাকক্ষত আয়োজন কৰা পৰ্যালোচনা সভাখনত উপস্থিত থাকে মন্ত্ৰী বিমল বড়া । এইখন সভাত চিৰাং, কোকৰাঝাৰ, বাক্সা, তামুলপুৰ, ওদালগুৰি, ডিমা হাছাও, কাৰ্বি আলং,পশ্চিম কাৰ্বি আলং আদি জিলাৰ আয়ুক্তসকলে অংশগ্ৰহণ কৰে ।

আয়ুক্ত সকলৰ লগতে তত্বাৱধায়ক সচিব আৰু প্ৰধান সচিবেও সভাত অংশগ্ৰহণ কৰে । জিলাসমূহৰ বিভিন্ন দিশ সমূহক এই সভাত পৰ্যালোচনা কৰা হয় ।

উল্লেখ্য যে আজিৰ এই পৰ্যালোচনা সভাসমূহত জিলাসমূহৰ বিভিন্ন দিশ পৰ্যালোচনা কৰি আয়ুক্ত সন্মিলনত উপস্থাপন কৰাৰ আঁচনি আছিল । পিচে আয়ুক্ত সন্মিলন স্থগিত হোৱাত পৰ্যালোচনা সভাৰ দ্বাৰাই বিষয়সমূহ আলোচনা কৰা হয় ।

লগতে পঢ়ক: চৌদিশে বানৰ বিভীষিকা : জোনাইত দুজনৰ মৃত্যু, দেৰগাঁৱত সন্ধানহীন এজন - ASSAM FLOOD 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.